--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পাকিস্তানক আন্তঃৰাষ্ট্ৰীয় মুদ্রা নিধিয়ে (আই এম এফ) ভাৰতৰ সৈতে সম্পৰ্কৰ ক্ষেত্ৰত কঠোৰভাৱে সকীয়নি দিয়াৰ লগতে ঋণ অনুমোদন জনোৱাৰ ক্ষেত্ৰত ১১টা নতুন চর্ত বান্ধি দিয়ে। আই এম এফে পাকিস্তানক এইবুলি সকীয়াই দিয়ে যে ভাৰতৰ সৈতে যদি উত্তেজনা অধিক বৃদ্ধি পায় তেতিয়া দেশখনে ভৱিষ্যতে ঋণ পোৱাত সমস্যাৰ সন্মুখীন হ'ব পাৰে। ইয়াৰ লগতে আই এম এফে পাকিস্তানক শেহতীয়াকৈ দিয়া ঋণৰ পৰৱৰ্তী কিস্তি মুকলি কৰি দিয়াৰ ক্ষেত্ৰত ১১টা নতুন চর্ত বান্ধি দিয়ে। 

ফলত দেশখনত ঋণ দিয়াৰ ক্ষেত্ৰত আই এম এফে বান্ধি দিয়াৰ চৰ্তৰ সংখ্যা ৫০টালৈ বৃদ্ধি পালে। ভাৰতৰ সৈতে সম্পৰ্কৰ প্ৰসংগত পাকিস্তানক আই এম এফে এইবুলি সতর্ক কৰি দিয়ে যে চুবুৰীয়া দেশখনৰ সৈতে উত্তেজনা বৃদ্ধি পালে দেশখনৰ যিবিলাক আঁচনিৰ বাবে ঋণ দিয়া হৈছে সেই আঁচনিবোৰৰ বিত্তীয় বাহ্যিক আৰু সংস্কাৰৰ লক্ষ্য প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব।

পহলগামত সন্ত্রাসবাদীয়ে কৰা আক্ৰমণৰ পাছত ভাৰতৰ সৈতে বৃদ্ধি পোৱা উত্তেজনা পাকিস্তানলৈ আগবঢ়োৱা সাহায্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা বুলি আই এম এফে কয়। পাকিস্তানৰ অর্থনীতি দেউলীয়া হোৱাৰ পৰা ৰক্ষা কৰাৰ বাবে দিয়া সাহায্য আঁচনিৰ প্রথমখন পর্যালোচনা বৈঠকত কালি আই এম এফে কয় যে ভাৰতৰ সৈতে উত্তেজনা অব্যাহত থাকিলে দেশখনৰ প্ৰতিৰক্ষা বাজেট এই ঋণৰ বাবে এক বোজা হৈ পৰিব। দেশখনৰ প্ৰতিৰক্ষা বাজেট ইতিমধ্যে ১২% বৃদ্ধি হোৱাৰ পাছত ২.৪১৪ লাখ কোটি টকা (পাকিস্তানী মুদ্রাত) হৈছেগৈ।

উল্লেখযোগ্য যে পাকিস্তানে আই এম এফৰ পৰা লাভ কৰা ঋণেৰে নিজৰ প্ৰতিৰক্ষা বাজেট বৃদ্ধি কৰাৰ কথা বিবেচনা কৰি আছিল যদিও এই সতর্কবাণীয়ে দেশখনৰ এই আঁচনিত বাধাৰ সৃষ্টি কৰে। উল্লেখযোগ্য যে যোৱা ৯ মে'ত অনুষ্ঠিত আই এম এফৰ বৈঠকত পাকিস্তানক ক্লাইমেট ৰেজিলিয়েন্স প্ৰগ্ৰেমৰ বাবে ১৪০ কোটি (প্রায় ১২ হাজাৰ কোটি টকা) ডলাৰ আৰু এক্সটেন্ডেড ফাণ্ড ফেচিলিটিৰ (এ এফ এফ) অধীনত ৭০০ কোটি ডলাৰৰ ঋণ মঞ্জুৰ কৰে। অৱশ্যে ক্লাইমেট ৰেজিলিয়েন্স প্ৰগ্ৰেমৰ অধীনত পাকিস্তানে এতিয়াই ধন লাভ নকৰে। আই এম এফে দ্বিতীয় কিস্তিত ১০০ কোটি ডলাৰ দিয়াৰ কথা।

আই এম এফে পাকিস্তানক এইবুলি কয় যে দেশখনে পৰৱৰ্তী ঋণ লাভ কৰিবলৈ হ'লে ইতিমধ্যে বান্ধি দিয়া চর্তসমূহ পালন কৰিবই লাগিব। ইয়াৰ ভিতৰত এখন নতুন ১৭.৬ লাখ কোটি টকাৰ বাজেটো আছে। এই বাজেট আই এম এফে বান্ধি দিয়া চর্ত অনুসৰি প্ৰস্তুত কৰিব লাগিব আৰু সংসদৰ অনুমোদন ল'ব লাগিব। আনহাতে, দেশখনৰ চাৰিখন ৰাজ্যত কৃষিত হোৱা উপাৰ্জনত আয়কৰ আৰোপো আছে। ইয়াৰ লগতে দেশখনৰ বিদ্যুতৰ ঋণ পৰিশোধৰ বাবে বিলত উপকৰ আৰোপ কৰিব লাগিব। তিনি বছৰ পুৰণি গাড়ীৰ আমদানিত থকা নিষেধাজ্ঞা প্রত্যাহাৰ কৰিব লাগিব।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?