--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ পহলগামত পাকিস্তানী সন্ত্ৰাসবাদীয়ে ২৬ জন নিৰীহ সাধাৰণ নাগৰিকক হত্যা কৰিছিল। ইয়াৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা সৃষ্টি হয়। প্ৰতিশোধ স্বৰূপে ভাৰতীয় বায়ুসেনাই অপাৰেচন সিন্দুৰ আৰম্ভ কৰি পাকিস্তান আৰু প’ক মাটিত সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান ধ্বংস কৰি দিয়ে। পাকিস্তানেও ভাৰতক আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিল যদিও একো কৰিব নোৱাৰিলে। এতিয়া পাকিস্তানী নাগৰিকে নিজেই নিজৰ সেনা আৰু ব্যৰ্থ প্ৰতিৰক্ষা ব্যৱস্থা উদঙাই দিয়া দেখা গৈছে।

পাকিস্তানৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত এজন পাকিস্তানী নাগৰিকে কোৱা দেখা গৈছে যে, "কালি ভাৰতে আমাৰ ওপৰত ২৪টা ক্ষেপণাস্ত্ৰ আক্ৰমণ চলাইছিল... আচৰিত কথাটো হ'ল যে ২৪টা ক্ষেপণাস্ত্ৰই নিজৰ লক্ষ্যত আঘাত কৰিছিল। পাকিস্তানৰ প্ৰতিৰক্ষা ব্যৱস্থাই  ভাৰতৰ এটাও ক্ষেপণাস্ত্ৰ  ধ্বংস কৰিবলৈ সক্ষম হোৱা নাছিল। ভাৰতৰ সকলো ক্ষেপণাস্ত্ৰই নিখুঁতভাৱে লক্ষ্যত আঘাত কৰিছিল।

পাকিস্তানী নাগৰিকগৰাকীয়ে লগতে কয় যে, "আমি শুনিছো যে ইৰাণে ইজৰাইলৰ ওপৰত ২০০টা , ৩০০টা ক্ষেপণাস্ত্ৰ  পেলাইছে কিন্তু এটা ক্ষেপণাস্ত্ৰইয়েও ইজৰাইলক আঘাত কৰিব নোৱাৰিলে.. ইজৰাইলে সেইবোৰক বাধা দি আকাশতে ধ্বংস কৰি পেলালে, আনহাতে আমাৰ ইয়াৰ পৰিস্থিতি এনেকুৱা যে আমি ২৪টা ক্ষেপণাস্ত্ৰকো বাধা দিব নোৱাৰিলোঁ.. ২৪টা ক্ষেপণাস্ত্ৰই আমাৰ মূৰত পৰিল।" এতিয়া কিছুমান মানুহে ক'ব যে মই ভাৰতক প্ৰশংসা কৰিছো... কিন্তু সত্য সদায় সত্যই। আমাৰ ওপৰত মিছাইল পৰিছে... সমগ্ৰ বিশ্বই দেখিছে। আপোনালোক ধন্য হোৱা উচিত যে ভাৰতে আমাৰ সেনাবাহিনীক এতিয়াও আক্ৰমণ কৰা নাই। যদি তেওঁলোকে বিমান ঘাটি বা কোনো সেনা চাউনীত আক্ৰমণ কৰিলেহেঁতেন, তেন্তে একোৱেই বাকী নাথাকিলহেঁতেন।"


পাকিস্তানৰ প্ৰতিৰক্ষা ব্যৱস্থাক উদঙাই দিয়া পাকিস্তানী যুৱকৰ এই ভিডিঅ’ এতিয়া  ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। 





FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?