--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

নতুন দিল্লীঃ মেটাৰ মালিকাধীন হোৱাটছএপ ৰ প্ৰতিবেদনত প্ৰকাশ পাইছে গুৰুত্বপূৰ্ণ তথ্য। তথ্য প্ৰযুক্তি নিয়ম ২০২১ অনুসৰি নৱেম্বৰ মাহত ভাৰতত ১,৭৫৯,০০০ একাউণ্ট নিষিদ্ধ কৰিছে হোৱাটছএপ-এ। জানিবলৈ পোৱা মতে, দেশখনৰ পৰা একেটা মাহত ৬০২ টা অভিযোগ প্ৰতিবেদন লাভ কৰিছিল হোৱাটছএপে। এই অভিযোগৰ ৩৬টাৰ ওপৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা বুলিও জানিবলৈ পোৱা গৈছে। তথ্য প্ৰযুক্তি নিয়ম ২০২১ অনুসৰি, আমি নৱেম্বৰ মাহৰ বাবে আমাৰ ষষ্ঠ মাহিলী প্ৰতিবেদন প্ৰকাশ কৰিছো। এই প্ৰতিবেদনত অভিযোগ আৰু হোৱাটছএপৰ দ্বাৰা লোৱা সংশ্লিষ্ট পদক্ষেপৰ বিৱৰণ আছে। লগতে আমাৰ প্লেটফৰ্মৰ অপব্যৱহাৰকাৰীৰ বিৰুদ্ধে যুঁজিবলৈ হোৱাটছএপৰ নিজা প্ৰতিৰোধমূলক পদক্ষেপ আছে বুলি এক বিবৃতি যোগে জনাইছে হোৱাটছএপৰ এগৰাকী মুখপাত্ৰই। শেহতীয়া মাহেকীয়া প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, হোৱাটছএপে নৱেম্বৰ মাহত ১.৭৫ নিযুতৰো অধিক একাউণ্ট নিষিদ্ধ কৰিছে বুলি মুখপাত্ৰজনে সদৰি কৰিছে।

কেৱল অক্টোবৰ মাহতে ভাৰতত ২ নিযুতৰো অধিক একাউণ্ট নিষিদ্ধ কৰিছিল হোৱাটছএপে। ইফালে কোম্পানীটোৱে কয়, ‘বিগত বৰ্ষসমূহত আমি আমাৰ ব্যৱহাৰকাৰী সকলক আমাৰ প্লেটফৰ্ম সুৰক্ষিত ৰখাৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা আৰু অন্যান্য অত্যাধুনিক প্ৰযুক্তি, তথ্য বিজ্ঞানী ,বিশেষজ্ঞ আৰু প্ৰক্ৰিয়াত নিৰন্তৰ বিনিয়োগ কৰি আহিছো।’ আনহাতে, মেটাৰ মতে, ফটো শ্বেয়াৰিং প্লেটফৰ্ম ইনষ্টাগ্ৰামে একেটা সময়তে সক্ৰিয়ভাৱে ১২ টা শ্ৰেণীৰ ৩.২ নিযুততকৈও অধিক একাউণ্টৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে। বিগত বৰ্ষৰ মে’ মাহত কাৰ্যকৰী হোৱা নতুন তথ্য প্ৰযুক্তি নিয়ম অনুসৰি প্ৰতিমাহে প্ৰতিবেদন প্ৰকাশ কৰিবলৈ বৃহৎ ডিজিটেল প্লেটফৰ্মৰ প্ৰয়োজন, প্ৰাপ্ত অভিযোগৰ বিৱৰণ আৰু লোৱা পদক্ষেপৰ বিষয়ে উল্লেখ কৰাৰ উপৰি নিজৰ কামত অধিক স্বচ্ছতা আনিবলৈ ব্যৱস্থা অব্যাহত ৰাখিম আৰু ভৱিষ্যতৰ প্ৰতিবেদনত আমাৰ প্ৰচেষ্টাৰ বিষয়ে অধিক তথ্য অন্তৰ্ভুক্ত কৰিম বুলিও হোৱাটছএপে সদৰি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?