--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ ভোটাৰক প্ৰভাৱিত কৰিবলৈ আমেৰিকাৰ ২ কোটি ডলাৰৰ পুঁজি বন্ধ কৰাৰ সিদ্ধান্তৰ পক্ষ লয়। ভাৰতৰ দৰে দেশক এনে সাহায্য দিয়াৰ প্ৰয়োজনীয়তাক লৈ তেওঁ প্ৰশ্ন উত্থাপন কৰে।

ড’নাল্ড ট্ৰাম্পে কয় যে ‘‘আমি কিয় ভাৰতক ২ কোটি ডলাৰ দিম? ভাৰতৰ বহুত টকা আছে। বিশ্বৰ সৰ্বাধিক কৰ সংগ্ৰাহক দেশসমূহৰ ভিতৰত ভাৰত অন্যতম। তেওঁলোকৰ শুল্কও অতি বেছি। মই ভাৰত আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীক বহুত সন্মান কৰো কিন্তু ভোটাৰৰ ভোটদানৰ বাবে ২ কোটি টকা কিয় দিব লাগে?’’

উল্লেখ্য যে ১৬ ফেব্ৰুৱাৰীত ইলন মাস্কৰ নেতৃত্বত DOGEয়ে বিভিন্ন দেশলৈ পুঁজি দিয়া বন্ধ কৰাৰ কথা ঘোষণা কৰিছিল, য’ত ভাৰতত ভোটদানৰ প্ৰসাৰৰ বাবেও ২ কোটি ডলাৰৰ ধনৰাশি অন্তৰ্ভুক্ত কৰা হৈছিল। DOGEয়ে কৈছিল যে ভাৰতত ভোটদানৰ শতকৰা হাৰ বৃদ্ধিৰ বাবে আমেৰিকাই কৰা ২ কোটি ডলাৰৰ কাৰ্যসূচী কৰ্তন কৰাৰ সিদ্ধান্ত লৈছে।

আচলতে আমেৰিকাই ভাৰতত নিৰ্বাচনৰ সময়ত ভোটাৰৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবে ২ কোটি ডলাৰ দিছিল। কিন্তু এতিয়া ভাৰতে এই পুঁজি নাপাব।

ভাৰতৰ বৰ্ধিত শুল্ক সন্দৰ্ভত ট্ৰাম্পে বহুবাৰ বক্তব্য দিছে। তেওঁ কৈছে যে যিবোৰ দেশত সৰ্বাধিক শুল্ক আছে সেইবোৰ দেশৰ ভিতৰত ভাৰত অন্যতম।

DOGE কি?

DOGE কি আৰু ট্ৰাম্পৰ এই নতুন বিভাগটোৰ নাম ক’ৰ পৰা আহিছে? আচলতে Dogecoin এটা জনপ্ৰিয় ক্ৰিপ্টোকাৰেন্সী আৰু ইয়াৰ সৃষ্টি হৈছিল ২০১৩ চনত। ২০১৩ চনত বিলি মাৰ্কাছ আৰু জেকচন পামৰে Dogecoin মুকলি কৰিছিল। তাত Shiba Inu কুকুৰৰ ফটো আছে।

আমোদজনক কথাটো হ’ল যে Dogecoin বিটকইন আৰু অন্যান্য ক্ৰিপ্টোকাৰেন্সীক উপহাস কৰিবলৈ সৃষ্টি কৰা হৈছিল যদিও এই ক্ৰিপ্টোকাৰেন্সী ২০২১ চনত আলোচনাৰ মাজলৈ আহিছিল। ই আলোচনালৈ অহাৰ কাৰণ আছিল ইলন মাস্ক।

এই মুদ্ৰাৰ বিষয়ে তেওঁ টুইট কৰিবলৈ আৰম্ভ কৰিলে আৰু মানুহে ইয়াৰ প্ৰতি মনোযোগ দিবলৈ আৰম্ভ কৰিলে। Dogecoin ৰ ল'গ'টোৰ নাম Doge। ইয়াৰ মিমবোৰ ভাইৰেল হোৱাৰ পিছত ক্ৰিপ্টোকাৰেন্সীৰ প্ৰতি মানুহৰ আগ্ৰহ বৃদ্ধি পালে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?