--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ শুল্ক যুদ্ধই শ্বেয়াৰ বজাৰত সৃষ্টি কৰা ধুমুহাৰ পাছত মঙলবাৰে পৰিস্থিতি বহুখিনি উন্নত হয়। হতাশাৰ পাছত বিনিয়োগকাৰীৰ মুখত হাঁহি বিৰিঙি উঠিছে। ব্লেক মানডে'ৰ পাছত মঙলবাৰে ভাৰতীয় শ্বেয়াৰ বজাৰত কোনো ধৰণৰ অমংগল নহ'ল। ব'ম্বে ষ্টক এক্সচেঞ্জৰ সূচকাংক ছেনছেক্স আৰু ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জৰ সূচকাংক নিফটি ভালেখিনি পইন্ট ঊর্ধ্বমুখী হয়।

বজাৰৰ লেনদেন চলি থকাৰ অৱস্থাত এটা সময়ত ছেনছেক্স ১৭০০ পইণ্টতকৈ অধিক ওপৰলৈ উঠিছিল। অৱশ্যে বজাৰৰ লেনদেন বন্ধ হোৱাৰ সময়ত ছেনছেক্স ১১৩৫ পইন্ট ঊর্ধ্বগামী হৈ ৭৪২০০ পইন্ট হয়গৈ। আনহাতে নিফটি ৩৭৪ পইন্ট ঊর্ধ্বগামী হৈ লেনদেন সামৰাৰ পৰত ২২,৫৩৫ পইন্ট হয়গৈ। ছেনছেক্সৰ তালিকাভুক্ত ৩০টা শ্বেয়াৰৰ ভিতৰত ২৯টাক শ্বেয়াৰৰ চাহিদা তথা মূল্য বৃদ্ধি পায়। শ্বেয়াৰ মূল্য সৰ্বাধিক হাৰত ঊর্ধ্বমুখী হোৱা দেখা যায় টাটা গ্ৰুপৰ কোম্পানী টাইটানৰ। টাইটান, বাজাজ ফাইনেন্স আৰু এছ বি আইৰ শ্বেয়াৰ মূল্য আজি ৩%তকৈ অধিক বৃদ্ধি পায়। 

ইফালে মঙলবাৰে শ্বেয়াৰ বজাৰত হোৱা উত্থানৰ ফলত বিনিয়োগকাৰীৰ প্ৰায় ৭.৫০ লাখ কোটি টকা লাভ হয়। সোমবাৰে শ্বেয়াৰ বজাৰত হোৱা বৃহৎ পতনৰ ফলত বিনিয়োগকাৰীৰ প্ৰায় ২০ লাখ কোটি টকা লোকচান হৈছিল। মন কৰিবলগীয়া যে ট্রাম্পৰ শুল্ক যুদ্ধৰ চলিত মাহৰ প্ৰথম সাত দিনত বিনিয়োগকাৰীয়ে প্রায় ২৪ লাখ কোটি টকা হেৰুৱায়। ইফালে এছিয়াৰ বজাৰতো মঙলাবাৰে বিনিয়োগকাৰীৰ মাজত উৎসাহ দেখা পোৱা যায়। জাপানৰ সূচকাংক নিক্কেই প্রায় ৬% ঊর্ধ্বমুখী হৈ বন্ধ হয়। হংকঙৰ হেনছেঙো ১.৫১% উত্থান হয়।

উৎস- দৈনিক জনমভূমি 
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?