--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভাৰতৰ কেইবাখনো ৰাজ্যত কভিড-১৯ৰ সংক্রমণ বৃদ্ধি পাইছে। দক্ষিণৰ ৰাজ্যসমূহ কেৰালা, তামিলনাডু আৰু কৰ্ণাটকৰ লগতে দিল্লীতো কভিড ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। শেহতীয়া দিনসমূহত গুজৰাট আৰু মহাৰাষ্ট্ৰতো কভিড-১৯ৰ সংক্ৰমণ বৃদ্ধি পাইছে। 

বহুকেইখন ৰাজ্যৰ স্বাস্থ্য বিভাগে ৰাজ্যসমূহত হস্পিটেলৰ বিছনা, অক্সিজেন আৰু ভেকচিন আদি সাজু ৰাখিছে। পৰিস্থিতি অৱনতি হ'লে যিকোনো বিষয়ৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈছে ৰাজ্যসমূহ। 

১৯ মে' পর্যন্ত ভাৰতত কভিড-১৯ত আক্রান্ত ২৫৭জন ৰোগীক চিনাক্ত কৰা হৈছে। স্বাস্থ্য মন্ত্রালয়ে প্রকাশ কৰা অনুসৰি, বহুতো ৰোগীৰ লক্ষণ গুৰুতৰ নহয় আৰু তেওঁলোকক হস্পিটেলত ভর্তি কৰোৱাৰ প্রয়োজন হোৱা নাই। অৱশ্যে শেহতীয়া দিনবোৰত কেৰালা, তামিলনাডু আৰু কৰ্ণাটকত কভিড ৰোগীৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পাইছে। 

কেৰালাত ৬৯জন, মহাৰাষ্ট্ৰত ৪৪জন, তামিলনাডুত ৩৪জন, কর্ণাটকত ৮জন, গুজৰাটত ৬জন আৰু দিল্লীত ৩জন কভিড ৰোগীক চিনাক্ত কৰা হৈছে ১৯ মে' তাৰিখলৈকে। ইফালে, কেন্দ্রীয় স্বাস্থ্য সচিব পুণ্য চালিলা শ্রীবাস্তৱে শনিবাৰে কভিড ৰোগী বৃদ্ধি হোৱা ৰাজ্যসমূহৰ পৰিস্থিতিৰ বিষয়ত পর্যালোচনা কৰে।


উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?