--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ৱাশ্বিংটন: ক’ভিড-১৯ মহামাৰীয়ে সমগ্ৰ মানৱকুলৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাইছে। দেশৰ শিশু-বৃদ্ধা কোনোৱে এই মহাপ্ৰলয়ৰ পৰা সাৰি যোৱা নাই। দেশৰ সমাজব্যৱস্থাত প্ৰভাৱ পৰাৰ লগতে অৰ্থনীতিও নিম্নগামী হোৱা দেখা গৈছে। শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৱেষকৰ এটা গোটে চলোৱা অধ্যয়নত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য। ক’ভিড-১৯ মহামাৰীৰ বাবে দেশজুৰি বলবৎ হোৱা লকডাউনে মহিলাৰ পুষ্টিৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাইছে বুলি গৱেষকসকলে জানিবলৈ দিছে। উত্তৰ-প্ৰদেশৰ মহাৰাজগঞ্জ, বিহাৰৰ মুংগেৰ, উড়িশাৰ কন্ধমাল আৰু কালাহাণ্ডিৰ ৪খন অৰ্থনৈতিকভাৱে পিছপৰা জিলাত টাটা-কৰ্নেল ইনষ্টিটিউট ফ’ৰ এগ্ৰিকালচাৰ এণ্ড নিউট্ৰিশ্যনৰ অধ্যয়নে মে’, ২০১৯-ৰ তুলনাত মে’, ২০২০ত ঘৰুৱা খাদ্যৰ ব্যয় আৰু মহিলাৰ আহাৰৰ বৈচিত্ৰতা হ্ৰাস পোৱা বুলি সদৰী কৰিছে।

বিশেষ ৰাজহুৱা বিতৰণ প্ৰণালী (পিডিএছ, অংগনৱাড়ীৰ পৰা প্ৰত্যক্ষ লাভালাভ স্থানান্তৰ আৰু ৰেচন ক্ৰমান্বয়ে ৮০শতাংশ, ৫০শতাংশ আৰু ৩০শতাংশ জৰীপ কৰা পৰিয়ালতো এনে ঘটনা সংঘটিত হোৱাতো চিন্তাৰ বিষয় হিচাপে পৰিগণিত হৈছে। ইক’নমিকা পলিটিকা আলোচনীৰ শেহতীয়া সংখ্যাত প্ৰকাশ পোৱা মতে, ‘অৰ্থনৈতিক আঘাতৰ বাবে মহিলাৰ দুৰ্বলতা, নেট কাৰ্যসূচীৰ প্ৰভাৱ, বিভিন্ন পুষ্টিকৰ খাদ্যৰ প্ৰৱেশাধিকাৰ আৰু উপলব্ধতাৰ সীমিত বজাৰে শৰীৰত ব্যাপক প্ৰভাৱ পেলায়।’ টিচিআই-ৰ গৱেষণা অৰ্থনীতিবিদ সৌম্য গুপ্তাই টিচিআই-ৰ সঞ্চালক প্ৰভু পিঙ্গালীৰ সৈতে কৰা যুটীয়া অধ্যয়নত কোৱা আৰু কোৱা হৈছে যে, ‘মহামাৰীৰ আগেয়ে মহিলাৰ আহাৰত বিভিন্ন খাদ্যৰ অভাৱ আছিল, কিন্তু ক’ভিড-১৯ মহামাৰীয়ে পৰিস্থিতি অধিক তীব্ৰ কৰি তুলিছে।’
আমেৰিকা গৱেষকৰ এনে তথ্যই উদ্বিগ্ন কৰি তুলিছে দেশৰ সচেতন মহলক। এফালে দেশৰ নিম্নগামী অৰ্থনীতি আনফালে অভাৱনীয় মূল্যবৃদ্ধিয়ে স্বাভাৱিক জনজীৱন কোঙা কৰি পেলাইছে। ইয়াৰ মাজতে স্বাস্থ্য সুৰক্ষাজনিত দিশটোৰ সৈতে দেশে কিদৰে ফেৰ মাৰিব, সেয়াহে হ’ব লক্ষ্যণীয় বিষয়!

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?