--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভেন্দি(Lady finger)এবিধ জনপ্ৰিয় পাচলি। ভেন্দি বহু লোকেই খাই ভালপায় আৰু কিছুমানে বেয়া পায় ইয়াৰ বিজলুৱা গুণটোৰ বাবে। ভেন্দি ভাজি বা দাইলত দিও খাব পাৰি। ভেন্দিৰ বহুতো উপকাৰিতা আছে। ভেন্দি তিয়াই ৰখা পানী খালে মানুহৰ শৰীৰ যথেষ্ট স্বাস্থ্যৱান হৈ উঠে। 

ভেন্দি খালে কলেষ্টেৰল আৰু ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰাত সহায়ক হয়, আনহাতে যেতিয়া আপুনি ইয়াৰ পানী সেৱন কৰিব তেতিয়া আপুনি আচৰিত ধৰণৰ উপকাৰ পাব। ইয়াৰ বাবে প্ৰথমে আপুনি দুটা ভেন্দি ডোখৰ ডোখৰকৈ কাটি এটা আইনাৰ গিলাচৰ পানীত ৰাতিটো ডুবাই ৰাখক। গিলাচটো ঢাকি থব৷ পুৱা চেকি লোৱা পানীখিনি খালি পেটত খাব৷ এনে কৰিলে আপুনি বহুতো সুফল লাভ কৰিব।গতিকে জানো আহক ভেন্দি পানীৰ কি কি উপকাৰিতা আছে।


১)ৰক্তহীনতা দূৰ হ’বঃ যদি আপুনি ভেন্দি পানী সেৱন কৰে তেন্তে শৰীৰত তেজৰ অভাৱ দূৰ হ’ব। আচলতে ভেন্দিত প্ৰচুৰ পৰিমাণে আইৰণ থাকে, যাৰ বাবে হিম’গ্লবিন বৃদ্ধি পায়। হিম’গ্লবিন বৃদ্ধি হ’লে এনিমিয়াৰ অভাৱ দূৰ হয়।

২)ওজন নিয়ন্ত্ৰণত সহায় কৰেঃ যিয়ে ওজন কমাবলৈ চেষ্টা কৰি আছে, তেওঁলোকেও ভেন্দি পানী ব্যৱহাৰ কৰিব পাৰে। ভেন্দিত যথেষ্ট পৰিমাণে আঁহ থাকে। ইয়াৰ পানী খোৱাৰ লগে লগে বিপাকীয় ক্ৰিয়া ঠিকেই থাকিব যাৰ ফলত ওজন নিয়ন্ত্ৰণ হ’ব।


৩)পেটৰ বাবেও উপকাৰীঃ কোষ্ঠকাঠিন্যৰ সমস্যা বা শৌচ কৰোতে কষ্ট পোৱা মানুহৰ বাবে ভেন্দি পানী অতি সহায়ক। অৰ্থাৎ যি লোকৰ পেটৰ অৱস্থা ভাল নহয় তেওঁলোকে নিশ্চিতভাৱে ভেন্দি পানী সেৱন কৰা উচিত। ই আপোনাক নিশ্চয়কৈ সহায় কৰিব। ইয়াত থকা আঁহে পেট পৰিষ্কাৰ কৰাত সহায় কৰে।

৪)চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰেঃ চকুৰ দৃষ্টিশক্তি বৃদ্ধিৰ ক্ষেত্ৰতো ভেন্দি অতি উপকাৰী। ভেন্দিত ভিটামিন এ আৰু বিটা কেৰটিন প্ৰচুৰ পৰিমাণে থাকে, যিয়ে চকুৰ দৃষ্টিশক্তি বৃদ্ধিৰ কাম কৰে। চকুৰ সমস্যা থকা লোকসকলে ভেন্দি পানী খালে সুফল লাভ কৰিব।

৫)হৃদযন্ত্ৰ সুৰক্ষিত কৰেঃ ভেন্দি পানীয়ে হৃদযন্ত্ৰ সুৰক্ষিত কৰে। ইয়াত থকা এন্টিঅক্সিডেন্টসমূহে হৃদৰোগৰ পৰা সুৰক্ষা দিয়ে৷ ভেন্দিয়ে অপকাৰী ক'লেষ্টৰল কমাই শৰীৰক ষ্ট্ৰ'কৰ পৰা সুৰক্ষা দিয়ে৷ 

 
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?