--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আকাশৰ অতুলনীয় সৌন্দৰ্য আৰু সীমাহীন ৰহস্যই মানুহক সদায় আকৰ্ষিত কৰি আহিছে৷ এনে লাগে আকাশৰ বিশালতাৰ তুলনাত আমাৰ ভৌতিক অৱস্থিতিৰ কি গুৰুত্ব আছে? ব্ৰহ্মাণ্ডৰ তুলনাত মানুহ অস্তিত্ব নগণ্য যদিও মানুহে কল্পনাৰ সীমা অতিক্ৰম কৰি বাস্তৱতে ব্ৰহ্মাণ্ডৰ বিভিন্ন ঘটনা-পৰিঘটনাৰ পৰ্যবেক্ষণ কৰি ইয়াক অধিক প্ৰাসংগিক কৰি তুলিছে।বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ এই যুগত চলি আছে গৱেষণা। গৱেষকৰ তীক্ষ্ণ দৃষ্টিত সন্ধান ওলাইছে নিত্য নতুন সৃষ্টিৰ। বিজ্ঞানৰ এই গতিশীলতাই আমাৰ সমাজখনকো প্ৰদান কৰিছে অন্য গতি। ফলস্বৰূপে, বিজ্ঞানক লৈ কৌতুহলৰো অন্ত নাই মানুহৰ মাজত। কোনো ভিন্নগ্ৰহত প্ৰাণীৰ অৱস্থিতি আছে নে নাই তাক লৈয়ো অন্তহীন কৌতুহল মানুহৰ মনত ক্ৰিয়া কৰি থকা দেখা যায়। শেহতীয়াকৈ, প্ৰকাশ পাইছে আশ্চৰ্যকৰ তথ্য। 

ভিন্নগ্ৰহী প্ৰাণীৰ সৈতে যোগাযোগ স্থাপনৰ বাবে আধুনিক বৈজ্ঞানিক পদ্ধতি উদ্ভাৱন কৰিছে বিজ্ঞানীসকলে। নাছাৰ জেট প্ৰ’পালছন গৱেষণাগাৰৰ বিজ্ঞানী জ’নাথন জিয়াং আৰু তেওঁৰ সহকৰ্মী বিজ্ঞামীসকলে ‘বিকন ইন দ্য গেলেক্সী’ গৱেষণা-পত্ৰত ভিন্নগ্ৰহী প্ৰাণীৰ সৈতে যোগাযোগ স্থাপনৰ আধুনিক পদ্ধতিৰ কথা ব্যখ্যা কৰিছে। 

ইয়াৰোপৰি, গৱেষণা-পত্ৰত মাধ্যাকৰ্ষণ শক্তিৰ ৰূপায়ন, ডিএনএৰ গঠন আৰু পিক্সলেৰ মাধ্যমত পুৰুষ তথা মহিলাৰ নগ্ন ছবি কিদৰে প্ৰকাশ কৰিব পৰা যায় তাৰো বৰ্ণনা কৰা হৈছে। ইফালে জ’নাথনে, বাইনাৰী ডিজিট অৰ্থাত্‍ ০ আৰু ১ সংখ্যা দুটা ব্যৱহাৰ কৰি ভিন্নগ্ৰহত বসবাস কৰাসকলৰ সৈতে সম্বন্ধ স্থাপন কৰিব পৰাটো সম্ভৱপৰ বুলি সদৰী কৰিছে। তেওঁৰ মতে, মানুহৰ নগ্ন ছবি মহাকাশলৈ প্ৰেৰণ কৰি ভিন্নগ্ৰহীসকলক আকৰ্ষিত কৰাৰ চেষ্টা কৰিব পাৰে বিজ্ঞানীসকলে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?