--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানৱ শৰীৰক সুস্থ আৰু সবল কৰি ৰাখিবলৈ উপযুক্ত পুষ্টি লাভ কৰাটো অতি প্ৰয়োজনীয়। সঠিক পুষ্টিৰ বাবে সুষম পৰিমাণৰ প্ৰটিন, কেলচিয়াম, ভিটামিন, খনিজ পদাৰ্থ, কাৰ্বহাইড্ৰেট আৰু চৰ্বি গুৰুত্বপূৰ্ণ। ইয়াৰ উপৰিও এনে কিছুমান পুষ্টিকৰ উপাদান আছে যিবোৰ আমি কেৱল খাদ্যৰ জৰিয়তে নহয়, সূৰ্য্যৰ ৰশ্মিৰ দ্বাৰাও পাওঁ। 

আমি ভিটামিন ডিৰ কথা কৈছোঁ। আজিকালি বহু কাৰণত শৰীৰে পৰ্যাপ্ত পৰিমাণে ভিটামিন ডি নাপায়। ভিটামিন ডিৰ অভাৱৰ বাবে শৰীৰত কেলচিয়াম সঠিকভাৱে শোষণ নহয় আৰু হাড় দুৰ্বল হৈ পৰে। ইয়াৰ বাবে গাঁঠিৰ বিষো হ’ব পাৰে। ভিটামিন ডিৰ অভাৱত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু ৰক্তচাপতো প্ৰভাৱ পৰিব পাৰে।

বৰষুণৰ দিনত সূৰ্যৰ পোহৰৰ অভাৱৰ বাবে সূৰ্যৰ ৰশ্মিৰ জৰিয়তে ভিটামিন ডি পোৱাৰ সম্ভাৱনা কিছু কমি যায়।  গতিকে আমি আপোনালোকক কিছুমান খাদ্যৰ বিষয়ে জনাইছো যিবোৰত ভিটামিন ডি থাকে। যদি আপুনি আপোনাৰ শৰীৰত ভিটামিন ডিৰ অভাৱ হোৱাটো নিবিচাৰে, তেন্তে ইয়াক আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰাটো উপকাৰী হ’ব।

ভিটামিন ডি সমৃদ্ধ খাদ্য

মাছ

যদি আপুনি আমিষভোজী তেন্তে ভিটামিন ডিৰ অভাৱ পূৰণৰ বাবে মাছ এক উৎকৃষ্ট উৎস। বিশেষকৈ ছালমন আৰু টুনা মাছত ভিটামিন ডি বৃহৎ পৰিমাণে পোৱা যায়। অৱশ্যে আন প্ৰজাতিৰ মাছতো প্ৰচুৰ পৰিমাণে ভিটামিন ডি পোৱা যায়।  যদি আপুনি ভিটামিন ডিৰ অভাৱত ভুগি আছে তেন্তে মাছক দৈনন্দিন খাদ্যৰ অংশ কৰি ইয়াৰ অভাৱ দূৰ কৰিব পাৰে।


কণী

কণী কেৱল প্ৰটিন আৰু কেলচিয়ামৰ উত্তম উৎস নহয়, ইয়াৰ পৰা ভিটামিন ডিও লাভ কৰিব পাৰি। কণীত থকা ভিটামিন ডিৰ সঠিক সুবিধা পাবলৈ হ’লে ফ্ৰীজৰ পৰিৱৰ্তে কোঠাৰ সাধাৰণ উষ্ণতাত ৰখাটো গুৰুত্বপূৰ্ণ। লগতে সিজোৱা কণী খালে ভাল।

গাখীৰ

নিৰামিষভোজী হ’লেও চিন্তাৰ কোনো প্ৰয়োজন নাই, গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীৰ জৰিয়তে শৰীৰত থকা ভিটামিন ডিৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰিব। এক কাপ গাখীৰে আপোনাৰ শৰীৰত ভিটামিন ডিৰ ১৫.৫ শতাংশ অভাৱ পূৰণ কৰে। ইয়াৰ উপৰিও পনীৰ, দৈ আৰু টফুৰ দৰে গাখীৰৰ সামগ্ৰীও ভিটামিন ডিৰ সমৃদ্ধ উৎস।

মাছৰুম

আপুনি আমিষ আৰু দুগ্ধজাত সামগ্ৰীৰ পৰা দূৰত্ব বজাই ৰাখিলেও চিন্তাৰ প্ৰয়োজন নাই। ভিটামিন ডিৰ অভাৱ দূৰ কৰিবলৈ বহুতো নিৰামিষ বিকল্পও উপলব্ধ। ইয়াৰ ভিতৰত মাছৰুম আটাইতকৈ প্ৰধান। মাছৰুম সম্পূৰ্ণ নিৰামিষ খাদ্য আৰু ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন ডি থাকে। 

ভেগান মিল্ক

যদি আপুনি গৰু বা ম’হৰ গাখীৰ পৰিহাৰ কৰে তেন্তে আপোনাৰ বাবে বহু ধৰণৰ ভেগান গাখীৰও উপলব্ধ যিবোৰ ভিটামিন ডিৰ উৎকৃষ্ট উৎস।  ভিটামিন ডিৰ লগতে এই ভেগান গাখীৰত অধিক পৰিমাণৰ কেলচিয়াম আৰু প্ৰটিন থাকে।

ভিটামিন ডি থকা শাক-পাচলি আৰু ফল

আমাৰ দৈনন্দিন খাদ্যত অন্তৰ্ভুক্ত হোৱা শাক-পাচলি আৰু ফল-মূলতো ভিটামিন ডি পোৱা যায়। শাক-পাচলিৰ কথা ক’বলৈ গ’লে ব্ৰকলি, ছজিনা, পালেং, কেৰেলা, জাতিলাও, ভেণ্ডী, ৰঙালাও এনেকুৱা শাক-পাচলি যিবোৰত ভিটামিন ডি থাকে।

এভোকেডো, কমলা, কিৱি, কল, অমিতা, মধুৰী আৰু তৰমুজৰ দৰে ফল-মূলত ভিটামিন ডি থাকে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?