হাফলং : ভোটাৰ আছিল ৯০গৰাকী। কিন্তু ভোট পৰিল ১৭১টা। এটা ভোটকেন্দ্ৰৰ এই আজৱ ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে। ভোটকেন্দ্ৰটো অসমৰে ডিমা হাছাও জিলাৰ।
আৰু পঢ়িব পাৰিব : ৰাজ্যত পুনৰ অমানৱীয় কাণ্ডঃ দলবদ্ধ ধৰ্ষণ!
অসম বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত অৰ্থাৎ ১ এপ্ৰিলৰ দিনা হাফলং সমষ্টিৰ এই ভোটকেন্দ্ৰটোতো ভোটগ্ৰহণ কৰা হৈছিল। কিন্তু তাতেই এই গুৰুতৰ বিসংগতি ধৰা পৰে। ২ এপ্ৰিলত জিলা নিৰ্বাচনী বিষয়াই বুথটোৰ পাঁচজনকৈ বিষয়াক নিলম্বিত কৰিছে। ১০৭ (ক)নং খোটলিৰ প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰত এই বিশৃংখলাৰ সৃষ্টি হৈছিল।
আৰু পঢ়িব পাৰিব : ৰাফেল : ডছাল্টে কোন মধ্যভোগীক দিছিল ১ নিযুত ইউৰো?
জিলা নিৰ্বাচনী বিষয়াই ২ এপ্ৰিলতে বিষয়া পাঁচজনক নিলম্বনৰ নিৰ্দেশ দিছিল যদিও শেহতীয়াকৈহে এই ঘটনা পোহৰলৈ আহিছে। ৯০গৰাকী ভোটাৰ থকা কেন্দ্ৰটোত কিদেৰ ১৭১গৰাকীয়ে ভোটদান কৰিলে সেয়া সন্দেহৰ আৱৰ্ততে ৰৈ গৈছে।