--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ৱাশ্বিংটনঃ ক’ভিড-১৯ৰ ডেল্টা প্ৰকাৰ ইতিমধ্যে ১২৪খন দেশলৈ বিয়পি পৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰতো শেহতীয়াকৈ ডেল্টা প্ৰকাৰে ত্ৰাসৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। কৰ’না মহামাৰী নিৰ্মূলৰ বাবে টিকাকৰণকে সমগ্ৰ বিশ্বই প্ৰধান অস্ত্ৰ হিচাপে গ্ৰহণ কৰিছে। বিশ্বৰ বিভিন্ন প্ৰান্তত এতিয়াও টিকাকৰণ প্ৰক্ৰিয়া জাৰি আছে। বিশ্বৰ আগশাৰীৰ দেশ আমেৰিকা যুক্তৰাষ্ট্ৰৰো নাজল-নাথল অৱস্থা। এনে পৰিপ্ৰেক্ষিতত শীৰ্ষ ৰোগ বিশেষজ্ঞ এন্থনী ফাউচিৰ বিস্ফোৰক মন্তব্য। সমগ্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰত টিকাকৰণ নোহোৱা লোকসকলৰ মাজত ক’ভিড-১৯ ৰ ঘটনা, মৃত্যুৰ হাৰ আৰু চিকিৎসালয়ত ভৰ্তি হোৱাৰ ঘটনা বৃদ্ধি হৈ থকাৰ মূলতঃ দেশখন ভুল দিশে অগ্ৰসৰ হোৱা বুলি সংবাদমাধ্যমৰ আগত ফাউচিয়ে সদৰী কৰিছে।

লগতে তেওঁ কয়, ‘ ক’ভিড প্ৰতিষেধক গ্ৰহণ নকৰাসকলহে নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে। যিহেতু আমাৰ দেশৰ ৫০ শতাংশ লোকক সম্পূৰ্ণৰূপে টিকাকৰণ কৰা হোৱা নাই, সেয়া এক জটিল সমস্যাৰূপে দেখা দিছে। ক’ভিড প্ৰতিষেধক গ্ৰহণ নকৰা সৰহভাগ লোকৰ মৃত্যু হ’ব পাৰে।’ ক’ভিড প্ৰতিষেধক নোলোৱাসকলক অতিশীঘ্ৰে প্ৰতিষেধক গ্ৰহণৰো অনুৰোধ জনাইছে ফাউচিয়ে। ক’ভিড সংক্ৰমণৰ পৰা হাত সাৰিবলৈ তথা কৰ’না মহামাৰী নিয়ন্ত্ৰণৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰক ব্যাপক হাৰত টিকাকৰণ কৰিবলৈ আহ্বান জনাইছে বিশ্বৰ অভিজ্ঞ স্বাস্থ্য বিষয়াসকলে। জনছ হ’পকিন্স বিশ্ববিদ্যালয়ৰ তথ্য অনুসৰি, আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিখন ৰাজ্যই বিগত সপ্তাহতকৈ ২৩জুলাইৰ পাছত ব্যাপক হাৰত কৰ’নাক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। ইফালে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰৰ (চিডিচি) মতে, ৩০খন ৰাজ্যই এতিয়াও তেওঁলোকৰ প্ৰায় ৫০শতাংশ নাগৰিকক টিকাকৰণ কৰিবলৈ বাকী আছে বুলি জানিবলৈ দিছে। পৰৱৰ্তী সময়ত আমেৰিকাই কৰ’নাৰ প্ৰত্যাহ্বানক কিদৰে প্ৰতিহত কৰে, সেয়াহে হ’ব লক্ষ্যণীয়!

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?