--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : শ্ৰীমদ্ভ ভাগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণৰ বহুতো উপদেশৰ কথা বৰ্ণনা কৰা হৈছে। গীতাৰ এই শিক্ষাসমূহ মহাভাৰতৰ যুদ্ধৰ সময়ত অৰ্জুনক শ্ৰীকৃষ্ণই দিছিল। গীতাত দিয়া শিক্ষা আজিও সমানেই প্ৰাসংগিক আৰু সঠিক জীৱন-যাপনৰ পথ প্ৰদৰ্শক। গীতাৰ কথা গ্রহণ কৰি জীৱনত এজন ব্যক্তিয়ে বহুতো অগ্ৰগতি লাভ কৰে। গীতা একমাত্ৰ শাস্ত্ৰ যিয়ে মানুহক সঠিকভাৱে জীৱন-যাপন কৰিবলৈ শিক্ষা প্ৰদান কৰে। গীতাই জীৱনত ধৰ্ম, কৰ্ম আৰু প্ৰেমৰ পাঠ শিকায়। গীতাত শ্ৰীকৃষ্ণই জীৱনত কিয় সমস্যাৰ সৃষ্টি হয় আৰু ইয়াৰ সমাধান কি তাক সুন্দৰকৈ ব্যাখ্যা দাঙি ধৰিছে।

প্ৰেমে জীৱনত শান্তি আনে-
* শ্ৰীকৃষ্ণই গীতাত কৈছে যে বেয়া কাম মনত বোজা থকাৰ দৰে, সেয়া সদায় মনত ৰখা উচিত। গতিকে সদায় বেয়া চিন্তাৰ পৰা মনটো আঁতৰাই ভাল চিন্তাৰে নিজকে প্ৰতিস্থাপন কৰক।

* গীতাত উল্লেখ আছে যে প্ৰতিজন লোকৰে জীৱনটো এটা নিৰ্দিষ্ট সময় বাবেহে, সেয়েহে তেওঁ আনৰ সমালোচনা কৰি নষ্ট কৰিব নালাগে।

* গীতাৰ মতে প্ৰতিজন ব্যক্তিয়ে চিন্তা-চৰ্চা কৰি নিজৰ কৰ্ম কৰিব লাগে কাৰণ ভৱিষ্যতে আমি নিজৰ কৰ্ম অনুযায়ী পৰিণাম ভোগ কৰিব লাগিব। 




* শ্ৰীকৃষ্ণই কৈছে যে এই জীৱনৰ আধাৰ প্ৰেম। যিজনৰ জীৱনত প্ৰেম আছে তেওঁৰ জীৱনত শান্তি আছে কাৰণ শান্তি কেৱল প্ৰেমতহে পোৱা যায়।

* গীতাৰ মতে জীৱনত একমাত্ৰ সমস্যা হৈছে ভুল চিন্তাধাৰা। সঠিক চিন্তাই আপোনাৰ সকলো সমস্যাৰ সমাধান কৰিব পাৰে। শ্ৰীকৃষ্ণই কৈছে যে মানুহে নিজৰ মনৰ পৰিৱৰ্তে কৰ্মত মনোনিৱেশ কৰাটো প্ৰতিজন মানুহৰ চূড়ান্ত কৰ্তব্য হ’ব লাগে।

* গীতাত উল্লেখ আছে যে যেতিয়া মানুহৰ মনত অহংকাৰ, ঈৰ্ষা আৰু ঘৃণা সম্পূৰ্ণৰূপে শিপাই যায়, তেতিয়া তেওঁৰ পতন নিশ্চিত। এই সকলোবোৰ প্ৰৱণতাই মানুহক ভিতৰৰ পৰা ধ্বংস কৰিবলৈ আৰম্ভ কৰে।

* শ্ৰীকৃষ্ণই কৈছে যে এই শৰীৰটো এক যুদ্ধক্ষেত্ৰ। শৰীৰত দুটা সেনাবাহিনী আছে, এটা পাণ্ডৱ অৰ্থাৎ গুণী আৰু এটা কৌৰৱ অৰ্থাৎ পাপী। মানুহ মনত এই দুয়োটায়ে সদায় বিভ্ৰান্তি সৃষ্টি কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?