--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

 ডিজিটেল ডেস্ক : হিন্দুধৰ্মত তুলসী গছৰ এক গুৰুত্বপূৰ্ণ স্থান আছে। সেয়েহে প্ৰায় প্ৰতিখন হিন্দু ঘৰতে তুলসী গছ ৰোপণ কৰি নিয়মিতভাৱে চাকি-বন্তি জ্বলোৱা হয়। কিন্তু বহু সময়ত আমি অজানিতে এনে কিছুমান ভুল কৰো, যাৰ ফলত আমাৰ জীৱনত বেয়া প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰে।

১. শিৱ লিংগঃ-বাস্তুশাস্ত্ৰ অনুসৰি তুলসী গছৰ ওচৰত কেতিয়াও শিৱ লিংগ স্থাপন কৰিব নালাগে। ধৰ্মীয় বিশ্বাস অনুসৰি তুলসী ভগৱান বিষ্ণুৰ প্ৰিয়। পুৰাণত উল্লেখ কৰা অনুসৰি জলন্ধৰৰ পত্নী তুলসীৰ পূৰ্বৰ জীৱনত বৃন্দা নাম আছিল যদিও জলন্ধৰৰ অত্যাচাৰত অতিষ্ঠ হৈ মহাদেৱে তেওঁক বধ কৰিবলগীয়া হৈছিল। সেয়েহে শিৱ পূজাত তুলসী ব্যৱহাৰ কৰা নহয়।

২. গণেশৰ মূৰ্তিঃ-এক পৌৰাণিক কাহিনী অনুসৰি ভগৱান গণেশ এখন নদীৰ পাৰত তপস্যাত মগ্ন আছিল। সেই সময়তে মাতুলসী আহি গণেশৰ সৌন্দৰ্য্যত মুহিত হৈ প্ৰেমৰ প্ৰস্তাৱ আগবঢ়ায়, কিন্তু গণেশে সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে। যাৰ বাবে মাতুলসীয়ে গণেশক দুখন বিবাহৰ বাবে অভিশাপ দিয়ে। সেয়েহে তুলসী গছৰ ওচৰত কেতিয়াও গণেশৰ মূৰ্তি ৰাখিব নালাগে বা তুলসীৰ পাত গণেশক অৰ্পণ নকৰে।

৩. ঝাড়ুঃ-ধৰ্মীয় বিশ্বাস অনুসৰি তুলসী গছৰ ওচৰত ভুলতো ঝাড়ু ৰাখিব নালাগে, কাৰণ আমি ঘৰ চাফা কৰিবলৈ ঝাড়ু ব্যৱহাৰ কৰো। তুলসী গছৰ ওচৰত ঝাড়ু থলে ঘৰলৈ দৰিদ্ৰতা আহে।

৪. জোতা-চেণ্ডেলঃ-বাস্তুশাস্ত্ৰৰ অনুসৰি তুলসী গছৰ ওচৰত জোতা-চেণ্ডেল ৰাখিব নালাগে। এনে কৰিলে মালক্ষ্মীক অপমান কৰা বুলি বিশ্বাস কৰা হয়। যাৰ বাবে মানুহে আৰ্থিক সংকটৰ সন্মুখীন হ’বলগীয়া হয়। ইয়াৰ লগতে জোতা-চেণ্ডেল ৰাহু আৰু শনিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়।

৫. ডাষ্টবিনঃ-বাস্তুশাস্ত্ৰৰ মতে ডাষ্টবিন কেতিয়াও তুলসীৰ ওচৰত ৰাখিব নালাগে। কাৰণ তুলসী গছৰ চাৰিওফালে আৱৰ্জনা ৰাখিলে আৰ্থিক সংকটৰ সন্মুখীন হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?