ডিজিটেল ডেস্ক: শেহতীয়াকৈ গুগল মেপৰ নিৰ্দেশনাৰ বাবে সংঘটিত হোৱা দুৰ্ঘটনাই গুগল মেপৰ বিশ্বাসযোগ্যতা তথা নিৰ্ভৰশীলতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে৷ আপুনিও গুগল মেপৰ ওপৰত অধিক নিৰ্ভৰশীল হয় নেকি? যদি আপুনিও গুগল মেপৰ ওপৰত নিৰ্ভৰ কৰি চলে কেতিয়াবা বিপদত পৰিব পাৰে৷ সম্প্ৰতি পোহৰলৈ অহা এনেধৰণৰ ঘটনাই শংকিত কৰি তুলিছে৷
শেহতীয়া খবৰ অনুসৰি উত্তৰ প্ৰদেশৰ বৰেলীত এক বৃহৎ দুৰ্ঘটনা সংঘটিত হৈছে। গুগল মেপৰ নিৰ্দেশনা অনুসৰণ কৰি এখন গাড়ী খালত পৰি দুৰ্ঘটনাত পতিত হৈছে। সৌভাগ্য ক্ৰমে গাড়ীত থকা তিনিওজন লোকৰ প্ৰাণ ৰক্ষা পৰে। খবৰ অনুসৰি গুগল মেপত ৰাস্তাৰ কাষৰ পৰা পথটো দেখুৱাইছিল যদিও তাত কোনো ৰাস্তা নাছিল। এই দুৰ্ঘটনা সংঘটিত হৈছে বৰেলী ৰাজ্যিক ঘাইপথত। বৰকাপুৰ গাঁৱৰ ছেক্সনৰ সমীপৰ কালাপুৰ খালৰ সমীপত পথৰ খহনীয়াৰ ফলত বাহনখন বাগৰি পৰে।
আৰক্ষীৰ সূত্ৰঅনুসৰি কোনো লোক গুৰুতৰভাৱে আহত হোৱা নাই৷ ঘটনাৰ খবৰ পাই লগে লগে জৰুৰীকালীন সেৱা সেই স্থানত উপস্থিত হয় আৰু ক্ৰেনৰ সহায়ত গাড়ীখন খালৰ পৰা উলিয়াই আনে।
বিগত ১০ দিনত বৰেলীত এনে দ্বিতীয়টো দুৰ্ঘটনা। ২৪ নৱেম্বৰতো গুগল মেপৰ সহায়ত যাত্ৰা কৰা এখন বাহন আধৰুৱা উৰণীয়া সেতুৰ পৰা ৰামগংগা নদীত বাগৰি পৰিছিল। ঘটনাস্থলীতে গাড়ীখনত যাত্ৰা কৰা তিনিজন লোকৰ মৃত্যু হৈছিল। ঘটনা সন্দৰ্ভত প্ৰশাসনে আইনী ব্যৱস্থা গ্ৰহণ কৰিছিল৷ গুগল মেপৰ এনে ভুল নিৰ্দেশনাই ব্যৱহাৰকাৰীক শংকিত কৰি তুলিছে৷