--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিশ্ব স্বাস্থ্য সংস্থাৰ শেহতীয়া এক প্ৰতিবেদন অনুসৰি দেশৰ বিভিন্ন ৰাজ্যই ডেংগুৰ প্ৰাদুৰ্ভাৱক অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। সমগ্ৰ দেশতে মহৰ দ্বাৰা সংক্ৰমিত ৰোগৰ প্ৰাদুৰ্ভাৱত প্ৰতি বছৰে বহু লোকে মৃত্যুক আকোৱলি ল’ব লগীয়া হয়। বিশেষকৈ ডেংগু আৰু মেলেৰিয়াত আক্ৰান্তৰ সংখ্যা সৰ্বাধিক হোৱাৰ লগতে মৃত্যুৰ হাৰো বাঢ়ে। 

২০১৬ চনত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ এক অধ্যয়নত প্ৰকাশ পোৱা তথ্য অনুসৰি যদেশৰ ভিতৰতে মেলেৰিয়াত মৃত্যুৰ হাৰ সৰ্বাধিক ওড়িশাত, তাৰ পিছতে পশ্চিম বংগ।বিশ্ব স্বাস্থ্য সংস্থাৰ এক অধ্যয়নে এই পৰিস্থিতি সলনি হৈছে বুলি প্ৰকাশ পাইছে। WHOৰ প্ৰতিবেদন অনুসৰি বিগত দুটা বছৰত ভাৰতত মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ যথেষ্ট হ্ৰাস পাইছে। মৃতকৰ সংখ্যাও তুলনামূলকভাৱে কম হৈছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ ‘বিশ্ব মেলেৰিয়া প্ৰতিবেদন-২০২৪’ত দাবী কৰা হৈছে যে ২০২৩ চনৰ পৰা দেশৰ বিভিন্ন ৰাজ্যত মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ হ্ৰাস পাইছে। সমীক্ষাটোত মেলেৰিয়া আক্ৰান্তৰ সংখ্যা প্ৰায় ৯৩ শতাংশলৈ হ্ৰাস পাইছে বুলি প্ৰকাশ পাইছে। মেলেৰিয়াৰ ফলত হোৱা মৃত্যুৰ সংখ্যাও প্ৰায় ৬৮ শতাংশলৈ হ্ৰাস পাইছে।বিশ্ব স্বাস্থ্য সংস্থাৰ সদৰি কৰা মতে কেৱল ভাৰতেই নহয়, সমগ্ৰ দক্ষিণ-পূব এছিয়াত মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ হ্ৰাস পাইছে। বাংলাদেশ, নেপাল, ইণ্ডোনেছিয়াত যোৱা বছৰৰ তুলনাত মেলেৰিয়াত আক্ৰান্ত ৰোগীৰ সংখ্যা বহু পৰিমাণে হ্ৰাস পাইছে।

ডব্লিউএইচঅ’ৰ গৱেষকসকলে কয় যে ডেংগু আৰু মেলেৰিয়াৰ বিষয়ে সজাগতা বৃদ্ধিৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে। সঠিক সময়ত ৰোগ চিনাক্তকৰণ আৰু ইয়াৰ উপযুক্ত চিকিৎসা অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰিছে কিয়নো মেলেৰিয়াৰ কোনো সুকীয়া লক্ষণ দেখা নাযায়। এই ৰোগৰ প্ৰথম লক্ষণ হ’ল জ্বৰ। মেলেৰিয়াত আক্ৰান্ত হ’লে কঁপি কঁপি জ্বৰ হয়। কেতিয়াবা জ্বৰ কমে আৰু কেতিয়াবা তীব্ৰ হয়। তেনে লক্ষণে দেখা দিলে ভুক্তভোগী জনৰ মেলেৰিয়া হোৱা বুলি সন্দেহ কৰা হয়। জ্বৰ হ’লে কোনো প্ৰাথমিক প্ৰতিষেধকৰ ওপৰত নিৰ্ভৰ নকৰি প্ৰথমে চিকিৎসকৰ পৰামৰ্শ লোৱাটো প্ৰয়োজনীয়। আৰু তেজৰ পৰীক্ষাৰ পিছত মেলেৰিয়া ধৰা পৰিলে উপযুক্ত চিকিৎসা লাভ কৰিব৷।

লগতে মহৰ বংশ বৃদ্ধি ৰোধ কৰাটোৱে ডেংগু আৰু মেলেৰিয়াৰ  প্ৰথম আৰু প্ৰাথমিক চৰ্ত। ইয়াৰ বাবে ঘৰৰ ক’তো পানী জমা হ’বলৈ দিব নালাগে। এই ৰোগৰ মহে ফুলৰ টাব, টায়াৰ, ভঙা পাত্ৰত জমা হৈ থকা পানীত প্ৰজনন কৰে। সেই দিশত সাৱধান হ’ব লাগে। ৰাতি আৰু শুই থকাৰ সময়ত আঁঠোৱা ব্যৱহাৰ কৰিব লাগে। উল্লেখনীয় যে ইতিমধ্যে চৰকাৰী বা ব্যক্তিগত খণ্ডত মহ নিয়ন্ত্ৰণৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?