--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মকবুল ভাট আৰু য়াছিন মালিক। দুয়োজনৰে অপৰাধ প্ৰায় একেধৰণৰে।দুয়ো জনেই  তিহাৰ কাৰাগাৰত বন্দিত্বৰ জীৱন কটাবলগীয়া হৈছে।ইয়াৰে এজনক তিহাৰত  ফাঁচী দিয়া হৈছিল আনজনক বিহা হৈছে যাৱজ্জীৱন কাৰাবাস... মকবুল ভাট আৰু য়াছিন মালিকৰ মাজত কি সম্পৰ্ক আছে?

মকবুল ভাট জম্মু- কাশ্মীৰৰ বাৰামুলাৰ বাসিন্দা আছিল । জেকেএলএফত যোগদান কৰাৰ পিছত য়াছিন মালিকৰ সৈতে তেওঁৰ ঘনিষ্ঠতা বৃদ্ধি পাইছিল। ১৯৮৪ চনত  ন্যায়াধীশ নীলকণ্ঠ গাঞ্জুৰ আদালতে কাশ্মীৰত হিংসা বয়পোৱাৰ অভিযোগত তেওঁক মৃত্যুদণ্ড বিহে।সেইমৰ্মে ১৯৮৪ চনৰ ১১ ফেব্ৰুৱাৰীত মকবুল ভাটক তিহাৰ কাৰাগাৰত ফাঁচী দিয়া হৈছিল।


সেই সময়ত ইয়াছিন মালিকে ভাটৰ ফাঁচীৰ তীব্ৰ বিৰোধিতা কৰিছিল। সন্ত্ৰাসবাদীক সহায় কৰি  সেই য়াছিন মালিকেই আজি তিহাৰ কাৰাগাৰত বন্দী। এতিয়া পৰিস্থিতিৰ কিছু সলনি হৈছে। সেয়ে নিয়াৰ অধিবক্তাই ফাঁচীকাঠত ওলোমোৱাৰ সপক্ষে মত দিলেও মালিকৰ প্ৰাণ ৰক্ষা পৰিছে।  দিল্লীৰ এখন আদালতে বুধবাৰে কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক সন্ত্ৰাসবাদীক পুঁজিৰ যোগান ধৰাৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় প্ৰদান কৰে।নিয়াৰ অধিবক্তাই মাৱিকৰ শাস্তি সন্দৰ্ভত তৰ্ক-বিতৰ্কৰ সময়ত আদালতক কৈছিল যে কাশ্মীৰ উপত্যকাৰ পৰা কাশ্মীৰী পণ্ডিতসকলক খেদি পঠিওৱাত মালিকে আগভাগ লৈছিল।

 সংস্থাটোৱে মালিকৰ মৃত্যুদণ্ডৰ বাবেও অনুৰোধ কৰিছিল। একে সময়তে, মালিকে আদালতক কৈছিল যে যদি চোৰাংচোৱা সংস্থাবোৰে সন্ত্ৰাসবাদ সম্পৰ্কীয় কোনো কাৰ্যকলাপত তেওঁ জৰিত বুলি প্ৰমাণ কৰিব পাৰে তেন্তে তেওঁ ফাঁচীৰ নিৰ্দেশো মানি ল’ব। আদালতে ১৯ মে'ত বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ (ইউএপিএ) অধীনত নিষিদ্ধ ঘোষিত সংগঠন জম্মু-কাশ্মীৰ লিবাৰেচন ফ্ৰণ্টৰ (জেকেএলএফ) মুৰব্বী য়াছিন মালিকক দোষী সাব্যস্ত কৰিছিল। বহুলোকে এতিয়া এইবুলি প্ৰশ্ন কৰিছে যে জেকেএলএফৰ প্ৰতিষ্ঠাপক মকবুল ভাটক মৃত্যুদণ্ড দিয়া হৈছিল, য়াছিন মালিকক কেৱল আজীৱন কাৰাদণ্ড দিয়া হ’ল কিয়?

এনে পৰিস্থিতিত, বহু বছৰৰ পিছত, মকবুল ভাটৰ বিষয়টোৱে পুনৰ উক দিছে।

 ইয়াছিন আৰু মকবুলৰ অপৰাধ একে। য়াছিন মালিকৰ দলে কাশ্মীৰত মকবুল ভাটক ফাঁচী দিয়াৰ সিদ্ধান্তৰ বিৰুদ্ধে পোষ্টাৰিং আৰু প্ৰতিবাদ কৰিছিল। ইয়াছিনক এই অভিযোগত কাৰাগাৰলৈ প্ৰেৰণো কৰা হৈছিল। ১৯৮৬ চনত ইয়াছিন মালিক কাৰাগাৰৰ পৰা ওলাই আহে। 

মালিকে তেওঁৰ  দলটোৰ নাম সলনি কৰি ইছলামিক ষ্টুডেণ্ট লীগ ৰাখিছিল আৰু কাশ্মীৰী শিক্ষাৰ্থীসকলক ইয়াৰ সৈতে জৰিত কৰিবলৈ আৰম্ভ কৰিছিল। কিছুদিনৰ ভিতৰতে ইছলামিক ষ্টুডেণ্ট লীগ সংগঠনটোৱে বিস্তৃতি লাভ কৰি ডাঙৰ হৈ পৰিছিল আৰু আফাক ৱানী, জাভেদ মীৰ আৰু আব্দুল হামিদ শ্বেখৰ দৰে লোকসকল ইয়াৰ সৈতে জড়িত হৈ পৰিছিল।  ইয়াছিন মালিকে ১৯৮৮ চনত জেকেএলএফত যোগদান কৰিছিল।
 
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?