--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে (আৰ চি বি) অষ্টাদশ সংস্কৰণৰ আইপিএলত পঞ্চম জয় সাব্যস্ত কৰিছে। চলিত আইপিএলৰ দেওবাৰৰ এখন খেলত অ'পেনাৰ বিৰাট কোহলী আৰু দেৱদত্ত পাৰিকালৰ অর্ধশতৰানৰ সহায়ত পঞ্জাব কিংছক ৭ উইকেটত পৰাজিত কৰে আৰ চি বিয়ে। 

কোহলী আৰু পাৰিকালৰ মাজত সংগৃহীত ১০৩ ৰানৰ জৰিয়তে আৰচিবিয়ে ৭টা বল বাকী থকা অৱস্থাত ১৫৮ ৰানৰ লক্ষ্য অতিক্রম কৰে। 

কোহলীৰ ৫৪টা বলত ৭টা চাৰি আৰু এটা ছয় সম্বলিত অপৰাজিত ৭৩ আৰু পাৰিকালৰ ৩৫টা বলত ৫টা চাৰি আৰু ৪টা ছয় সম্বলিত ৬১ ৰানে দলৰ জয়ৰ ভেটি গঢ়ে। দলীয় স্ক'ৰ ৬ ৰানতে আনগৰাকী অ'পেনাৰ ফিল ছল্ট (১) আউট হ'লেও কোহলী আৰু পাৰিকালে অর্ধশতৰান গোটাই দললৈ সহজ জয় কঢ়িয়াই আনে। 

অধিনায়ক ৰজত পাটিডাৰে ১২ ৰানত আউট হ'লেও উইকেটকীপাৰ জিতেশ শর্মাই ১১ ৰানত বেট ধৰি থাকে। ইয়াৰ আগেয়ে প্ৰভছিমৰন সিঙৰ সৰ্বাধিক ৩৩, শশাংক সিঙৰ অপৰাজিত ৩১, জুছ ইংলিছৰ ২৯ আৰু মার্কো জেনছেনৰ অপৰাজিত ২৫ ৰানৰ সহায়ত পঞ্জাব কিংছে ৬ উইকেটত ১৫৭ ৰান কৰে। আৰ চি বিৰ ক্রুনাল পাণ্ডিয়া আৰু ছুয়াছ শর্মাই দুটাকৈ উইকেট দখল কৰে।



উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?