--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বলীউডৰ মোহময়ী অভিনেত্ৰী প্ৰীতি জিণ্টাৰ জীৱন পৰম সুখেৰে উপচি পৰিছে। যমজ সন্তানৰ মাতৃ হ'ল ডিম্পল গাৰ্ল প্ৰীতি। অভিনেত্ৰীগৰাকীৰ ঘৰত এতিয়া মাথোঁ আনন্দৰ লহৰ। প্ৰীতিয়ে তেওঁৰ জীৱনৰ এই সুখৰ মুহূৰ্তটো অনুৰাগীসকলৰ সৈতে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। প্ৰীতিয়ে পোষ্টটোত তাইৰ দুয়োটা সন্তানৰ নামো অনুৰাগীসকলক জনায়। প্ৰীতি জিণ্টাই ইনষ্টাগ্ৰাম হেণ্ডেলত স্বামী জেনে গুডেনাফৰ সৈতে উঠা এখন সুন্দৰ ফটো শ্বেয়াৰ কৰি এই ভাল খবৰটো দিছিল। জীৱনৰ ৪৬ বছৰ বয়সত মাতৃত্বৰ সোৱাদ লাভ কৰে প্ৰীতিয়ে।

প্ৰীতিয়ে পোষ্টটোত লিখিছিল-''মই আজি আপোনালোকক আমাৰ জীৱনৰ এটা খুব ধুনীয়া খবৰ দিব বিচাৰিছোঁ। মই আৰু মোৰ স্বামী জেনে আজি বহুত সুখী। আমাৰ হৃদয় মৰম আৰু কৃতজ্ঞতাৰে ভৰি আছে, কিয়নো আমাৰ ঘৰত দুটা যমজ সন্তান জয় জিণ্টা গুডেনাফ আৰু জিয়া জিণ্টা গুডেনাফৰ জন্ম হৈছে।'' প্ৰীতি জিণ্টাই তেওঁৰ পোষ্টত আৰু লিখিছিল- ''আমি আমাৰ জীৱনৰ নতুন পৰ্যায়ক লৈ অতি উৎসাহিত। আমাৰ অবিশ্বাস্য যাত্ৰাৰ অংশ হোৱাৰ বাবে সকলো চিকিৎসক, নাৰ্চ আৰু আমাৰ ছাৰোগেটক বহুত বহুত ধন্যবাদ। সকলোকে বহুত মৰম।'' 

আৰু পঢ়কঃ জম্মু-কাশ্মীৰত দমনৰ ৰাজনীতি! পুনৰ গৃহবন্দী মেহবুবা মুফটি

প্ৰীতি জিণ্টাৰ পোষ্টটোৱে স্পষ্ট কৰি দিছে যে তেওঁ ছাৰোগেচীৰ জৰিয়তে মাতৃ হৈছে। প্ৰীতিয়ে তেওঁৰ নতুন জীৱনক সুখেৰে আদৰণি জনাইছে। প্ৰীতিয়ে এই পোষ্টটো শ্বেয়াৰ কৰাৰ লগে লগে বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা অনুৰাগীসকলে মৰম আৰু অভিনন্দন জ্ঞাপন কৰিছে। প্ৰীতি জিণ্টাই এই পোষ্টটো কৰাৰ পাছতেই মিনিটৰ ভিতৰতে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। এতিয়া সকলোৱে অভিনেত্ৰীগৰাকীৰ দুই যমজ সন্তান জয় আৰু জিয়াৰ ফটো চাবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। উল্লেখ্য যে ২০১৬ চনত আমেৰিকাৰ জেনে গুডেনাফৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল মোহময়ী প্ৰীতি জিণ্টা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?