--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বঙাইগাঁও জিলাৰ যোগীঘোপাত নির্মাণ হৈ থকা আন্তর্জাতিক মাল্টিমডেল লজিষ্টিক পাৰ্কত শনিবাৰে ভুটানৰ ৰজা জিগমে খেচাৰ নামগৱেল ৱাংচুকে পৰিদৰ্শন কৰে। প্ৰাপ্ত তথ্য মতে, কালি পুৱা ৯ বজাত হেলিকপ্টাৰেৰে যোগীঘোপা মাল্টিমডেল লজিষ্টিক পাৰ্কত অৱতৰণ কৰে ভূটানৰ ৰজা গৰাকীয়ে । প্ৰতিৱেশী দেশৰ ৰজাৰ আগমনৰ বাবে বঙাইগাঁও জিলা প্রশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলে। ৰজাৰ নিৰাপত্তাৰ দিশটো লক্ষ্য কৰি ভুটানৰ বৃহৎ নিৰাপত্তা বাহিনীও পুৱাৰ ভাগত আহি যোগীঘোপাত উপস্থিত হয়। 

উল্লেখযোগ্য যে দেশৰ প্ৰথমখন আন্তর্জাতিক মাল্টিমডেল লজিষ্টিক পাৰ্কৰ নিৰ্মাণকাৰ্য সম্পূর্ণ হোৱাৰ পাছত ভুটান, বাংলাদেশ আদি প্রতিবেশী দেশৰ সৈতে বাণিজ্যিক ক্ষেত্ৰখনত এক আমূল পৰিৱৰ্তন আহিব বুলি ধাৰণা কৰা হৈছে। আজি ভূটানৰ সৈতে অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱায়ো যোগীঘোপাত উপস্থিত হৈ ৰজাক সংগ দিয়ে। আগন্তুক দিনত লজিষ্টিক পাৰ্কত কেনেদৰে কাম সম্পন্ন হ'ব সেই বিষয়ে বিভাগীয় বিষয়াৰ সৈতে আলোচনাত মিলিত হয় ভুটানৰ ৰজা। ইপিনে অসম চৰকাৰৰ মুখ্য সচিব ড° ৰবি কোটায়ো ৰজাক সংগ দিয়ে। 

দুখন হেলিকপ্টাৰত অহা ভূটানৰ ৰজাই মাল্টিমডেল লজিষ্টিক পার্ক পৰিদৰ্শনৰ পাছত যোগীঘোপাৰ আন্তঃৰাষ্ট্ৰীয় বন্দৰ পৰিদৰ্শন কৰে। অৱশ্যে প্ৰট'কলৰ দোহাই দি সাংবাদিকক প্ৰৱেশ কৰিবলৈ দিয়া নাই জিলা প্রশাসনে। সাংবাদিকৰ পৰা সম্পূৰ্ণভাৱে দূৰত অৱস্থান কৰে ভূটানৰ ৰজাই। অৱশ্যে কাৰ্যসূচীৰ শেষত অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সাংবাদিক জনায় যে আজি ভূটানৰ ৰজাৰ যোগীঘোপা মাল্টিমডেল লজিষ্টিক পার্ক পৰিদৰ্শনে অনাগত দিনত নিশ্চিতভাবে সুখবৰ কঢ়িয়াই আনিব। দুয়োখন দেশৰ মাজত বাণিজ্যিক বুজাবুজি অধিক কটকটীয়া হ'ব। বাণিজ্যিক দিশত যোগীঘোপা কেন্দ্ৰবিন্দু হৈ পৰিব বুলি মন্ত্রীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়। 

ইপিনে ভুটানৰ ৰজাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। ভূটানৰ ৰজাই অসম আৰু অসমীয়াক খুব ভাল পায় বুলিও মন্ত্ৰী গৰাকীয়ে জনায়। কিছুদিনৰ পূৰ্বে কেন্দ্ৰীয় জল পৰিবহণ মন্ত্ৰী সর্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে আন্তঃৰাষ্ট্ৰীয় জল পৰিবহণৰ টার্মিনালটো উদ্বোধন কৰাৰ পাছত ভূটানৰ ৰজাই লজিষ্টিক পার্ক পৰিদৰ্শনৰ লগতে বন্দৰ পৰিদৰ্শনে বাণিজ্যিক দিশত আৰু এঢাপ আগুৱাই যাব বুলি ধাৰণা কৰিব পাৰি।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?