--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়াকৈ আই চি চি ৰেংকিঙত টিম ইণ্ডিয়াৰ খেলুৱৈসকলে বিশেষ সফলতা লাভ কৰিছে৷ সীমান্ত-গাভাস্কাৰ ট্ৰফীৰ পাৰ্থ টেষ্টত ২৯৫ ৰানেৰে জয়লাভ কৰাৰ পিছত, বুধবাৰে প্ৰকাশ পোৱা আই চি চি পুৰুষৰ টেষ্ট বলাৰ ৰেংকিঙত তেওঁ পুনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হৈছে যশপ্ৰীত বুমৰাহ। এই ৰেংকিঙত যশস্বী জয়ছোৱাল আৰু বিৰাট কোহলীৰো পূৰ্বৰ ৰেংকিঙৰ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে।

আই চি চি ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপ ছিৰিজৰ অন্তৰ্গত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন খেলত ভাৰতে ২৯৫ ৰানত জয়লাভ কৰে৷মেচখনত বুমৰাহে ৮টা উইকেট দখল কৰিবলৈ সক্ষম হয়। আৰু মেচখনত ‘প্লেয়াৰ অৱ দ্য মেচ’ লাভ কৰে। এই দুৰ্দান্ত প্ৰদৰ্শনৰ বাবেই বুমৰাহৰ পুৰণি ৰেংকিঙৰ পৰা দুটা স্থান উন্নিত হৈ আই চি চি ৰেংকিঙত শীৰ্ষ স্থানত উপনিত হয়। দক্ষিণ আফ্ৰিকাৰ বেগী বলাৰ কাগিছ’ ৰাবাডা আৰু অষ্ট্ৰেলিয়াৰ বেগী বলাৰ জোছ হেজলউডক পিছপেলাই শীৰ্ষস্থানত উপনিত হয়। 

উল্লেখযোগ্য যে ইংলেণ্ডৰ বিৰুদ্ধে বিশাখাপট্টনম টেষ্টত ৯টা উইকেট দখল কৰি ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত বুমৰাহে প্ৰথমবাৰৰ বাবে আই চি চি পুৰুষৰ টেষ্ট বলাৰ ৰেংকিঙত শীৰ্ষস্থান দখল কৰিছিল। ইয়াৰ পিছত অক্টোবৰ মাহত বাংলাদেশৰ বিৰুদ্ধে শৃংখলাত পুনৰ শীৰ্ষস্থান দখল কৰিছিল যদিও বিগত কেইটামান সপ্তাহত কাগিছ’ ৰাবাদাই বুমৰাহক পিছপেলাই ৰেংকিঙত আগবাঢ়ি আছে।

টিম ইণ্ডিয়াৰ আন এজন বেগী বলাৰ মহম্মদ ছিৰাজেও এই ৰেংকিঙত অগ্ৰগতি লাভ কৰিছে।সোঁহাতৰ বেগী বলাৰ মহম্মদ ছিৰাজে পাৰ্থত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৫টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল। যাৰবাবে খেলুৱৈগৰাকী তিনিটা স্থান আগোৱাই ২৫ নম্বৰ স্থানত উপনীত হৈছে।

ইফালে ইংলেণ্ডৰ অভিজ্ঞ খেলুৱৈ জো ৰুট এতিয়াও আই চি চি পুৰুষৰ টেষ্ট বেটছমেনৰ ৰেংকিঙত ১ নম্বৰত আছে। শেহতীয়াকৈ যশস্বী জয়ছৱালে এতিয়া ইংলেণ্ডৰ খেলুৱৈগৰাকীক ৰেংকিঙত প্ৰত্যাহ্বান জনাইছে।যশস্বী জয়ছোৱাল শেহতীয়া আই চি চি পুৰুষৰ টেষ্ট ৰেংকিঙত ২ নম্বৰ স্থানত আছে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দ্বিতীয় ইনিংছত তেওঁ এক উজ্জ্বল শতক অৰ্জন কৰে। যিটো পাৰ্থ টেষ্টৰ টাৰ্নিং পইণ্ট হিচাপে পৰিগণিত হোৱাৰ লগতে ইনিংছৰ বাবেই তেওঁ দুটা স্থান আগোৱাই দ্বিতীয় স্থান লাভ কৰে আৰু কেৰিয়াৰৰ শ্ৰেষ্ঠ ৰেটিং পইণ্ট ৮২৫ পইণ্টো লাভ কৰে

উল্লেখনীয় যে পাৰ্থত ৮৯ ৰানৰ ইনিংছ খেলি অষ্ট্ৰেলিয়াৰ বাওঁহাতৰ বেটছমেন ট্ৰেভিছ হেডে তিনিটা স্থান আগোৱাই দশম স্থানত উপনিত হৈছে। একে সময়তে বিৰাট কোহলীয়ে টেষ্টত ৩০ সংখ্যক শতক অৰ্জন কৰাৰ পিছত ৯টা স্থান আগোৱাই ত্ৰয়োদশ স্থানত উপনিত হৈছে। টেষ্ট অলৰাউণ্ডাৰৰ ৰেংকিঙত ভাৰতীয় যুটি ৰবীন্দ্ৰ জাডেজা আৰু ৰবিচন্দ্ৰন অশ্বিন শীৰ্ষ ২টা স্থানত আছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?