ডিজিটেল ডেস্কঃ ১৪ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ তৃতীয়খন টেষ্ট মেচ ৷ সংবাদ মাধ্যমৰ মতে যশস্বী জয়ছোৱালৰ ওপৰত ৰোহিত শৰ্মাৰ খং । ইয়াৰ কাৰণ যশস্বী জয়ছোৱালৰ এটা ভুল যাৰ বাবে তেওঁক দলে হোটেলতে থৈ দিয়ে ৷খবৰ অনুসৰি যশস্বী জয়ছোৱালে দলীয় বাছত উঠিবলৈ সময়মতে নোপোৱাত খেলুৱৈজনক তাতেই এৰি থৈ যায়। যশস্বীয়ে বাছখনৰ ওচৰ পাওঁতে দলৰ বাছখন ইতিমধ্যে গুচি যায়।
যেতিয়া দলৰ বাছখনে যশস্বী জয়ছোৱালক হোটেলত এৰি থৈ যায়, তেতিয়া বাওঁহাতৰ বেটছমেনজনে বেলেগ এখন গাড়ীৰ সহায় লয়। গাড়ীৰে বিমানবন্দৰ গৈ পায়। ইয়াৰ পিছত তেওঁ দলটোৰ সৈতে এডিলেইডৰ পৰা ব্রিজবেনলৈ উৰা মাৰে। যশস্বী জয়ছোৱালৰ এই পলমকৈ গৈ পোৱাৰ বাবে খং উঠিছিল কেপ্তেইন ৰোহিত শৰ্মাৰ। যশস্বী ৰাতিপুৱা ৮.৩০ বজাত দলৰ বাছত উপস্থিত হোৱাৰ কথা আছিল কিন্তু তেওঁৰ দেৰি হ’ল।
এক প্ৰতিবেদন অনুসৰি ৰোহিত শৰ্মাই জয়ছোৱালক হোটেলতে এৰি যাবলৈ কৈছিল। আচলতে ব্রিজবেনলৈ ভাৰতীয় দলৰ বিমানখন ৰাতিপুৱা ১০.০৫ বজাত আছিল৷ পুৱা ৮.২০ বজাত দলীয় খেলুৱৈসকলে দলীয় বাছত উঠিবলৈ আৰম্ভ কৰিলে। ১০.৩০ বজাৰ ভিতৰত দলীয় বাছখন বিমানবন্দৰলৈ যাব লাগিছিল কিন্তু সময়মতে উপস্থিত নহ’ল জয়ছোৱাল। দলীয় বাছখনেও জয়ছোৱালৰ বাবে অপেক্ষা কৰিছিল, তাৰ পিছত ৰোহিতে বাছৰ পৰা নামি টিম মেনেজাৰ লিয়েছন অফিচাৰৰ লগত কথা পাতিছিল। এই কথা-বতৰাৰ পিছত বাছখন বিমানবন্দৰলৈ ৰাওনা হ’ল।
স্পষ্টভাৱে যশস্বী জয়ছোৱালৰ এই কাৰ্যত ৰোহিত শৰ্মা খং উঠিব। এতিয়া ইয়াৰ পিছত বিমানবন্দৰত উপস্থিত হৈ ৰোহিত শৰ্মা আৰু অন্যান্য খেলুৱৈৰ ওচৰত তেওঁ ক্ষমা খুজিলে নে নাই সেয়া এতিয়াও জানিব পৰা হোৱা নাই।