--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব ইউনিফাইড পেন্সন আঁচনি। চৰকাৰৰ মতে  ইউ পি এছ হৈছে কৰ্মচাৰীসকলৰ বাবে অৱসৰৰ এক উন্নত পৰিকল্পনা। এই সন্দৰ্ভত পেন্সন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিয়ে এক খচৰা নিয়ম জাৰি কৰিছিল আৰু এই খচৰাৰ সন্দৰ্ভত পৰামৰ্শ আৰু মন্তব্য বিচৰা হৈছিল। শেহতীয়া খবৰ অনুসৰি এতিয়া এপ্ৰিল মাহৰ পৰা কৰ্মচাৰীয়ে ইউ পি এছৰ সুবিধা লাভ কৰিব। 

অৱসৰ লোৱাৰ সময়ত কেনেকৈ এই সুবিধা লাভ কৰিব জানো আহক-

ৰাষ্ট্ৰীয় পেন্সন ব্যৱস্থাৰ অধীনত চৰকাৰে কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে বিকল্প হিচাপে আগবঢ়োৱা এক আঁচনি ইউনিফাইড পেন্সন। এই আঁচনিৰ উদ্দেশ্য হৈছে এন পি এছৰ অধীনত সামৰি লোৱা কৰ্মচাৰীসকলে অৱসৰৰ পিছত ফিক্সড পেন্সন প্ৰদান কৰা। এন পি এছৰ বাবে চৰকাৰে এক পুঁজি সৃষ্টি কৰিব, ইয়াত কৰ্মচাৰী আৰু কেন্দ্ৰীয় চৰকাৰ উভয়ে নিয়মীয়াকৈ নিৰ্দিষ্ট ধন জমা কৰিব। এই বৰঙণি নিৰ্দিষ্ট সময়ৰ ভিতৰত বিনিয়োগ কৰা কৰিব লাগিব, যাতে কৰ্মচাৰীজনে অৱসৰৰ পিছত প্ৰতিমাহে পেন্সন লাভ কৰিব পাৰে।

উল্লেখযোগ্য যে ইতিমধ্যে ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থাৰ অধীনত পঞ্জীয়নভুক্ত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে ইউ পি এছৰ বাবে আবেদন কৰিব পাৰিব। ২০২৫ চনৰ ১ এপ্ৰিলৰ পিছত নিযুক্তি পোৱা নতুন কৰ্মচাৰীয়ে ইউ পি এছ বা এন পি এছৰ যিকোনো এটাকহে বাছি ল’ব পাৰিব। ইয়াৰোপৰি ২০২৫ চনৰ ৩১ মাৰ্চৰ পূৰ্বে অৱসৰ লোৱা কৰ্মচাৰী, আৰু যিসকল কৰ্মচাৰীৰ মৃত্যুৰ পিছত পত্নীয়ে পেন্সন লাভ কৰি আছে, তেওঁলোকেও UPS বাছি ল’ব পাৰিব। 

ইউ পি এছৰ বাবে আবেদন নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কৰিব লাগিব। মনত ৰাখিব যে, UPS এবাৰ নিৰ্বাচন কৰিলে ইয়াক সলনি কৰিব নোৱাৰি।

ইউ পি এছৰ অধীনত পেঞ্চন পাবলৈ কেন্দ্ৰীয় কৰ্মচাৰীয়ে অৱসৰৰ সময়ত, যদি কৰ্মচাৰীজনে কমেও ১০ বছৰৰ সেৱা সম্পূৰ্ণ কৰিছে আৰু যদি অৱসৰএফ আৰ ৫৬(জে)ৰ অধীনত হৈছে যিটো কেন্দ্ৰীয় অসামৰিক সেৱাৰ নিয়মৰ অধীনত শাস্তি হিচাপে গণ্য কৰা নহয়, তেন্তে সেইদিনৰ পৰা ইউ পি এছ প্ৰযোজ্য হ’ব। যদি কৰ্মচাৰীজনে স্বেচ্ছামূলক অৱসৰৰ সময়ত ২৫ বছৰ সেৱা সম্পূৰ্ণ কৰিছে, তেন্তে তেওঁ সাধাৰণভাৱে অৱসৰ লোৱাৰ দিনটোৰ পৰাই UPSৰ সুবিধা উপলব্ধ হ’ব।

ইউ পি এছত যোগদান কৰিব বিচৰা বৰ্তমানৰ কৰ্মচাৰীসকলে এ২ ফৰ্ম পূৰণ কৰিব লাগিব। ২০২৫ চনৰ ১ এপ্ৰিলৰ পিছত নিযুক্তি পোৱা নতুন কৰ্মচাৰীয়ে যোগদান কৰাৰ লগে লগে ফৰ্ম এ১ পূৰণ কৰি ইউ পি এছ বাছি ল’ব পাৰিব।
২০২৫ চনৰ ৩১ মাৰ্চৰ পূৰ্বে অৱসৰ লোৱা কৰ্মচাৰীসকলে যদি ইউ পি এছত যোগদান কৰিব বিচাৰে তেন্তে তেওঁলোকে ফৰ্ম বি১ পূৰণ কৰিব লাগিব। মৃত কৰ্মচাৰীৰ পত্নীয়ে ফৰ্ম বি২ ৰ জৰিয়তে ইউ পি এছৰ বাবে আবেদন কৰিব পাৰিব।

২৫ বছৰীয়া সেৱা সম্পূৰ্ণ কৰা কৰ্মচাৰীয়ে যোৱা ১২ মাহৰ গড় মৌলিক দৰমহাৰ ৫০% লাভ কৰিব। কৰ্মচাৰীজনে অৱসৰৰ সময়ত নিজৰ কৰ্পাছৰ ৬০% উলিয়াব পাৰিব, কিন্তু ইয়াৰ ফলত পেন্সনৰ পৰিমাণ হ্ৰাস পাব। আৰু কৰ্মচাৰীজনৰ মৃত্যুৰ পিছত ৬০% নিশ্চিত পেন্সন পত্নীয়ে আজীৱন লাভ কৰিব।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?