--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডত অনুষ্ঠিত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াত বক্সিংত অসমৰ হৈ পদক অৰ্জন কৰা পাঁচগৰাকী বক্সাৰৰ সম্বৰ্ধনা জানাই অসম এমেচাৰ বক্সিং সন্থাই। গোলাঘাট জিলা এমেচাৰ বক্সিং সন্থাৰ উদ্যোগত অসম এমেচাৰ বক্সিং সন্থা আৰু গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত গোলাঘাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত হয় এই অনুষ্ঠান।

অনুষ্ঠানটোত উপস্থিত থকে বক্সাৰ লাভলিনা বৰগোহাঁই, অংকুশিতা বড়ো, শিৱ থাপা, অভিনৱ শইৰকীয়া। অৱশ্যে বিশেষ কাৰণবশত বক্সাৰ আইকন মিলিয়ে অনুষ্ঠানটোত অনুপস্থিত থাকে। দল-সংগঠনসমূহে আটাইকেইগৰাকী খেলুৱৈক সম্বৰ্ধনা জনাই।
ইফালে অনুষ্ঠানটোত অংশ গ্ৰহণ কৰি ভাৰতীয় বক্সিং ফেডাৰেচনৰ প্ৰধান সম্পাদক হেমন্ত কলিতাই অসমত বক্সিং সন্থাৰ সীমিত সুবিধাৰ বিষয়ে চৰকাৰক আৰু অধিক গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনাই।

ৰাজ্যৰ বেছিভাগ ক্ৰীড়া সংগঠনৰ লগতে অসম বক্সিং সন্থায়ো জিলা, ৰাজ্যিক পৰ্যায়ৰ খেলসমূহ নিজেই ব্যয় বহন কৰি খেলুৱৈসকলক আগবঢ়াই নিয়া বুলি মন্তব্য প্ৰদান কৰে হেমন্ত কলিতাই।

লাভলিনা বৰগোঁহাইয়ে নিজৰ মত প্ৰকাশ কৰি কয় যে আধ্যাত্মিকতাই মোক শক্তিহে দিছে,হাৰিয়ানাৰ বেছিভাগ খেলুৱৈ ভেজিটেৰিয়ান।মহাকুম্ভ সেইকাৰণে গৈছিলোঁ। তেওঁলোকে বিচৰাৰ বাবেই দিক্ষাও ল'লোঁ।

অংকুশিতা বড়োৱে মত প্ৰকাশ কৰি কয় যে আজিৰ পৰা বহু বছৰ আগতেই গোলাঘাটৰ পৰা ওলাই গৈছিলোঁ।আজি গোলাঘাটত ছাৰ-বাইদেউ,বান্ধবীসকলক লগ পাই আবেগিক হৈছোঁ।নতুনকৈ অহা ৬৫ কেজি কেটেগৰীত এইবাৰ কমনৱেলথ,অলিম্পিকত অৱতীৰ্ণ হ'ম।

আন গৰাকী খেলুৱৈয়ে কয় যে গোলাঘাটৰ পৰাই অসমৰ বেছিভাগ বক্সাৰ আজি ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা অৰ্জন কৰিছে। লাভলিনা,অংকুশিতা,আইকন,অভিনৱৰ লগতে মোৰো গোলাঘাটৰ সৈতে এটা সম্পৰ্ক আছে। আজি ইয়াত উপস্থিত থাকি আনন্দিত বুলি উল্লেখ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?