--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়াৰ বতৰ আৰু অক্ষয় তৃতীয়াৰ আগে আগে আজি ভাৰতীয় বজাৰত সোণৰ দামে এক ইতিহাসৰ সৃষ্টি কৰে। মঙলবাৰে প্ৰথমবাৰৰ বাবে প্রতি দহ গ্রাম সোণৰ দাম ১ লাখ টকাৰ অধিক হয়গৈ। অল ইণ্ডিয়া বুলিয়ন ফেডাৰেশ্যনৰ মতে, কালি ৰাজধানী দিল্লীত ৯৯.৯% বিশুদ্ধ অর্থাৎ ২৪ কেৰেটৰ প্ৰতি দহ গ্রাম সোণৰ দাম ১,৮০০ টকা বৃদ্ধি পাই ১,০১,৬০০ টকা হয়গৈ। 

সোমবাৰে প্রতি দহ গ্রাম সোণৰ দাম আছিল ৯৯,৮০০ টকা। স্থানীয় বজাৰতো ২৪ কেৰেটৰ সোণৰ দাম প্রতি ১০ গ্রামত ২,৮০০ টকা বৃদ্ধি পাই ১,০২,১০০ টকা হয়গৈ। উল্লেখযোগ্য যে অক্ষয় তৃতীয়া ৩০ এপ্ৰিলত। ভাৰতীয় পৰম্পৰা অনুসৰি অক্ষয় তৃতীয়াত সোণ ক্ৰয় কৰাটো শুভ বুলি বিবেচনা কৰা হয়। 

যোৱা বছৰ ডিচেম্বৰৰ তুলনাত সোণৰ দাম ২৯% বৃদ্ধি পায়। আনহাতে যোৱা ১ জানুৱাৰীৰ পৰা অৰ্থাৎ ১১২ দিনত প্রতি দহ গ্রাম সোণৰ দাম ২৩,৮৩৮ টকা বৃদ্ধি পায়। ইফালে ৰূপৰ দাম আজি ৩৪২ টকা হ্রাস পাই প্রতি কিল'গ্ৰামৰ দাম ৯৫,৯০০ টকা হয়গৈ। ৰাজধানী দিল্লীত কালি ২২ কেৰেটৰ প্ৰতি দহ গ্রাম সোণৰ দাম ৯২,৯০০ টকা হয়। আনহাতে, ২৪ কেৰেটৰ প্ৰতি দহ গ্রাম সোণৰ দাম মুম্বাই, কলকাতা আৰু চেন্নাইত ১,০১,৩৫০ টকা আছিল। 

আনহাতে, গুৱাহাটীতো ২৪ কেৰেটৰ প্ৰতি দহ গ্রাম সোণৰ দাম একে সমান আছিল। উল্লেখযোগ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে দ্বিতীয়টো কাৰ্যকালত আৰম্ভ কৰা শুল্ক যুদ্ধই বিশ্বৰ অৰ্থনীতিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰে। ইয়াৰ ফলত বিশ্বৰ আগশাৰীৰ অৰ্থনীতিসমূহৰ উন্নয়নৰ গতি স্তিমিত হৈ পৰিছে আৰু মন্দাৱস্থাৰ আশংকা ক্রমাৎ বৃদ্ধি পাইছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি বিনিয়োগকাৰীসকলে সোণত বিনিয়োগ বৃদ্ধি কৰিছে। এনে কাৰণত সোণৰ দাম বৃদ্ধি পাইছে। আনহাতে, বর্তমান দেশত বিয়াৰ বতৰ চলি আছে। ইয়াৰ ফলত সোণৰ চাহিদা বৃদ্ধি পাইছে। 

মুম্বাই, দিল্লী আৰু চেন্নাইৰ দৰে আগশাৰীৰ মহানগৰসমূহৰ গহনাৰ ব্যৱসায়ীসকলে কয় যে দাম বৃদ্ধি পোৱা সত্ত্বেও সোণৰ গহনাৰ বিক্ৰী বৃদ্ধি পাইছে। মন কৰিবলগীয়া যে ২০১৫ চনত ২৪ কেৰেটৰ প্ৰতি দহ গ্রাম সোণৰ দাম আছিল ২৬,৩৪৩ টকা। আনহাতে, ২০১৫-২০২০ সময়ছোৱাত অৰ্থাৎ পাঁচ বছৰত সোণৰ দাম বৃদ্ধি পাইছিল ২৩,৭৯৮ টকা। ইয়াৰ পাছৰ পাঁচ বছৰত সোণৰ দাম বৃদ্ধি পায় ৪৮,৪০৯ টকা। আনহাতে যোৱা দহ বছৰত অৰ্থাৎ ২০১৫-২০২৫ সময়ছোৱাত প্রতি দহ গ্রাম সোণৰ দাম ৭১,৬৫৭ টকা বৃদ্ধি পায়।

উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?