--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত-বাংলাদেশৰ মাজত ৰাজনৈতিক অস্থিৰতা চলি থকাৰ মাজতে ভাৰতে বাংলাদেশলৈ নিৰ্মাণ কৰি থকা ৫ হাজাৰ কোটিটকীয়া ৰে'লৱে প্ৰকল্প স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে। এই ৰে'লৱে প্ৰকল্পসমূহৰ জৰিয়তে বাংলাদেশলৈ ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক সংযোগ কৰাৰ পৰিকল্পনা কৰা হৈছিল। উত্তৰ-পূৰ্বাঞ্চলৰ সুস্থিৰতা আৰু কৌশলগত নিৰাপত্তা সুৰক্ষিত কৰাটো নিশ্চিত কৰিবলৈ বাংলাদেশলৈ নির্মীয়মাণ ৰে'ল প্রকল্পটো বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে ভাৰত চৰকাৰে। বাংলাদেশত চলি থকা ৰাজনৈতিক অস্থিৰতাৰ মাজতে ভাৰতে এই সিদ্ধান্ত লৈছে।

বাংলাদেশে শেহতীয়াকৈ ভাৰতৰ প্ৰতিৱেশী ৰাষ্ট্ৰ চীন আৰু পাকিস্তানৰ সৈতে বাণিজ্যিক মিতিৰালি বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিতত ভাৰত উদ্বিগ্ন হৈ আৰু বাংলাদেশত বিশেষকৈ ভাৰত-বিৰোধী প্ৰতিবাদবোৰ চলি থকাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে। ভাৰতৰ সৈতে থকা সম্পর্কক একাষৰীয়া কৰি চীন আৰু পাকিস্তানক গুৰুত্ব দিয়াৰ বাবেই লোৱা এই সিদ্ধান্তই ৰে'লৱেৰ মুখ্য প্রকল্প, যেনে-আখাউৰা-আগৰতলা ৰে'ল সংযোগী আৰু খুলানা-মুংগলা ৰে'ল প্ৰকল্পও ব্যাহত হ'ব। তদুপৰি, দুয়োখন দেশৰ আঞ্চলিক সংযোগ থকা ৰে'ল আৰু জলপথো ব্যাহত হ'ব। 

এই সিদ্ধান্তৰ ফলত ঢাকা-তংগি জয়দেৱপুৰ ৰে'ল সম্প্ৰসাৰণ প্ৰকল্পও ব্যাহত হ'ব। আনহাতে, আন পাঁচটা ৰে'ল প্ৰকল্পও বন্ধ কৰা হ'ব। 

উল্লেখযোগ্য যে কিছুদিন পূর্বে বাংলাদেশৰ অন্তৰ্বৰ্তী চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল সন্দৰ্ভত কৰা মন্তব্যৰ পাছৰে পৰাই ভাৰত-বাংলাদেশৰ সম্পৰ্কত যথেষ্ট অৱনতি ঘটিছে। ইয়াৰ পাছতে বাংলাদেশে বাণিজ্যৰ বাবে ভাৰতৰ ভূমি ব্যৱহাৰ কৰিব নোৱাৰিব বুলিও ভাৰতে ঘোষণা কৰিছিল। এইবাৰ ভাৰতে উত্তৰ-পূৰ্বাঞ্চল সংযোগী বাংলাদেশলৈ থকা ৰে'ল প্রকল্পসমূহ বন্ধ কৰাটো যথেষ্ট লক্ষণীয় হৈ পৰিছে। বাংলাদেশ সংযোগী এই ৰে'ল প্রকল্পসমূহত ভাৰতে ইতিমধ্যে বহু ধন বিনিয়োগ কৰিছে।

উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?