--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়া সংস্কৰণৰ উইজডেন ক্রিকেটাৰ্ছ এলমেনাকৰ বিশ্বৰ অগ্ৰণী ক্রিকেটাৰৰ সন্মান লাভ কৰিছে ভাৰতৰ দুই তাৰকা যশপ্রীত বুমৰাহ আৰু স্মৃতি মান্ধানাই। ২০২৪ চনত দাঙি ধৰা উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে এই সন্মান লাভ কৰে বুমৰাহে। 

ক্ৰিকেটৰ কেউটা সংস্কৰণত বুমৰাহে উন্নত প্রদর্শন দাঙি ধৰাৰ লগতে আৰু ৱেষ্ট ইণ্ডিজত ভাৰতে-টি-২০ বিশ্ব কাপৰ খিতাপ জয় কৰাৰ লগে লগে তেওঁ প্রতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মানো পাইছিল। ইফালে, ২০২৪ চনত উন্নত প্রদর্শন দাঙি ধৰাৰ সুবাদতে অ'পেনাৰ মান্ধানাই বৰ্ষশ্রেষ্ঠ অগ্রণী ক্রিকেটাৰৰ বঁটা পায়। সেই ছিজনটোত পাঁচটা শতৰান কৰিছিল মান্ধানাই। ইয়াৰ মাজত আছিল ৪টা এদিনীয়া আন্তর্জাতিক শতৰান। মান্ধানাৰ নেতৃত্বতে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে যোৱা বছৰত প্ৰথমবাৰলৈ মহিলাৰ প্রিমিয়াৰ লীগৰ খিতাপ জয় কৰিছিল। 

আনহাতে, ৱেষ্ট ইণ্ডিজৰ বেটাৰ নিকলাছ পুৰাণে বৰ্ষশ্রেষ্ঠ টি-২০ খেলুৱৈৰ বঁটা লাভ কৰে। ইংলেণ্ডৰ গাছ আটকিনছন, জেমী স্মিথ আৰু ছুফী ইকলষ্টনসহ লিয়াম জছন আৰু ডন ৱৰেলে উইজডেনৰ বৰ্ষশ্রেষ্ঠ ক্রিকেটাৰৰ সন্মান অর্জন কৰে। ইয়াৰ উপৰি, ৩১ বছৰীয়া বুমৰাহে ২০২৪ ছিজনত ১৪.৯২ গড়ে ৭১টা টেষ্ট উইকেট লাভ কৰিছিল। 

অষ্ট্ৰেলিয়াত ব'ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত বুমৰাহে ১৩.০৬ গড়ে দখল কৰিছিল ৩২টা উইকেট। আনহাতে, ২৪ বছৰীয়া মান্ধানাই ২০২৪ চনত কেউটা সংস্কৰণ মিলি সংগ্ৰহ কৰিছিল ১৬৫৯ ৰান। দুবাৰ উইজডেনৰ বঁটা লাভ কৰা মান্ধানাই (১৪৯) যোৱা ছিজনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ১০ উইকেটত জয়ী হোৱা টেষ্টখনত নিজৰ দ্বিতীয়টো টেষ্ট শতৰান পূৰ কৰিছিল।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?