--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান বেছিভাগ লোকেই শৌচাগাৰলৈ গৈ হয় ফোন ব্যৱহাৰ কৰে নতুবা বাতৰি কাকত পঢ়ে৷কিন্তু আপুনি জানেনে যে আপোনাৰ এই অভ্যাসে আপোনাৰ শৰীৰত বহুতো ৰোগ সৃষ্টি কৰিব পাৰে। বিশেষজ্ঞসকলৰ মতে শৌচালয়ত ১০ মিনিটতকৈ বেছি সময় বহিব নালাগে।

ইউনিভাৰ্চিটি অৱ টেক্সাছ চাউথৱেষ্টাৰ্ণ মেডিকেল চেণ্টাৰৰ কলৰেক্টাল চাৰ্জন ডাঃ লাই জৌৱে কয় যে, ‘এই অভ্যাসে অৰ্শ আৰু দুৰ্বল পেলভিক পেশীৰ সম্ভাৱনা বৃদ্ধি কৰে।যেতিয়া ৰোগীয়ে অভিযোগ লৈ মোৰ ওচৰলৈ আহে তেতিয়া তেওঁলোকৰ অসুখ হোৱাৰ মূল কাৰণটো হ’ল শৌচালয়ত বেছি সময় বহি থকা।’

চিকিৎসা বিজ্ঞানৰ সহকাৰী অধ্যাপক তথা ষ্ট’নি ব্ৰুক মেডিচিনৰ ইনফ্লেমেটৰী বাৱেল ডিজিজ চেণ্টাৰৰ পৰিচালক ডাঃ ফাৰাহ মনজুৰে কয় যে, ‘মানুহে ৫ৰ পৰা ১০ মিনিটতকৈ অধিক সময় শৌচাগাৰত কটাব নালাগে।বহু সময় বহি থাকিলে পেলভিক এৰিয়াত অধিক চাপ পৰিব পাৰে, যাৰ ফলত পায়ুপথৰ পেশী দুৰ্বল হোৱা আৰু পেলভিক ফ্ল’ৰ ডিছফাংচনৰ দৰে ৰোগ হ’ব পাৰে।

শৌচালয়ৰ আসনখন অণ্ডাকাৰ আকৃতিৰ যাৰ বাবে মলদ্বাৰৰ অৱস্থান অতি নিম্ন হৈ পৰে। মাধ্যাকৰ্ষণ শক্তিয়ে শৰীৰৰ তলৰ অংশটো তললৈ টানি আনে, যাৰ ফলত শিৰাবোৰৰ ওপৰত চাপ পৰে। ডাঃ লাই জৌৱে কয় যেতেজ পুনৰ ওলাই যাব নোৱাৰাৰ ফলত মলদ্বাৰ আৰু মলদ্বাৰৰ চাৰিওফালে থকা শিৰা আৰু ৰক্তবাহী নলীবোৰত তেজ ভৰি পৰে, যিয়ে পাইলছৰ সম্ভাৱনা বৃদ্ধি কৰে।"

মনজুৰে কয় যে জোৰকৈ চাপ দিলে পাইলছৰ সম্ভাৱনা বৃদ্ধি পায়। শৌচাগাৰত ফোনত ব্যৱহাৰ কৰা লোকসকলে সময়ৰ হিচাপ নাৰাখে আৰু বহি থকাৰ সময়ত পেশীত হেঁচা প্ৰয়োগ কৰে। ডাঃ লাই জৌৱে কয় যে আজিকালি আমি শৌচাগাৰত অধিক সময় কটোৱা লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱা দেখিবলৈ পাইছো আৰু এইটো এনোৰেক্টাল অংগ আৰু পেলভিক ফ্ল’ৰৰ বাবে অতি অস্বাস্থ্যকৰ।

ডাঃ লাই জৌৱে পৰামৰ্শ দিছে যে যদি আপুনি প্ৰতিদিনে মলত্যাগ কৰি অসুবিধা পায়, তেন্তে ১০ মিনিট ইফালে সিফালে ঘূৰি ফুৰিব। ইয়াৰ উপৰিও হাইড্ৰেটিং আৰু ফাইবাৰ সমৃদ্ধ খাদ্য খোৱাটো বাঞ্ছনীয় কাৰণ আঁহযুক্ত খাদ্যই হজম শক্তিত সহায় কৰে। কেতিয়াবা এই সমস্যা গেছৰ বাবেও হ’ব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?