--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অস্কাৰ প্ৰচাৰৰ পূৰ্বে আমিৰ খান আৰু কিৰণ ৰাৱে নিজৰ ছবি ‘লাপাটা লেডিজ’ৰ নাম সলনি কৰিছে। কিৰণ ৰাওৰ পৰিচালিত এই ছবিখনৰ নিৰ্মাতাসকলে মুকলি কৰিছে এখন নতুন পোষ্টাৰ, য’ত ছবিখনৰ নাম লিখা গৈছে ‘লষ্ট লেডিজ’। উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় দৰ্শকৰ মাজত ছবিখনৰ প্ৰসাৰ আৰু আকৰ্ষণ বৃদ্ধিৰ বাবে ছবিখনৰ নাম সলনি কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

ছবিখনৰ নতুন পোষ্টাৰখন আমিৰ খান প্ৰডাকচন হাউছৰ অফিচিয়েল ইনষ্টাগ্ৰামতো শ্বেয়াৰ কৰা হৈছে। ইয়াৰ লগতে শেহতীয়াকৈ নিৰ্মাতাসকলে ‘লষ্ট লেডিজ’ নামৰ এটা ইনষ্টাগ্ৰাম পেজ তৈয়াৰ কৰিছে। নতুন পোষ্টাৰত দেখা গৈছে যে এই ছবিখন ভাৰতৰ পৰা শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় বৈশিষ্ট্যপূৰ্ণ ছবিৰ শিতানত অস্কাৰ বঁটালৈ আনুষ্ঠানিক প্ৰৱেশ হিচাপে প্ৰেৰণ কৰা হৈছে।


মঙলবাৰে চেফ বিকাশ খান্নাই নিউয়ৰ্কত লষ্ট লেডিজ ছবিখনৰ বিশেষ প্ৰদৰ্শনৰ আয়োজন কৰে। ছ’চিয়েল মিডিয়াতো কিছু দৃশ্য শ্বেয়াৰ কৰি লিখিছে, ‘যেতিয়া প্ৰাৰ্থনা হৃদয়ৰ পৰা কৰা যায়, ‘জীত লো দুনিয়া’। অস্কাৰৰ প্ৰচাৰ অভিযানৰ অনুষ্ঠান এটা আয়োজন কৰাৰ সময়তো মোৰো একেধৰণৰ অনুভৱ হৈছিল। কিৰণ, আপুনি এজন প্ৰকৃত শিল্পী, যিয়ে এনে এখন আইকনিক ছবি নিৰ্মাণ কৰিছে।” পোষ্টটোত তেওঁ আমিৰ খানকো প্ৰশংসা কৰে।

লাপাটা লেডিজত মুখ্য চৰিত্ৰত দেখা গৈছে নিতাংশী গোয়াল, প্ৰতিভা ৰন্তা আৰু স্পৰ্শ শ্ৰীবাস্তৱক। তেওঁলোকৰ উপৰিও ছবিখনত ৰবি কিষাণ, ছয়া কদম, সতেন্দ্ৰ ছোনী, গীতা আগৰৱাল শৰ্মাৰ দৰে অভিনেতাও অভিনয় কৰিছে । চলিত বৰ্ষৰ ১ মাৰ্চত ছবিগৃহত মুক্তি লাভ কৰিছিল এই ছবিখন।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?