--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ আজি ২০২৫ চনৰ ২০ জানুৱাৰীত আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিবলৈ কৰে ড’নাল্ড ট্ৰাম্পে। বহু দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীকে ধৰি বহু গণ্যমান্য ব্যক্তিয়ে এই মুহূৰ্তৰ সাক্ষী হ’বলৈ ৱাশ্বিংটন ডি চিত উপস্থিত হয়। ২০ জানুৱাৰী আমেৰিকাৰ বাবে এক অতি বিশেষ দিন। প্ৰতি চাৰি বছৰৰ মূৰে মূৰে অনুষ্ঠিত হোৱা ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পিছত ২০ জানুৱাৰী তাৰিখে আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীয়ে শপত গ্ৰহণ কৰে। 

আমেৰিকাত প্ৰতি ৪ বছৰৰ মূৰে মূৰে নৱেম্বৰ মাহত ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হয় আৰু ২০ জানুৱাৰীত নতুন ৰাষ্ট্ৰপতিয়ে শপত গ্ৰহণ কৰে। যদি এই তাৰিখটো দেওবাৰ হয়, তেন্তে ৰাষ্ট্ৰপতিয়ে ব্যক্তিগত অনুষ্ঠানত শপত গ্ৰহণ কৰে আৰু পিছদিনা ৰাজহুৱা অনুষ্ঠানৰ আয়োজন কৰা হয়। কিন্তু যিকোনো পৰিস্থিতিতেই ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ ২০ জানুৱাৰীত হয়। এই প্ৰশ্নটো বহুতৰে মনত উদয় হয় যে আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতিয়ে ২০ জানুৱাৰীতেই কিয় শপত গ্ৰহণ কৰে। গতিকে ইয়াৰ আঁৰৰ গুৰুত্বপূৰ্ণ কাৰণ আৰু আমেৰিকাত এই পৰম্পৰা কিমান দিন ধৰি চলি আহিছে সেই বিষয়ে জানো আহক।


২০ জানুৱাৰীত শপত গ্ৰহণ কৰাৰ পিছত দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে কমাণ্ড ল’বলৈ ওলাইছে ড’নাল্ড ট্ৰাম্পে। আমেৰিকাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানটো বিশাল হ’ব য’ত বিশ্বৰ বহু দেশৰ আগশাৰীৰ লোকে অংশগ্ৰহণ কৰিবলৈ ওলাইছে। এইবাৰ আমেৰিকাৰ সংসদৰ ভিতৰৰ কেপিটেল ৰটাণ্ডা হলত শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব। আমেৰিকাৰ ইতিহাসত ৪০ বছৰৰ পাছত এনেকুৱা হৈছে যেতিয়া ঘৰৰ ভিতৰতে এজন ৰাষ্ট্ৰপতিয়ে শপত গ্ৰহণ কৰিব। তীব্ৰ ঠাণ্ডাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে।

আমেৰিকাৰ প্ৰতিজন নতুন ৰাষ্ট্ৰপতিয়ে শপত গ্ৰহণ কৰি ২০ জানুৱাৰীত কাৰ্যভাৰ গ্ৰহণ কৰে। কিন্তু ১৯৩৩ চনৰ আগতে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণৰ তাৰিখ বেলেগ আছিল। তাৰ পিছত ১৯৩৩ চনত নেব্ৰাস্কাৰ চিনেটৰ জৰ্জ নৰিছৰ উদ্যোগত সংবিধানৰ ২০ সংখ্যক অধ্যায়ৰ সংশোধনী কৰা হয়। এই দিনটোক আমেৰিকাত উদ্বোধনী দিৱস বুলিও কোৱা হয়। আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিগৰাকীয়েও আজিৰ দিনটোত শপত গ্ৰহণ কৰে।

ইয়াৰ পূৰ্বে কেতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে শপত গ্ৰহণ কৰিছিল?

আমেৰিকাত ১৯৩৩ চনৰ আগতে ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণৰ তাৰিখ আছিল ২০ জানুৱাৰীৰ পৰিৱৰ্তে ৪ মাৰ্চ। ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰায় দুমাহ পিছতে শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়। ১৭৮৯ চনত আমেৰিকাৰ সংবিধানৰ অস্তিত্বৰ পৰাই ৪ মাৰ্চত ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণৰ তাৰিখ নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু এই প্ৰক্ৰিয়াটো দীঘলীয়া আৰু জটিল হৈ পৰিছিল।

পৰম্পৰা কেতিয়া সলনি হ’ল?

নিৰ্বাচনৰ পিছৰ শপতগ্ৰহণৰ দীঘলীয়া ব্যৱধান ১৯৩৩ চনত দূৰ হয়। ১৯৩৩ চনত আমেৰিকাৰ সংবিধানৰ ২০ সংখ্যক অধ্যায়ৰ সংশোধনী কৰা হয়। ইয়াৰ পিছত ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণৰ তাৰিখ ৪ মাৰ্চৰ পৰিৱৰ্তে ২০ জানুৱাৰীলৈ সলনি কৰা হয়। এই সংশোধনীৰ পিছত ফ্ৰেংকলিন ডি ৰুজভেল্ট আছিল আমেৰিকাৰ প্ৰথমজন ৰাষ্ট্ৰপতি যিয়ে ১৯৩৩ চনৰ ২০ জানুৱাৰীত শপত গ্ৰহণ কৰিছিল। এই পৰম্পৰা তেতিয়াৰ পৰাই চলি আহিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?