--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইনষ্টাগ্ৰামে পুনৰ এক ডাঙৰ পৰিবৰ্তন আনিছে, যি বিশেষকৈ ক্ৰিয়েটৰ তথা ব্যৱহাৰকাৰীসকলৰ বাবে এক নতুন অভিজ্ঞতা সৃষ্টি কৰিব। এতিয়া ইনষ্টাগ্ৰামত ৩ মিনিটৰ দীঘল ৰিল আপলোড কৰিব পাৰিব, প্রফাইল গ্ৰীডৰ আকৃতি পৰিবর্তন কৰা হ’ব, আৰু বন্ধুসকলে পছন্দ কৰা ভিডিঅ’ সমূহ নতুন টেবত দেখা পাব।


ইনষ্টাগ্ৰামৰ মুখ্য বিষয়বস্তু হিচাপে ৰিল যথেষ্ট জনপ্ৰিয়। এতিয়ালৈকে ইনষ্টাগ্ৰামত ৯০ ছেকেণ্ডৰ দীঘল ৰিল আপলোড কৰাৰ সুবিধা আছিল, যাৰ বাবে বহুতো ক্ৰিয়েটৰে সময় কম পোৱাৰ অভিযোগ কৰিছিল। এই সমস্যাটোক লক্ষ্য কৰি ইনষ্টাগ্ৰামে এতিয়া ৩ মিনিটলৈ সময়সীমা বৃদ্ধি কৰিছে। ইনষ্টাগ্ৰামৰ মুখ্য কৰ্তৃপক্ষ এডাম মছেৰীয়ে সদ্য ঘোষিত এক ভিডিঅ’যোগে এই নতুন সুবিধাৰ কথা প্ৰকাশ কৰিছে। ইয়াৰ ফলত ক্ৰিয়েটৰসকলে নিজৰ গল্প, ভ্লগ, শিক্ষামূলক কন্টেন্ট, মিউজিক ভিডিঅ’ আদি অধিক ভালদৰে শ্বেয়াৰ কৰিব পাৰিব। ইউটিউবেও ইয়াৰ ‘Shorts’ ভিডিঅ’ৰ সময়সীমা ৩ মিনিটলৈ বৃদ্ধি কৰিছিল, আৰু এতিয়া ইনষ্টাগ্ৰামো সেই দিশে আগবাঢ়িছে।

ইনষ্টাগ্ৰামে এতিয়া প্রফাইল গ্ৰীডৰ আকৃতি পৰিবর্তন কৰাৰ ঘোষণা কৰিছে। বহুদিন ধৰি ইনষ্টাগ্ৰামৰ ফটো আৰু ভিডিঅ’সমূহ বৰ্গক্ষেত্ৰ  আকৃতিৰ আছিল, কিন্তু বৰ্তমান অধিকাংশ ভিডিঅ’ উলম্ব হোৱাত এই নতুন ব্যৱস্থা আনা হৈছে। নতুন গ্ৰীডৰ ফলত ভিডিঅ’ আৰু ফটোবোৰ অধিক দৃশ্যমান হ’ব, বিশেষকৈ ৰিল ভিডিঅ’ৰ ক্ষেত্ৰত।

ইনষ্টাগ্ৰামে বন্ধুসকলে লাইক কৰা, কমেণ্ট কৰা বা পচন্দ কৰা ভিডিঅ’সমূহৰ বাবে এক নতুন ‘Reels Feed’ যোগ কৰিছে। যি এই নতুন টেবটোৱে ব্যৱহাৰকাৰীক নিজৰ বন্ধুসকলৰ পছন্দ অনুসৰি নতুন ভিডিঅ’ বিচাৰিবলৈ সহায় কৰিব। ইয়াৰ আগতে, ‘Activity Feed’-ত বন্ধুসকলে কিহত লাইক আৰু কমেণ্ট কৰিছে সেইবোৰ দেখা পাব , কিন্তু এতিয়া সেইবোৰ ৰিল ফীড হিচাপে একেলগে দেখা যাব।


এই নতুন সুবিধাসমূহে ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীসকলৰ বাবে এক নতুন অভিজ্ঞতা আনিব বুলি আশা কৰা হৈছে। দীঘলীয়া ৰিল ভিডিঅ’, নতুন গ্ৰীড, আৰু বন্ধুসকলৰ পছন্দৰ ভিডিঅ’ সমূহ দেখা পোৱাৰ সুবিধাই ইনষ্টাগ্ৰামক অধিক আকর্ষণীয় কৰি তুলিব। বিশেষকৈ, ক্ৰিয়েটৰসকলৰ বাবে এইসমূহ এক ডাঙৰ সুবিধা হ’ব, কিয়নো সময়সীমা বৃদ্ধি হোৱাৰ ফলত তেওঁলোকৰ কন্টেন্টসমূহ অধিক ক্ৰিয়েটিভ আৰু বিস্তৃত হ’ব।

সামগ্ৰিকভাৱে চালে, ইনষ্টাগ্ৰামে এই তিনিটা সুবিধাৰ যোগেদি ক্ৰিয়েটৰসকলৰ বাবে অধিক সম্ভাৱনাময় এক প্লেটফৰ্ম ৰূপে আত্মপ্রকাশ কৰিব। এতিয়া মাথোঁ চাবলৈ বাকী, এই নতুন পৰিবৰ্তনসমূহে ইনষ্টাগ্ৰামক আগলৈ কিদৰে আগুৱাই নিব।




FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?