--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতে ৰচিলে ইতিহাস । খো খো বিশ্বকাপ ২০২৫ৰ খিতাপ দখল কৰিছে ভাৰতীয় মহিলা দলে। ফাইনেলত নেপালক পৰাস্ত কৰি ভাৰতীয় মহিলা দলটোৱে প্ৰথম চেম্পিয়ন হিচাপে পৰিগণিত হয়। চূড়ান্ত মেচখনত ভাৰতে ৭৮-৪০ ত জয়লাভ কৰে। সমগ্ৰ বিশ্বকাপত ভাৰতীয় মহিলা খো খো দলে শক্তিশালী প্ৰদৰ্শন আগবঢ়ায়।

দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা প্ৰথম খো-খো বিশ্বকাপত ভাৰতীয় পুৰুষ আৰু মহিলা দলৰ আধিপত্য দেখা গ’ল। মহিলা দলটোৱে নেপালক পৰাস্ত কৰি বিশ্বকাপৰ খিতাপ দখল কৰাৰ বিপৰীতে পুৰুষৰ দলটোৱেও তেওঁলোকৰ পদাংক অনুসৰণ কৰি নেপালক পৰাস্ত কৰি বিশ্বকাপৰ ট্ৰফী লাভ কৰিবলৈ সক্ষম হয়। ভাৰতীয় পুৰুষ দলটোৱে সমগ্ৰ প্ৰতিযোগিতাখনত অপৰাজিত অভিযান বজাই ৰাখিছিল, যিটো চূড়ান্ত মেচতো অব্যাহত ৰাখিছিল। ভাৰতে নেপালৰ বিৰুদ্ধে ৫৪-৩৬ৰ ব্যৱধানত খিতাপ অৰ্জন কৰে।

খো-খো বিশ্বকাপ ২০২৫ৰ পুৰুষৰ ফাইনেল খেলখনত ভাৰতীয় দলটোৱে নেপালৰ বিৰুদ্ধে এক সুন্দৰ আৰম্ভণি কৰিছিল য’ত তেওঁলোকে প্ৰথম পালত ২৬ পইণ্ট লাভ কৰিছিল আৰু নেপালৰ দলটোক আৰম্ভণিৰ সুযোগ নিদিলে। দ্বিতীয় পালত নেপালে সামান্য প্ৰত্যাৱৰ্তন কৰি মুঠ ১৮ পইণ্ট লাভ কৰে যদিও ভাৰতীয় দলে ৮ পইণ্টৰ অগ্ৰগতি বজাই ৰাখিবলৈ সক্ষম হয়। অৱশ্যে তৃতীয় পালত ভাৰতীয় পুৰুষৰ খো-খো দলৰ উজ্জ্বল প্ৰত্যাৱৰ্তন ঘটি পইণ্টৰ সংখ্যা ৫০ৰ অতিক্ৰম কৰি নেপালক খিতাপ সংঘৰ্ষৰ পৰা সম্পূৰ্ণৰূপে বাহিৰ কৰি দিয়ে।

নেপালৰ বিৰুদ্ধে চূড়ান্ত খেলখনৰ প্ৰথম তিনিটা পালত ভাৰতীয় পুৰুষৰ খো-খো দলে নিজৰ অগ্ৰগতি বজাই ৰখাৰ বিপৰীতে চতুৰ্থ পালতো একেধৰণৰ কথা দেখা গৈছিল আৰু ভাৰতীয় দলে ৫৪-৩৬ ৰ ব্যৱধানত জয়লাভ কৰে। এই বিশ্বকাপত ভাৰতীয় পুৰুষৰ খো-খো দলে দ্বিতীয়বাৰৰ বাবে নেপাল দলক পৰাস্ত কৰিছে, য’ত পূৰ্বে দুয়োৰে মাজত গ্ৰুপ মেচত সংঘৰ্ষ হৈছিল আৰু সেইখনো জয়ী হোৱাত ভাৰত সফল হৈছিল। পুৰুষৰ খো-খো বিশ্বকাপৰ প্ৰথম সংস্কৰণত মুঠ ২০টা দলে অংশগ্ৰহণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?