--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমীয়া চলচ্চিত্ৰৰ আছে এক বৰ্ণিল ইতিহাস। ১৯৩৫ চনত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা নিৰ্মিত ‘জয়মতী’ চলচ্চিত্ৰই মুকলি কৰিছিল এখন নতুন দুৱাৰ। ভাৰতীয় চলচ্চিত্ৰ ইতিহাসৰ চতুৰ্থখন সবাক চলচ্চিত্ৰ হিচাবে চিহ্নিত ‘জয়মতী’ৰ সমসাময়িকভাৱে দেশৰ অন্যান্য প্ৰান্ততো ঠন ধৰি উঠিছিল বিভিন্ন আঞ্চলিক ভাষাৰ সবাক চলচ্চিত্ৰৰ উদ্যোগসমূহ। সেয়াই আছিল আৰম্ভণি। 

চাওঁতে চাওঁতে আজি বছৰটোৰ অন্তিমটো দিনত আমি উপনীত হৈছোহি ৷ চৌপাশে নতুনক আদৰাৰ প্ৰস্তুতি ৷ আজিৰ এই ক্ষণত উপস্থিত হৈ পিছলৈ ঘূৰি চালে অনুভৱ হয় এই বৰ্ষটো অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে এটা উল্লেখনীয় বছৰ হিচাপে পৰিগণিত হৈছে ৷ 

২০২৪ বৰ্ষত অসমীয়া সংস্কৃতিক শিখৰলৈ লৈ যোৱাত সহায় কৰিলে কেইবাখনো অসমীয়া চিনেমাই ৷ চলিত বৰ্ষটোত মুক্তি লাভ কৰিলে ২৫ খনকৈ ছবি । চলিত বৰ্ষটোত মুক্তি পোৱা ছবিৰ সংখ্যা ২৫ খন ৷ এই সংখ্যা সঁচাই প্ৰশংসনীয় ৷ পিছে ২৫ খনেই যে ছবিগৃহত তুলপাৰ লগালে তেনে নহয় ৷ বেছিভাগ ছবিয়েই বিফল হ’ল ব্যৱসায়িকভাৱে ৷ বহু ছবিত মনোৰঞ্জনৰ লগতে সামাজিক বাৰ্তাও আছিল ৷

UFO Moviez India Ltd ৰ মহা প্ৰবন্ধক সৌৰভ দত্তই কয়, “আমি যদি ব্যৱসায়ৰ ফালৰ পৰা ক’বলৈ যাওঁ তেন্তে এই বর্ষৰ সৰ্বাধিক ব্যৱসায় কৰা ছবিখন হৈছে ‘বিদুৰভাই’ । সেই ছবিখনে প্ৰায় ১২.৫ কোটি টকাৰ ব্যৱসায় কৰিছে । তাৰ পিছত মুক্তি পোৱা ছবিসমূহে ‘বিদুৰভাই’ ৰ সমপৰ্যায়লৈ যাবলৈ সক্ষম নহ’ল যদিও ‘লোকেল কুংফু 3’, ‘চিকাৰ’, ‘অভিমন্যু’ এই ছবিকেইখনে এটা পৰ্যায়লৈ ব্যৱসায় কৰিছে ৷” 

২০২৪ ত মুক্তিৰ দিন ধাৰ্য কৰাৰ পাছতো পিছুৱাই দিয়া হ’ল এইকেইখন ছবি

তথ্য অনুসৰি ৰুদ্ৰখনো এইটো বছৰতে মুক্তি পোৱাৰ কথা আছিল । লগতে ‘ভাইমন দা’, ‘পথ-উপপথ’ এই ছবি কেইখনো এই বছৰতে মুক্তি পোৱাৰ কথা আছিল কিন্তু এইকেইখনৰ মুক্তিৰ দিন ২০২৫ লৈ পিছুৱাই দিয়া হৈছে । লগতে ৬ ডিচেম্বৰত হিমজ্যোতি তালুকদাৰৰ ‘তাৰিখ’ ছবিখনৰ মুক্তিৰ দিন আছিল । কিন্তু ৫ ডিচেম্বৰত ‘পুষ্পা ২’ খন মুক্তি লাভ কৰাৰ বাবে এই ছবিখনৰো মুক্তি দিন পিছুৱাই দিয়া হয় ।


২০২৪ত বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ'ল কেবাখনো অসমীয়া ছবি-তথ্যচিত্ৰ ৷ আৰ্জিলে বহু বঁটা-সুনাম ৷

ভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত তিনিখনকৈ অসমীয়া ছবি

৫৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় বোলছবি মহোৎসৱত ভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত তিনিখনকৈ অসমীয়া ছবি । ভাৰতীয় পেনোৰামাই বাচনি কৰা ২০ খন ছবিৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে যদুমণি দত্ত পৰিচালিত "জুইফুল" আৰু ড৹ ববী শৰ্মা বৰুৱা পৰিচালিত "ৰ'দৰ পাখি"। আনহাতে মূলসুতিৰ ছবি হিচাপে পেনোৰামাই বাচনি কৰা আন ৫ খন ভাৰতীয় ভাষাৰ ছবিৰ ভিতৰত অন্তৰ্ভুক্ত ৰাজেশ ভূঞা পৰিচালিত "স্বৰ্গৰথ"।

বুছান ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত ৰীমা দাসৰ 'ভিলেজ ৰকষ্টাৰ ২' লৈ শ্ৰেষ্ঠ চিনেমাৰ সন্মান

চলিত বৰ্ষত দক্ষিণ কোৰিয়াৰ বুছান চহৰত অনুষ্ঠিত হোৱা ২৯ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত 'শ্ৰেষ্ঠ ছবি'ৰ শিতানত বিশেষ বঁটা লাভ কৰিবলৈ সক্ষম হ'ল ৰীমা দাসৰ ছবি 'ভিলেজ ৰকষ্টাৰ ২' এ । ভাৰতীয় ফিচাৰ ফিল্ম হিচাপে ২৯ সংখ্যক বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ছবিখনে লাভ কৰে 'কিম জিচিঅ'ক বঁটা'। উল্লেখ্য যে, জিচিঅ’ক প্ৰতিযোগিতা শিতানত নিৰ্বাচিত হোৱা আঠখন ছবিৰ ভিতৰত একমাত্ৰ ভাৰতীয় ফিচাৰ হিচাপে চিহ্নিত হৈছিল 'ভিলেজ ৰকষ্টাৰ্ছ ২' । ছবিখনৰ এই সফলতাত উৎসাহিত ছবিখনৰ পৰিচালক ৰীমা দাস ।


চেন্নাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ বাবে নিৰ্বাচিত অসমীয়া চলচ্চিত্ৰ 'তাৰিখ'

২২ সংখ্যক চেন্নাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (CIFF) ২০২৪-ৰ নিৰ্বাচিত হৈছিল অসমীয়া ছবি "তাৰিখ"। ১২ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈ অনুষ্ঠিত হোৱা এই মহোৎসৱত ভাৰতীয় পেনাৰোমা শাখাত আনুষ্ঠানিকভাৱে নিৰ্বাচিত হোৱা এইখনেই আছিল উত্তৰ-পূব ভাৰতৰ একমাত্ৰ ছবি । অৰুন্ধতী শর্মা বৰুৱা আৰু ড৹ মুক্তিস্মান হাজৰিকাৰ দ্বাৰা প্ৰযোজিত 'তাৰিখ'ৰ পৰিচালক হৈছে হিমজ্যোতি তালুকদাৰ । ছবিখনৰ এই সফলতাৰ সন্দৰ্ভত ই টিভি ভাৰতৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত ছবিখনৰ পৰিচালক হিমজ্যোতি তালুকদাৰে কয়,"আমাৰ বাবে এইটো এক ডাঙৰ সফলতা । বহুত ভাল লাগিছে । আমাৰ উত্তৰ পূব ভাৰতৰ পৰা একমাত্ৰ প্ৰতিনিধি হিচাপে তাৰিখখন নিৰ্বাচিত হৈছে এয়া আমাৰ বাবে খুবেই এটা গৌৰৱৰ বিষয় বুলি ভাৱো ।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?