--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ বাবে ২০২৪ বৰ্ষটো আছিল অতি বিশেষ। ভাৰতীয় দলৰ বাবেও ই বিশেষ আছিল, কাৰণ ভাৰতে দ্বিতীয়বাৰৰ বাবে টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰিছিল, যাৰ চূড়ান্ত মেচখন ৯ জুনত অনুষ্ঠিত হৈছিল। 

এতিয়া বছৰৰ শেষৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে প্ৰকাশ কৰিছে এক বিশেষ তালিকা, য’ত আছে পাকিস্তানৰ বাবৰ আজম, অষ্ট্ৰেলিয়াৰ ট্ৰেভিছ হেড, জিম্বাবুৱেৰ চিকন্দৰ ৰাজা আৰু ভাৰতৰ আৰ্ছদীপ সিং। আই চি চিৰ পুৰুষৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ অৱ দ্য ইয়েৰৰ খিতাপৰ দৌৰত এই চাৰিগৰাকী খেলুৱৈৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ ভোটদান ইতিমধ্য চলি আছে।

বাবৰ আজম (পাকিস্তান)

২০২৪ চনত পাকিস্তানৰ অধিনায়ক বাবৰ আজমে ৭৩৮ ৰান সংগ্ৰহ কৰি দলটোৰ আটাইতকৈ নিৰ্ভৰযোগ্য বেটছমেন হিচাপে পৰিগণিত হয়। ২৪খন মেচত ৬টা অৰ্ধশতক অৰ্জন কৰে। আয়াৰলেণ্ড ভ্ৰমণত তেওঁৰ ৭৫ ৰানৰ ইনিংছ, য’ত তেওঁ ১৭৮.৫৭ ষ্ট্ৰাইক ৰেটত স্ক’ৰ কৰিছিল, এই বছৰৰ শ্ৰেষ্ঠ প্ৰদৰ্শনৰ ভিতৰত অন্যতম।

ট্ৰেভিছ হেড (অষ্ট্ৰেলিয়া)

অষ্ট্ৰেলিয়াৰ ট্ৰেভিছ হেডে ২০২৪ চনত টি-২০ ক্ৰিকেটত নিজৰ বেটিং দক্ষতা প্ৰদৰ্শন কৰিছিল। ১৫খন মেচত ১৭৮.৪৭ ষ্ট্ৰাইক ৰেটত ৫৩৯ ৰান সংগ্ৰহ কৰে। য’ত চাৰিটা অৰ্ধশতিকা অন্তৰ্ভুক্ত। ইংলেণ্ডৰ বিৰুদ্ধে তেওঁৰ ৫৯ ৰানৰ ইনিংছ চলিত বৰ্ষৰ অন্যতম আগ্ৰাসী ইনিংছ আছিল।

ছিকন্দাৰ ৰাজা (জিম্বাবুৱে)

জিম্বাবুৱেৰ অল-ৰাউণ্ডাৰ ছিকন্দাৰ ৰাজাই নিজৰ দলটোক বহু স্মৰণীয় জয়ৰ দিশত আগুৱাই লৈ যায়। ২০২৪ চনত তেওঁ ১৪৬.৫৪ ষ্ট্ৰাইক ৰেটত ৫৭৩ ৰান সংগ্ৰহ কৰাৰ লগতে ২২.২৫ বলিং গড়ত ২৪টা উইকেট দখল কৰিছিল। ৩/২৫ বলিং আৰু ভাৰতৰ বিৰুদ্ধে অধিনায়কত্বৰ বাবে দলটোৱে ১৩ ৰানত আচৰিত ধৰণৰ জয় লাভ কৰে। ৩৯ বছৰ বয়সতো ৰাজাৰ প্ৰদৰ্শনে তেওঁৰ অভিজ্ঞতা আৰু খেলৰ প্ৰতি সমৰ্পিততাৰ পৰিচয় দিয়ে।

আৰ্শদীপ সিং (ভাৰত)

ভাৰতৰ যুৱ বেগী বলাৰ আৰ্শদীপ সিঙে ২০২৪ চনত তেওঁৰ উজ্জ্বল বলিঙৰ জৰিয়তে ক্ৰিকেটপ্ৰেমীক আপ্লুত কৰিছিল। ২০২৪ চনত তেওঁ ১৮খন মেচত গড়ে ১৩.৫ ৰানত ৩৬টা উইকেট দখল কৰিছিল। বিশেষকৈ টি-২০ বিশ্বকাপ ২০২৪ৰ ফাইনেলত তেওঁৰ মাৰাত্মক বলিঙে ভাৰতে দ্বিতীয়বাৰৰ বাবে খিতাপ দখল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁৰ আটাইতকৈ স্মৰণীয় ইনিংছটো ১৯ নং অভাৰত দেখা গৈছিল, যেতিয়া তেওঁ মাত্ৰ চাৰিটা ৰান দি বিপক্ষ দলটোক হেঁচা প্ৰয়োগ কৰিছিল।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?