--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নতুন বছৰ আৰম্ভ হ’বলৈ এতিয়া মাজত মাথো কেইটামান দিন বাকী৷ নতুন বছৰক আদৰিবলৈ সাজু হৈ উঠিছে জনসাধাৰণ। একে সময়তে মনোৰঞ্জনৰ ক্ষেত্ৰত খনতো ২০২৫ বৰ্ষতো ২০২৪ চনৰ দৰেই সুন্দৰ ৱেব ছিৰিজ আহি আছে দৰ্শকক আলোড়িত কৰিবলৈ। কন্টেন্টৰ ক্ষেত্ৰত অ’টিটিৰ জগতখন খুৱেই চহকী। ক্ৰাইম-থ্ৰিলাৰৰ পৰা পাৰিবাৰিক নাটকলৈকে এনে কিছুমান ৱেব ছিৰিজ ২০২৫ চনত মুক্তি পাবলৈ গৈ আছে যাৰ বাবে দৰ্শকে আগ্ৰহেৰে অপেক্ষা কৰি আছে। 

২০২৫ চনত মুক্তি পাবলগীয়া  কেইখনমান ৱেব ছিৰিজৰ বিষয়ে জানো আহক...

‘ষ্টাৰডম’

ৰেড চিলিছৰ বেনাৰত নিৰ্মিতত ‘ষ্টাৰডম’ ৱেব ছিৰিজ খন ২০২৫ চনত নেটফ্লিক্সত প্ৰচাৰ হ’ব য’ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানে ২০২৫ চনত পৰিচালক হিচাপে অভিনয়ৰ জগতখনত প্ৰৱেশ কৰিছে।

ৰক্ত ব্ৰহ্মাণ্ড: দ্যা ব্লাডি কিংডম

ৰাজ এণ্ড ডি কেৰ ফেণ্টাচিৰ ৱেব ছিৰিজ ৰক্ত ব্ৰহ্মাণ্ড: দ্য ব্লাডি কিংডম নৱবৰ্ষত নেটফ্লিক্সত মুক্তি লাভ কৰিব৷ এই ৱেব ছিৰিজ খনত আদিত্য ৰয় কাপুৰ, সামন্ত ৰুথ প্ৰভু, আলী ফজল আৰু বামিকা গাব্বি আদি অভিনয় শিল্পীক দেখিবলৈ পোৱা যাব। ৱেব ছিৰিজ খন টুম্ববাদৰ পৰিচালক ৰাহি অনিল বৰভেই নিৰ্মাণ কৰিছে। 

দ্য ফেমিলি মেন ছিজন-3

ৰাজ এণ্ড ডিকেৰ এই থ্ৰিলাৰ ছিৰিজ খন মুক্তি পাব ২০২৫ চনৰ দীপাৱলীত আমাজন প্ৰাইম ভিডিঅ'ত উপলব্ধ হ’ব ৱেব ছিৰিজ খন। এই ৱেব ছিৰিজ খনত মনোজ বাজপেয়ীৰ লগতে প্ৰিয়মণি, অশ্বলেষা ঠাকুৰ, শ্বৰীব হাছমী, জয়দীপ আহলাৱটে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

ব্লেক ৱাৰেণ্ট

বিক্ৰমাদিত্য মটৱানীয়ে নিৰ্মাণ কৰা এই ৱেব ছিৰিজ খন ১০ জানুৱাৰীত নেটফ্লিক্সত মুক্তি পাব।এই ধাৰাবাহিকখন ২০১৯ চনৰ ব্লেক ৱাৰেণ্ট: কনফেচনছ অৱ এ তিহাৰ জেইলাৰ নামৰ কিতাপখনৰ আধাৰত নিৰ্মাণ কৰা হৈছে। ৱেব ছিৰিজ খনৰ জৰিয়তে শশী কাপুৰৰ নাতি জাহান কাপুৰে অ’টিটিত অভিষেক ঘটাব।

পাতাল লোক ২

পাঁচ বছৰৰ পাছত আহি আছে পাতল লোকৰ দ্বিতীয় ছিজন। পাতাল লোক-২ ১৭ জানুৱাৰীৰ পৰা আমাজন প্ৰাইম ভিডিঅ'ত ষ্ট্ৰীম হ’ব। ৱেব ছিৰিজ খনত জয়দীপ আহলাৱত, ইশ্বক সিং আৰু গুল পানাগক দেখা যাব এই ৱেব ছিৰিজ খনত।

ডাব্বা কাৰ্টেল

ডাব্বা কাৰ্টেল ধাৰাবাহিকখন ফাৰহান আখতাৰ আৰু এক্সেল এণ্টাৰটেইনমেণ্টে নিৰ্মাণ কৰিছে আৰু ১৯৬০ চনৰ সময়ৰ আধাৰত নিৰ্মিত থ্ৰিলাৰ ৱেব ছিৰিজ খনৰ পৰিচালনা কৰিছে হিতেশ ভাটিয়াই। বানা আজমী, শালিনী পাণ্ডে, জ্যোতিকা, আকাশদ্বীপ সিং, জিছু সেনগুপ্ত আৰু গজৰাজ ৰাও অভিনীত এই ৱেব ছিৰিজ খনত নেটফ্লিক্সত মুক্তি পাব।

বেণ্ডৱালে

শালিনী পাণ্ডে আৰু শশী কাপুৰৰ নাতি জাহান কাপুৰ, স্বানন্দ কিৰকিৰে, সঞ্জনা দীপু, আশীষ বিদ্যাৰ্থী আৰু অনুপমা কুমাৰে অভিনয় কৰা বেণ্ডৱালে প্ৰাইম ভিডিঅ'ত উপলব্ধ হ’ব৷ ৱেব ছিৰিজ খনত  যুৱ কবি মৰিয়মৰ কাহিনী দৰ্শোৱা হৈছে, মৰিয়ম এনে এখন চহৰত বাস কৰে য’ত  ছোৱালীৰ ভৱিষ্যত ছোৱালীৰ বিয়াতে লুকুৱাই থকে। অক্ষত ভাৰ্মা আৰু অংকুৰ ভাৰ্মাই এই 

ট্ৰাইল ছিজন ২

দ্য ট্ৰাইল ছিজনৰ সফলতাৰ পিছত ২০২৫ চনত আহি আছে দ্য ট্ৰাইল ছিজন ২, কাজোল অভিনীত আদালতৰুম নাটক ধাৰাবাহিকখন দুৰ্নীতি আৰু যৌন কেলেংকাৰীৰ ওপৰত আধাৰিত। ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত ডিজনী প্লাছ হটষ্টাৰত প্ৰচাৰ হ’ব চুপাৰন ভাৰ্মাৰ এই ৱেব ছিৰিজখন৷

প্ৰীতম পেড্ৰ’

ডাংকিৰ পৰিচালক ৰাজকুমাৰ হিৰাণীৰ ক্ৰাইম থ্ৰিলাৰ ৱেব ছিৰিজ প্ৰীতম পেড্ৰ’ত দেখা যাব বিক্ৰান্ত মেছি আৰু আৰ্শ্বদ ৱাৰ্ছীক। এই ধাৰাবাহিকখন ২০২৫ চনত ডিজনী প্লাছ হটষ্টাৰত সম্প্ৰচাৰ হ’ব

মাটকা কিং

২০২৫ চনৰ আন এখন প্ৰত্যাশিত মাটকা কিঙত বিজয় ভাৰ্মা, কৃতিকা কামৰা, সাই সাই তামহংকৰ আৰু গুলশান গ্ৰ’ভাৰে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। নাগৰাজ মুঞ্জলেই এই ৱেব ছিৰিজ খন নিৰ্মাণ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?