--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অৱশেষত অন্ত পৰিল উৎকণ্ঠাৰ! ২০২৫ বৰ্ষত অনুষ্ঠিত হ’বলগীয়া চেম্পিয়নছ ট্ৰফীৰ সূচী ঘোষণা কৰিলে আইচিচিয়ে৷ প্ৰতিযোগিতাখনৰ আয়োজন সন্দৰ্ভত বিচিচিআই আৰু পিচিবিৰ মাজত কেইবা সপ্তাহ ধৰি বিবাদৰ পাছত হাইব্ৰিড মডেলৰ ওপৰত একমত হোৱাত আইচিচিয়ে আনুষ্ঠানিকভাৱে সূচী প্ৰকাশ কৰিছে।

১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব বহু প্ৰতিক্ষিত চেম্পিয়নছ ট্ৰফীৰ প্ৰথমখন মেচ নিউজিলেণ্ড আৰু আয়োজক পাকিস্তানৰ মাজত কৰাচীত অনুষ্ঠিত হ’ব। ৯ মাৰ্চত চেম্পিয়নছ ট্ৰফীৰ-২০২৫ৰ ফাইনেল অনুষ্ঠিত হ’ব আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে ইতিমধ্যে বিচিচিআইয়ে দাবী কৰা অনুসৰি। টিম ইণ্ডিয়াই নিজৰ সকলো মেচ ডুবাইত খেলিব৷ অহা ২৩ ফেব্ৰুৱাৰীত ডুবাইত অনুষ্ঠিত হ’ব ভাৰত আৰু পাকিস্তানৰ মাজৰ প্ৰথমখন মেচ।

চেম্পিয়নছ ট্ৰফীৰ সূচী অনুসৰি এ গ্ৰুপত আছে পাকিস্তান, ভাৰত, নিউজিলেণ্ড আৰু বাংলাদেশ। গ্ৰুপ বিত আছে দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়া, আফগানিস্তান আৰু ইংলেণ্ড। উল্লেখযোগ্য যে ভাৰতীয় দলটোৱে নিজৰ সকলো খেল ডুবাইত খেলিব। যদি দলটোৱে ফাইনেলত প্ৰৱেশ কৰে তেন্তে লাহোৰৰ পৰিৱৰ্তে ডুবাইত অনুষ্ঠিত হ’ব। আৰু চেম্পিয়নছ ট্ৰফীৰ ফাইনেলৰ বাবে ৰিজাৰ্ভ ডে ৰখা হৈছে। যদিহে ৯ মাৰ্চত ফাইনেল অনুষ্ঠিত নহয় তেন্তে ১০ মাৰ্চত অনুষ্ঠিত হ’ব মেচখন। চেম্পিয়নছ ট্ৰফীৰ ছেমি ফাইনেলৰ বাবে কোনো ৰিজাৰ্ভ ডে’ ৰাখা নাই। চেম্পিয়নছ ট্ৰফীৰ সকলো খেল ২.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব বুলি সদৰি কৰিছে।

চেম্পিয়নছ ট্ৰফী সূচী

১৯ ফেব্ৰুৱাৰী– পাকিস্তান বনাম নিউজিলেণ্ড, কৰাচী
২০ ফেব্ৰুৱাৰী– ভাৰত বনাম বাংলাদেশ, ডুবাই
২১ ফেব্ৰুৱাৰী-আফগানিস্তান বনাম দক্ষিণ আফ্ৰিকা, কৰাচী
২২ ফেব্ৰুৱাৰী– অষ্ট্ৰেলিয়া বনাম ইংলেণ্ড, লাহোৰ
২৩ ফেব্ৰুৱাৰী– পাকিস্তান বনাম ভাৰত, ডুবাই
২৪ ফেব্ৰুৱাৰী-বাংলাদেশ বনাম নিউজিলেণ্ড, ৰাৱালপিণ্ডি
২৫ ফেব্ৰুৱাৰী- অষ্ট্ৰেলিয়া বনাম দক্ষিণ আফ্ৰিকা, ৰাৱালপিণ্ডি।
২৬ ফেব্ৰুৱাৰী- আফগানিস্তান বনাম ইংলেণ্ড, লাহোৰ।
২৭ ফেব্ৰুৱাৰী- পাকিস্তান বনাম বাংলাদেশ, ৰাৱালপিণ্ডি।
২৮ ফেব্ৰুৱাৰী- আফগানিস্তান বনাম অষ্ট্ৰেলিয়া, লাহোৰ।
১ মাৰ্চ- দক্ষিণ আফ্ৰিকা বনাম ইংলেণ্ড, কৰাচী।
২ মাৰ্চ- নিউজিলেণ্ড বনাম ভাৰত, ডুবাই।
৪ মাৰ্চ– ছেমি ফাইনেল ১, ডুবাই
৫ মাৰ্চ- ছেমিফাইনেল ২, লাহোৰ
৯ মাৰ্চ- ফাইনেল - লাহোৰ/ডুবাই।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?