--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সন্দীপ ৰেড্ডী ভাংগা উদ্যোগটোৰ জনপ্ৰিয় পৰিচালক হিচাপে পৰিগণিত হৈছে। তেওঁৰ ছবিয়ে কোটি কোটি টকা উপাৰ্জন কৰি ন অভিলেখ সৃষ্টি কৰে। সন্দীপ ৰেড্ডী ভাংগাই অৰ্জুন ৰেড্ডী, কবীৰ সিং আৰু এনিমেল আদি ছবি নিৰ্মাণ কৰিছে। তেওঁৰ ছবিসমূহ বিতৰ্কৰ মাজেৰে সফল হ’বলৈ সক্ষম হৈছে ৷ 

সন্দীপৰ শেহতীয়া  ছবি আছিল এনিমেল। এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল ৰণবীৰ কাপুৰে। ছবিখনত অভিনেত্ৰী আছিল ৰশ্মিকা মাণ্ডন্না। এই ছবিখনত অনিল কাপুৰ আৰু ববি দেউলৰ দৰে তাৰকাকো দেখা গৈছিল। এতিয়া প্ৰভাসৰ সৈতে স্পিৰিট শীৰ্ষক ছবিৰ দৃশ্যগ্ৰহণত ব্যস্ত সন্দীপ। এই ছবিখনত প্ৰভাসক আৰক্ষী বিষয়াৰ চৰিত্ৰত দেখা যাব।
Sandeep Reddy Vanga's Bold Shift with Prabhas in 'Spirit'

উল্লেখ্য যে সন্দীপ ৰেড্ডী ভাংগাৰ কাইলৈ অৰ্থাৎ ২৫ ডিচেম্বৰত জন্মদিন। পৰিচালকৰ লগত জড়িত ৫টা নজনা তথ্য জানো আহক-

১)সন্দীপ ৰেড্ডীয়ে বিজয় দেৱেৰাকোণ্ডাৰ সৈতে অৰ্জুন ৰেড্ডী ছবিখন নিৰ্মাণ কৰিছিল। সন্দীপে অৰ্জুন নামটো বৰ ভাল পায়। অনুপমা চোপ্ৰাক দিয়া এক সাক্ষাৎকাৰত সন্দীপে কৈছিল যে তেওঁ নিজৰ পুত্ৰৰ নাম অৰ্জুন ৰেড্ডী ৰাখিছে। সন্দীপৰ বিবাহ মনীষা ৰেড্ডীৰ সৈতে। তেওঁৰ দুটা সন্তান আছে, এজন পুত্ৰ আৰু এগৰাকী কন্যা।

২)সন্দীপ ভাংগা ৰেড্ডীয়ে ধৰৱাদৰ এছ ডি এম কলেজৰ পৰা ফিজিঅ’থেৰাপি বিষয়ত ডিগ্ৰী লাভ কৰিছে। ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত তেওঁ অনুভৱ কৰিছিল যে তেওঁ ছবি নিৰ্মাণৰ প্ৰতি আগ্ৰহী। তাৰ পিছত তেওঁ চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ছিডনীৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বিদ্যালয়লৈ যায়।

৩)সন্দীপ ৰেড্ডীয়ে অৰ্জুন ৰেড্ডীৰ সৈতে পৰিচালক হিচাপে অভিষেক ঘটায়। কিন্তু এয়া তেওঁৰ প্ৰথম চিত্ৰনাট্য নাছিল। আগতে তেওঁ চেনিৰ কাৰখানা এটাত কাম কৰি আছিল যদিও কিছুমান কাৰণত সেইটো স্থগিত ৰখা হৈছিল। তাৰ পিছত অৰ্জুন ৰেড্ডীৰ কাম আৰম্ভ কৰিলে।

৪)জনপ্ৰিয় ছবি মহানতীত অৰ্জুন ৰেড্ডীয়ে কেমিঅ’ কৰিছিল। ছবিখনত তেওঁক বেদান্তম ৰাঘৱ্যৰ চৰিত্ৰত দেখা গৈছিল।

৫)সন্দীপে নিজৰ কেৰিয়াৰৰ প্ৰাৰম্ভিক দিনত মনসু মাতা ছবিত কাম কৰিছিল। তেওঁ কিৰণ কুমাৰৰ সৈতে কায়দী ভাষাত সহকাৰী পৰিচালক হিচাপে কাম কৰিছিল।






FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?