--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

গুৱাহাটী : নতুন বছৰৰ আৰম্ভণিতে অসমবাসী তথা চলচ্চিত্ৰপ্ৰমীৰ বাবে সুখবৰ এই যে, ২০২০ৰ দেশে-বিদেশে বহুলভাৱে চৰ্চিত বিশ্বজিৎ বৰাৰ ‘বেলকনিত ভগৱান’ নামৰ অসমীয়া ছবিখন দেশৰ অন্যতম সৰ্ববৃহৎ ’২৫সংখ্যক কেৰালা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱলৈ ‘Indian Cinema Now’ৰ প্ৰতিযোগিতা শাখাৰ বাবে আমন্ত্ৰিত হৈছে।

আৰু পঢ়িব পাৰিব : যৌতুকৰ বাবে মুখত সোপা দি ছুৰীৰে আক্ৰমণ শাহুৱেকক

‘বেলকিনৰ ভগৱান’ প্ৰদৰ্শিত হ’ব ৪বাৰকৈ

২৫সংখ্যক কেৰালা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ অহা ১০ ফেব্ৰুৱাৰীৰপৰা আৰম্ভ হৈ মাৰ্চলৈকে প্ৰায় ২৪দিনীয়া এক বৃহৎ কাৰ্যসূচীৰে হ’ব। দেশ-বিদেশৰ প্ৰায় ২০০ ছবিৰো অধিক প্ৰদৰ্শন হ’বলগীয়া এই মহোৎসৱৰ ২৪দিনীয়া কাৰ্যসূচীৰে হ’ব। দেশ-বিদেশৰ প্ৰায় ২০০ ছবিৰো অধিক প্ৰদৰ্শন হ’বলগীয়া এই মহোৎসৱৰ ২৪ দিনীয়া কাৰ্যসূচীত ‘বেলকিনৰ ভগৱান’ প্ৰদৰ্শিত হ’ব ৪বাৰকৈ, Trivandrum, Kochi, Thalassery and palakkad নামৰ মহানগৰসমূহত ‘বেলকনিৰ ভগৱান’ প্ৰদৰ্শন হ’ব।

‘মাইনা প্ৰডাকশ্যন’ৰ বেনাৰত নিৰ্মিত এই চলচ্চিত্ৰখনৰ প্ৰযোজনা কৰিছে ‘জেতুকা পাতৰ দৰে’ ছবিৰ দ্বাৰা ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত ছবিৰ প্ৰযোজক নুৰুল চুলতান আৰু পৰিচালনা কৰিছে বিশ্বজিৎ বৰাই।

আৰু পঢ়িব পাৰিব : পৰাজয় স্বীকাৰ ট্ৰাম্পৰ, ২০ জানুৱাৰীত এৰিব হোৱাইট হাউছ

চলচ্চিত্ৰখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে বলীউডৰ কেইবাখনো ছবি ক্ৰমে য়াহা, কমিনে, মিডনাইটছ চিলড্ৰেন, গেংগছ অব ৱাছিপুৰ আদিত অভিনীত হৰিশ খান্নাই। লগতে ইয়াত আন দুটা মুখ্য চৰিত্ৰত অভিনয় কৰিছে প্ৰণামী বৰা আৰু পিৰনান্ধি জিমা চুলতানাই। ইয়াৰ উপৰি অৰুণ হাজৰিকা, ৰাজীৱ ক্ৰ’, শোণিত বৰা, সাংবাদিক ইভা মহন্ত, পবিত্ৰ বৰুৱা, গৌৰী শংকৰ ভূঞা, যতীন খনিকৰ, বিনোদ লাল দাস, অজয় ভৰালী, আলোক বৰুৱা, জ্যোতিষ্মান কাশ্যপ আদিৰ লগতে জেষ্ঠ অভিনেতা দীনশ দাস, জ্যষ্ঠ অধিবক্তা বিজন মহাজন আৰু জনপ্ৰিয় সাংবাদিক ৰাজদ্বীপ বাইলুং বৰবৰুৱাই অভিনয় কৰিছে এই ছবিখনত। উল্লেখযোগ্য যে অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰাইও এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

চলচ্চিত্ৰখনৰ চিত্ৰগ্ৰহণ কৰিছে মুম্বাইৰ চিটাংশু খামাৰিয়ে, ছাউণ্ড ডিজাইনৰ কাম কৰিছে মুম্বাইস্থিত জ্যোতি চেতিয়াই, ডি আইৰ কাম কৰিছে সুজিত বৰাই, কথাছবিখনৰ কলা নিৰ্দেশনা জয়ন্ত জিন ফুকনৰ, কষ্টিউম ডিজাইনৰ কাম কৰিছে লোপামুদ্ৰা গগৈ বৰাই আৰু প্ৰযোজনা নিয়ন্ত্ৰণ অসীম শইকীয়াৰ আৰু প্ৰযোজনা সহকাৰী কুমুদ বৰাৰ। সহ প্ৰযোজনা – প্ৰকাশ কব্ৰা, ইনামূল চুলতান, মিছেছ মনোৱাৰ খানম আৰু মিছ নাজৰানা নাছৰিন চুলতানাৰ। ইতিমধ্যে বহুলভাৱে চৰ্চিত এই চলচ্চিত্ৰখন অসমীয়া ৰাইজে এই বছৰৰ শেষৰ ভাগলৈ চাবলৈ পাব বুলি প্ৰযোজকে জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?