--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ৱাশ্বিংটন : অৱশেষত পৰাজয় স্বীকাৰ কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। জ’ বাইডেনৰ হাতত নিৰ্বাচনত পৰাজিত হোৱাৰ পাছত বাইডেনৰ পৰাজয়ক অস্বীকাৰ কৰিবলৈ ভালেমান বৃথা চেষ্টা চলোৱাৰ পাছত বৃহস্পতিবাৰে নিজৰ পৰাজয় স্বীকাৰ কৰি লোৱাৰ ইংগিত দিছে ট্ৰাম্পে।

আৰু পঢ়িব পাৰিব : ভাল-খবৰ: ইণ্ডিয়ান পেনোৰামাৰ প্ৰতিযোগিতাত প্ৰৱেশ অসমীয়া ছবি

২০ জানুৱাৰীত স্বেচ্ছাই হোৱাইট হাউছ ত্যাগৰ ইংগিত দি ট্ৰাম্পে লিখিছে, জ’ বাইডেনৰ কাৰ্যকালৰ বাবে ২০ জানুৱাৰীত ক্ষমতাৰ ‘সুশৃংখলিত হস্তান্তৰ’ হ’ব। ট্ৰাম্পৰ সমৰ্থকে মাৰ্কিন সংসদৰ চৌহদত ব্যাপক হিংসাত্মক ঘটনা সংঘটিত কৰাৰ পাছত বিতৰ্কত সাঙোৰ খাই পৰিছিল ট্ৰাম্প। হোৱাইট হাউছৰ পৰা তেওঁক অপসাৰণৰ বিষয়েও চৰ্চা চলিছিল। তাৰ মাজতে মাৰ্কিন কংগ্ৰেছে ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থী জ’ বাইডেনৰ বিজয়ক আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰে। তাৰ পাছতে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পৰাজয় স্বীকাৰৰ ইংগিত দিছে ট্ৰাম্পে।

আৰু পঢ়িব পাৰিব : জ’ বাইডেনৰ বিজয়ত মাৰ্কিন কংগ্ৰেছৰ আনুষ্ঠানিক মোহৰ

তেওঁ লিখিছে, ‘যদিও মই নিৰ্বাচনী ফলাফলক মানি ল’বলৈ সম্পূৰ্ণভাৱে অসন্মত আৰু সত্য মোৰ সপক্ষে তথাপি ২০ জানুৱাৰীত ক্ষমতাৰ সুশৃংখলিত হস্তান্তৰ কৰা হ’ব।’ তেওঁ লগতে লিখিছে, ‘যদিও এই কথাই মহানতম প্ৰথমটো ৰাষ্ট্ৰপতিৰ কাৰ্যকালৰ সমাপ্তি ঘটাব তথাপি আমেৰিকাক আকৌ মহৎ কৰি তুলিবলৈ আমাৰ যুঁজৰ এয়া আৰম্ভণিহে।’ ট্ৰাম্পৰ এই মন্তব্যই ২০২৪চনত পুনৰ তেওঁ ৰাষ্ট্ৰপতি নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰো ইংগিত দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?