--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক:  বহাগ বিহুৰ পাছতে ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নির্বাচন। উচ্চ ন্যায়ালয়ৰ বাধা আঁতৰিল যদিও মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা অনুষ্ঠিত হৈ থকাৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰিব পৰা নাছিল। অহা ২৮/২৯ মাৰ্চৰ ভিতৰত পৰীক্ষাসমূহ শেষ হ'ব। ৰাজ্যিক নির্বাচন আয়োগে পৰীক্ষা শেষ হোৱাৰ লগে লগে নিৰ্বাচনৰ দিন ঘোষণা কৰিলে অহা ৩০ এপ্ৰিলৰ ভিতৰত পঞ্চায়ত নির্বাচন অনুষ্ঠিত হ'ব। 

উল্লেখযোগ্য যে বিধানসভা, লোকসভাৰ সমষ্টিসমূহ পুনৰ গঠনৰ পাছত পঞ্চায়ত এলেকাসমূহো পুনৰ গঠন কৰা হৈছিল। পুনৰ গঠিত ৩৯৭খন জিলা পৰিষদ, ১৮১ আঞ্চলিক পঞ্চায়ত সদস্যৰ লগতে ২১৯৩খন গাঁও পঞ্চায়তৰ বাবে ২১৯৩০টা ৱাৰ্ড সদস্যৰ বাবে পঞ্চায়ত নির্বাচন অনুষ্ঠিত হ'ব। আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে ৰঙালী বিহুও চলি থাকিব, পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতিও চলি থাকিব। 

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদসমূহ পূৰণৰ বাবে আজি ঘোষিত এ ডি আৰ ইত উত্তীৰ্ণসকলৰ মৌখিক পৰীক্ষা মে'ৰ পৰা জুনলৈ চলিব বুলিও মুখ্যমন্ত্রীয়ে কয়। পঞ্চায়ত নিৰ্বাচনৰ আৰ্হি আচৰণ বিধিৰ বাবে এপ্রিলত মৌখিক সাক্ষাৎকাৰ ল'ব পৰা নাযাব। এটা দিনত এশ-ডেৰশ প্ৰাৰ্থীৰ সাক্ষাৎকাৰ লোৱাহে সম্ভৱ, সেয়েহে সাক্ষাৎকাৰ প্রায় ডেৰমাহমান ধৰি চলিব। শুকুৰবাৰে ঘোষিত এ ডি আৰ ইৰ কাট অফ্ মার্কছ ঊর্ধ্ব হোৱা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে মেধাৰ ওপৰত কাট অফ্ মার্কছ নিৰ্ধাৰিত হয়। এই মার্কছ কোনেও বৃদ্ধিও কৰিব নোৱাৰে, কমাবও নোৱাৰে। বেছি চোকা ল'ৰা-ছোৱালী যেতিয়া সোমাই যায় তেতিয়াই কাট অফ্ মার্কছ বৃদ্ধি পায়। তেওঁ আৰু কয় যে বিজ্ঞাপনত পদৰ সংখ্যা যিমান দিয়া আছে সিমানসংখ্যক পদতে নিযুক্তি হ'ব। পাছত পদ বঢ়াব নোৱাৰি। এই পদসমূহৰ নিযুক্তি বৰ্তমানৰ চৰকাৰৰ কাৰ্যকালতে সম্পন্ন হ'ব বুলিও মুখ্যমন্ত্রীয়ে কয়। 

এন এইচ এমৰ কৰ্মচাৰীসকলে তিনিদিনীয়া কৰ্মবিৰতি পালন কৰা সন্দৰ্ভত মুখ্যমন্ত্রী ড° শর্মাই কয় যে তেওঁলোকক চৰকাৰে প্ৰৱঞ্চনা কৰা নাই। কাৰণ তেওঁলোকে আগবঢ়োৱা সেৱাৰ বাবত যি দৰমহা দিয়াৰ কথা কোৱা হৈছিল তাতোকৈ কমকৈ দিয়া নাই। বৰং প্ৰথমতে দিয়া দৰমহা বৃদ্ধিহে হৈছে। সকলোৱে প্ৰতিমাহৰ দৰমহা পাই আছে। গতিকে তেওঁলোকে প্রতিবাদ কৰাৰ কোনো যুক্তিযুক্ততা নাই বুলি মুখ্যমন্ত্রী ড° শর্মাই কয়। উল্লেখযোগ্য যে এন এইচ এমৰ কৰ্মচাৰীসকলে বিভিন্ন দাবীত তিনিদিনীয়া কর্মবিৰতি পালমাখবি প্রতিবাদী ভার্যসূচী গ্রহণ কৰিছিল।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?