--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বাংলাদেশ চৰকাৰৰ বাবে এটা ‘নিষিদ্ধ’ সংগঠন হিজবুট-তাহৰিৰ। যিটো সংগঠনৰ বিৰুদ্ধে আছে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিভিন্ন অভিযোগ। 

এইবাৰ ঢাকা যুদ্ধক্ষেত্ৰত পৰিণত হ'ল হিজবুট তাহৰিৰ শোভাযাত্ৰাক কেন্দ্ৰ কৰি। মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৱৰ্তীকালীন চৰকাৰৰ আৰক্ষীয়ে হিংসাত্মক হিজব সমৰ্থকক বাধা দিবলৈ লাঠি, কন্দুৱা গেছ, ব্যৱহাৰ কৰিব লগা পৰিস্থিতি। লগতে গ্ৰেপ্তাৰ কৰা হয় কেইবাজনো লোকক।

খবৰ অনুসৰি কালি শুকুৰবাৰৰ নামাজৰ অন্তত বাংলাদেশৰ জাতীয় মছজিদ বৈতুল মুকাৰৰামৰ পৰা বেনাৰ আৰু পতাকা লৈ হিজবুট তাহৰিৰ নেতা-কৰ্মীয়ে শোভাযাত্ৰা আৰম্ভ কৰে। বাংলাদেশৰ ধৰ্মনিৰপেক্ষ গণতন্ত্ৰৰ পৰিৱৰ্তে ইছলামিক খিলাফত স্থাপনৰ দাবীত উলিয়াইছিল সমদল। 

আৰক্ষীয়ে শোভাযাত্ৰা বন্ধ কৰাৰ লগে লগে বৃদ্ধি পায় উত্তেজনা। আৰক্ষীয়ে লাঠি, কন্দুৱা গেছ, শব্দ গ্ৰেনেড আদি ব্যৱহাৰ কৰি শোভাযাত্ৰাক ছত্ৰভংগ দিছিল। লগতে কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰ পিছতে মূল পথৰ পৰা আলিবাটত প্রৱেশ কৰি বিক্ষিপ্ত আক্রমণ চলোৱাৰ অভিযোগ উত্থাপন হৈছে৷

উল্লেখ্য যে আৰক্ষী মুখ্য কাৰ্যালয়ে হিজবুট তাহৰিৰৰ সকলো কাৰ্যকলাপ শাস্তিযোগ্য অপৰাধ বুলি জানিবলৈ দিয়ে।  আইন অনুসৰি তেওঁলোকৰ সকলো কাম-কাজ শাস্তিযোগ্য অপৰাধ। সভা, সমাৱেশ, শোভাযাত্ৰা, পোষ্টাৰ আদি যিকোনো প্ৰচেষ্টাক আইন উলংঘা বুলি গণ্য কৰা হয়। 

২০০৯ চনৰ ২২ অক্টোবৰত তেতিয়াৰ প্ৰধানমন্ত্ৰী হাছিনাৰ চৰকাৰে হিজবুট তাহৰিৰক ‘নিষিদ্ধ সংগঠন’ বুলি ঘোষণা কৰে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?