--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৫ নৱেম্বৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন। তুংগত উঠিছে দুই প্ৰতিদ্বন্দ্বী ডোনাল্ড ট্রাম্প আৰু কমলা হেৰিছৰ মাজৰ নিৰ্বাচনী যুঁজ। এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈ পৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ওপৰত।

এটলাছইণ্টেলৰ শেহতীয়া সমীক্ষা অনুসৰি ৫ নৱেম্বৰৰ ভোটদানৰ পূৰ্বে প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বিশেষকৈ সাতখন ৰাজ্যতে আগবাঢ়ি আছে বুলি প্ৰকাশ কৰিছে। সমীক্ষাটোত দেখা গৈছে যে প্ৰায় ৪৯% লোকে আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনত ড’নাল্ড ট্ৰাম্পক ভোট দিব বুলি কয়, কিয়নো ৰিপাব্লিকান দলটোৱে তেওঁৰ সমকক্ষ ডেম’ক্ৰেট কমলা হেৰিছতকৈ ১.৮% ভোটৰ অগ্ৰগতি লাভ কৰি আছে। নৱেম্বৰৰ প্ৰথম দুদিনত কৰা এই সমীক্ষাই আমেৰিকাৰ প্ৰায় ২৫০০ সম্ভাৱ্য ভোটাৰক অন্তৰ্ভুক্ত কৰিছিল ইয়াৰ  অধিকাংক্ষই আছিল মহিলা।

২০২৪ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ অন্তিম দিনকেইটাত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ মূল নিৰ্ণায়ক ভূমিকা পালন কৰা ৰাজ্যসমূহৰ ওপৰত নিৰ্বাচনৰ পূৰ্বে দৃষ্টি নিবদ্ধ হৈ পৰা পৰিলক্ষিত হৈছে। 

আন এক সমীক্ষাতো ৰিপাব্লিকান দলৰ প্ৰাৰ্থীগৰাকীয়ে এৰিজ’না, জৰ্জিয়া, মিচিগান, নেভাদা, নৰ্থ কেৰ’লিনা, পেনচিলভেনিয়া আৰু উইচকনচিন এই ৰাজ্য কেইখনত জয়ী হ’ব বুলি প্ৰকাশ পাইছে। 

সমীক্ষা অনুসৰি এৰিজোনাত ট্ৰাম্পে হেৰিছতকৈ ৫১.৯%ৰ পৰা ৪৫.১% আগবাঢ়ি আছে। নেভাদাত আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনত ৫১.৪% ভোটাৰে ট্ৰাম্পক বাছি লোৱাৰ বিপৰীতে ৪৫.৯% ভোটাৰে হেৰিছক বাছি লৈছিল৷ উত্তৰ কেৰ’লিনাত ট্ৰাম্পে ৫০.৪% ভোটেৰে অগ্ৰগতি লাভ কৰাৰ পৰিৱৰ্তে হেৰিছে ৪৬.৮% ভোটৰ অংশীদাৰিত্ব লাভ কৰা পৰিলক্ষিত হয়।

উল্লেখনীয় যে আমেৰিকাত ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰাজ্যৰসমূহক তিনি ভগত ভাগ কৰা হৈছে- ৰেড ষ্টেট, ব্লু-ষ্টেট আৰু ছুইং ষ্টেট।যিসমূহ ৰাজ্যত ১৯৮০ চনৰ পৰা ৰিপাব্লিকানসকলে ধাৰাবাহিকভাৱে জয়লাভ কৰি আহিছে সেই ৰাজ্যসমূহক ৰেড ষ্টেট , আনহাতে য’ত ১৯৯২ চনৰ পৰা ডেম’ক্ৰেটসকলে আধিপত্য বিস্তাৰ কৰিছে এই ৰাজ্য ব্লু ষ্টেট। এই ৰাজ্যসমূহে সাধাৰণতে নিৰ্বাচনৰ ফলাফলৰ ক্ষেত্ৰত পূৰ্বানুমানৰ বাবে যোগ্য বুলি গণ্য কৰা হয়। ইয়াৰ পৰিৱৰ্তে ছুইং ষ্টেট হৈছে য’ত ৰিপাব্লিকান আৰু ডেম’ক্ৰেটৰ মাজত খুব কম ব্যৱধান পৰিলক্ষিত হয়৷ ২৯ অক্টোবৰত প্ৰকাশিত ৰয়টাৰ্ছ/ইপছ’ছৰ এক সমীক্ষাত ডেম’ক্ৰেট দলে ৰিপাব্লিকান দলতকৈ এক শতাংশ পইণ্ট আগবাঢ়ি থকা পৰিলক্ষিত হৈছিল৷

উল্লেখযোগ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ভৰতীয়মূলৰ আমেৰিকান ভোটোৰসকলেও নিৰ্ণায়ক ভূমিকা পালন কৰে৷ এপিআই ডাটাৰ সমীক্ষা অনুসৰি আমেৰিকাত ভাৰতীয় আমেৰিকান জনসংখ্যা ১৯৮০ চনত ৩ লাখ ৮৭ হাজাৰৰ পৰা ২০২০ চনত ৪৪ লাখলৈ বৃদ্ধি হৈছে৷

আনহাতে ষ্টেটিষ্টা গৱেষণা বিভাগৰ দ্বাৰা ৫ জুলাই, ২০২৪ প্ৰকাশিত তথ্য অনুসৰি ২০২২ চনত আমেৰিকাত ভোটদানৰ বাবে ১৬১.৪২ মিলিয়ন লোকে পঞ্জীয়ন কৰিছিল। এই সংখ্যা পূৰ্বৰ নিৰ্বাচনৰ তুলনাত হ্ৰাস পোৱা দেখা গৈছে পূৰ্বে ১৬৮.৩১ নিযুত লোকে ভোটদানৰ বাবে পঞ্জীয়ন কৰিছিল।

কলিলৈ আমেৰিকাৰ ভৱিষ্যত নিৰ্ধাৰণ হ’ব আমেৰিকাৰ জনগণে৷ কোন হ’ব আমেৰিকাৰ পৰৱৰৰ্তি ৰাষ্ট্ৰপতি কমলা হেৰিছ নে ডোনাল্ড ট্রাম্প? কোনে লাভ কৰিব শাসনৰ বাঘজৰী? সমগ্ৰ বিশ্বৰ দৃষ্টি এতিয়া আমেৰিকাৰ ওপৰত!
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?