--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশত মহাৰাষ্ট্ৰ, আৰু ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনলৈ আৰু মাজত মাথোঁ কেইটামান দিন বাকী আছে৷ তাৰমাজতে দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে বিজেপি দলে। দিল্লীত বিজেপিয়ে নৱেম্বৰৰ শেষ সপ্তাহৰ পৰা ক্ষিপ্ৰতাৰে প্ৰচাৰৰ কাম কৰিব বুলি সদৰি কৰিছে। আৰু এসপ্তাহৰ ভিতৰত ৰাজ্যিক নিৰ্বাচনৰ পৰিচালনা সমিতি, প্ৰাৰ্থী বাছনি সমিতি আৰু ৰাজ্যিক মূল গোট গঠন কৰা হ’ব বুলিও সদৰি কৰিছে৷ 

দিল্লী বিধানসভা নিৰ্বাচনত বিজেপিয়ে শক্তিশালী আৰু ভাল ভাবমূৰ্তি থকা কাউন্সিলাৰক প্ৰক্ষেপ কৰিব বুলি জানিবলৈ দিছে। কলকাৰ যোগীতা সিং, বাবৰপুৰৰ পৰা মুকেশ বংশাল, মুণ্ডকাৰ গজেন্দ্ৰ দলালৰ দৰে শক্তিশালী কাউন্সিলাৰক বিধানসভা নিৰ্বাচনত টিকট প্ৰদান কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। এই লোকসভা নিৰ্বাচনত টিকট লাভ নকৰা দিল্লীৰ বহু প্ৰাক্তন সাংসদে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি সদৰি কৰিছে৷ 

প্ৰাপ্ত তথ্য অনুসৰি প্ৰাক্তন সাংসদ ৰমেশ বিধুৰী আৰু প্ৰবেশ ভাৰ্মাই বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাটো নিশ্চিত বুলি প্ৰকাশ কৰাৰ লগতে বিজেপিয়ে দিল্লী বিধানসভাৰ ৩ খন আসন মিত্ৰজোঁটৰ দলসমূহক এৰি দিয়াৰ চিন্তা চৰ্চা চলাইছে।খবৰ অনুসৰি এন ডি এৰ মিত্ৰ দল জে ডি ইউক দিল্লীত দুখন আসন আৰু এল জে পি ক এখন আসন দিয়া হ’ব পাৰে বুলি বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে। দিল্লীৰ সীমাপুৰী, বুৰাৰী আৰু সংগম বিহাৰ বিধানসভাৰ আসন জেডিইউ আৰু এলজেপিৰ দৰে মিত্ৰজোঁট দলক দিয়াৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে ২০২৫ চনৰ ২৩ ফেব্ৰুৱাৰীত সমাপ্ত হ’ব বৰ্তমানৰ দিল্লী বিধানসভাৰ কাৰ্যকাল। ইয়াৰ পূৰ্বে যিকোনো সময়তে নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰিব।সম্প্ৰতি দিল্লীত আম আদমী পাৰ্টিৰ চৰকাৰ আছে। শেহতীয়াকৈ অৰবিন্দ কেজৰিৱালে দিল্লীৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ পদত্যাগ কৰাৰ পিছত আতিশি দিল্লীৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হয়। দিল্লীৰ তৃতীয় মহিলা মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হয়৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?