--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতত বৃদ্ধি পাইছে মৃত্যুৰ ভাবুকি দি ধন দাবী কৰাৰ দৰে ঘটনাৰ৷ কিছু দিনৰ পূৰ্বে বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানলৈ আহিছিল মৃত্যুৰ ভাবুকি৷ ইয়াৰ পাছতে বলীউডৰ আনএগৰাকী তাৰকা অভিনেতা শ্বাহৰুখ খানলৈ আহিছে মৃত্যুৰ ভাবুকি অভিনেতাগৰাকীৰ প্ৰডাকচন কোম্পানী ৰেড চিলিছলৈ আহিছিল এই ভাবুকিমূলক ফোন। ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

শেহতীয়া খবৰ অনুসৰি অভিনেতাগৰাকীলৈ মৃত্যুৰ ভাবুকি প্ৰদানৰ আঁৰত থকা অপৰাধীক  ৰায়পুৰৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী। জানিব পৰা মতে ৫০ লাখ টকা নিদিলে মৃত্যুৰ ভাবুকি প্ৰদান কৰিছিল অভিনেতাগৰাকীক৷ 

ইয়াৰ পাছতে আৰক্ষীয়ে গোচৰ ৰুজু কৰে আৰু তদন্তত ভাবুকি প্ৰদান কৰা ফোনটো ৰায়পুৰৰ ফেইজান খানৰ নামত পঞ্জীয়ন থকা বুলি জ্ঞাত হোৱাৰ পাছত আৰক্ষী ৰায়পুৰত উপস্থিত হয় আৰু অভিযুক্তক আৰক্ষীয়ে নিজৰ জিম্মাত লয়৷ 

আৰক্ষীয়ে জেৰাত মৃত্যুৰ ভাবুকিৰ সৈতে জড়িত ফৈজান খানৰ ফোন ২ নৱেম্বৰত চুৰি হৈছিল বুলি কয় আৰু এই সন্দৰ্ভত এজাহাৰ দাখিল কৰিছিল বুলি তেওঁ দাবী কৰে৷  ইয়াৰ অপব্যৱহাৰ কৰি শ্বাহৰুখ খানক ভাবুকি দিছিল বুলি কয়৷

উল্লেখযোগ্য যে অভিনেতাগৰাকীলৈ ইয়াৰ পূৰ্বে ২০২৩ বৰ্ষতো মৃত্যুৰ ভাবুকি আহিছিল৷ যাৰ বাবে অভিনেতাগৰাকীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাই আৰক্ষীয়ে শ্বাহৰুখ খানক Y+ নিৰাপত্তা প্ৰদান কৰিছিল৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?