ডিজিটেল ডেস্ক : ঋতু পৰিৱৰ্তনৰ লগে লগে মানৱ শৰীৰত নানা ৰোগে দেখা দিবলৈ আৰম্ভ কৰে। এয়া প্ৰাকৃতিক পৰিঘটনা যদিও আমি সকলোৱে এই সময়ছোৱাত অকণমান সাৱধান হোৱা উচিত৷ ঋতু বা বতৰৰ পৰিৱৰ্তনৰ বাবে এই সময়ছোৱাত বতৰ শুকান হৈ পৰে বাবে বায়ুত প্ৰদূষিত হয়৷ যেতিয়া আমি বাহিৰলৈ যাওঁ তেতিয়াই শ্বাস-প্ৰশ্বাসৰ দ্বাৰা এনে প্ৰদূষিত বায়ু আমাৰ শৰীৰত প্ৰৱেশ কৰি ভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি কৰে৷ যাৰ ফলত এই সময়ছোৱাত জ্বৰ, চৰ্দি, কাঁহ, ছালৰ ৰোগ, এলাৰ্জি, চকুৰ ৰোগ আদি হোৱা দেখা যায়৷
আমি কেনেদৰে সাৱধান হোৱা উচিত-
১. এনে সমস্যাৰ পৰা নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ আমি যেতিয়াই বাহিৰলৈ ওলাই যাওঁ তেতিয়াই মাস্ক ব্যৱহাৰ কৰাটো অতি আৱশ্যক৷ মাস্ক ব্যৱহাৰ কৰাৰ ফলত জ্বৰ, চৰ্দি আদিকে ধৰি ৯০% ঋতুগত ৰোগৰ পৰা হাত সাৰিব পৰা যায়৷
২.শুকান বতৰৰ বাবে আমাৰ ছালো শুষ্ক হোৱা পৰিলক্ষিত হয়৷ সেয়ে দৈনিক ছালখন ময়শ্বৰাইজ কৰি ৰখা খুবেই দৰকাৰ৷
৩.এই সময়ছোৱাত সম্ভৱ অনুসৰি সতেজ শাক-পাচলি, ফলমূল আদি খাদ্য গ্ৰহণ কৰাৰ লগতে মাছ-মাংস আদি খোৱা উচিত৷ এই সময়ছোৱাত বাৰ্ডফ্লু হোৱা দেখা যায়৷ সেয়ে মাংস খোৱাৰ আগতে সাৱধান হোৱা উচিত।
৪.নিয়মিতভাৱে খাদ্য গ্ৰহণ কৰাৰ উপৰি পৰিমাণতকৈ অধিক খাদ্য গ্ৰহণ কৰা অনুচিত।
৫.শৰীৰটোক সদায় হাইড্ৰেট কৰি ৰখাৰ লগতে অধিক পৰিমাণে পানী গ্ৰহণ কৰা উচিত।