ডিজিটেল ডেস্ক: ভাৰতীয়মূলৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী কমলা হেৰিছক পৰাস্ত কৰি দ্বিতীয় বাৰৰ বাবে ৰাষ্ট্ৰপতিৰ পদত আধিস্থিত হ’ল ডনাল্ড ট্ৰাম্প৷ ট্ৰাম্প ৰাষ্ট্ৰপতি পদত অধিস্থিত হোৱাৰ লগে লগেই উত্থান পৰিলক্ষিত হ’ল আমেৰিকাৰ শ্বেয়াৰ বজাৰত৷একেই উত্থান পৰিলক্ষিত হ’ল ভাৰতৰ শ্বেয়াৰ বজাৰতো৷
আমেৰিকাৰ শ্বেয়াৰ বজাৰত উত্থানৰ মাজতে টেছলাৰ শ্বেয়াৰ ১৫ শতাংশ ওপৰলৈ উঠে আৰু ইলন মাস্কে মাত্ৰ ২৪ ঘন্টাত তেওঁ ২ লাখ কোটিৰো অধিক টকা অৰ্জন কৰে। টেছলাৰ উপৰিও ট্ৰাম্পৰ নিজা মিডিয়া কোম্পানী ট্ৰাম্প মিডিয়া এণ্ড টেকন’লজি গ্ৰুপেৰো শ্বেয়াৰ ৩০% বৃদ্ধি পাইছিল৷ সম্ভাৱ্য ট্ৰাম্প প্ৰশাসনৰ অনুকূল নীতিৰ আশাৰ মাজতে ক্ষুদ্ৰ মূল্যৰ, ঘৰুৱা কেন্দ্ৰিক ষ্টকসমূহৰ বাবে এই উত্থান পৰিলক্ষিত হয়।
ইফালে ড’নাল্ড ট্ৰাম্পৰ বিজয়ে ডাউ জ’নছৰো ১৫০৮ পইণ্ট বা ৩.৫৭ শতাংশ বৃদ্ধি পাই ৪৩,৭২৯ পইণ্টত উপনীত হয়। এছ এণ্ড পি ৫০০ ও ২.৫৩ শতাংশলৈ বৃদ্ধি পায় ইয়াৰ লগতে নাছডাক-ইও প্ৰায় ৩ শতাংশলৈ বৃদ্ধি। এইদৰে আমেৰিকাৰ বজাৰত বহু কোম্পানীৰ শ্বেয়াৰে অভিলেখ সৃষ্টি কৰিলে৷ যাৰ বাবে ইলন মাস্কৰ পৰা আৰম্ভ কৰি জেফ বেজোছলৈকে সকলোৰে সম্পত্তি যথেষ্ট বৃদ্ধি পায়।
ট্ৰাম্পৰ বিজয়ে সৰ্বাধিক লাভৱান হয় বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি ইলন মাস্ক৷ ব্লুমবাৰ্গ বিলিয়নাৰ সূচকাংক অনুসৰি ইলন মাস্কৰ নেট ৱৰ্থ ২৬.৫ বিলিয়ন ডলাৰতকৈ অধিক বৃদ্ধিৰে ইলন মাস্কৰ সম্পত্তি ২৯০ বিলিয়ন ডলাৰলৈ বৃদ্ধি পায়।