--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ ষ্টাৰ্টআপ কোম্পানীবোৰে এখনৰ পাছত এখন নতুন ইলেক্ট্ৰিক বাইক মুকলি কৰি আছে। তেনে এটা কোম্পানী ওবেন ইভি(Oben EV)-য়ে এতিয়া এক লাখ টকাতকৈও কম মূল্যত ইয়াৰ বৈদ্যুতিক মটৰ বাইক মুকলি কৰিছে। বাইখনৰ নাম দিয়া হৈছে-ওবেন ৰোৰ(Oben Rorr)।এই বাইকখনৰ বিশেষত্ব কি জানো আহক।

এবাৰ চাৰ্জত ২০০ কিঃমি

ওবেন ৰোৰত কোম্পানীটোৱে ৪.৪ কিলোৱাট লিথিয়াম-আয়ন বেটাৰী প্ৰদান কৰিছে। ইয়াৰ লগত এটা ১০ কিলোৱাট বৈদ্যুতিক মটৰ থাকে যিয়ে ৬২এনএমৰ শীৰ্ষ টৰ্ক সৃষ্টি কৰে। এই বেটাৰীয়ে এটা চাৰ্জত ২০০ কিলোমিটাৰ দূৰত্বলৈকে যাব পাৰিব। ইয়াৰ বেটাৰি সম্পূৰ্ণৰূপে চাৰ্জ হ'বলৈ মাত্ৰ 2 ঘণ্টা সময় লাগে। ইলেক্ট্ৰিক বাইক

৩ ছেকেণ্ডতে গতি হয় তীব্ৰ

এই বাইকখনে মাত্ৰ ৩ ছেকেণ্ডত ০ ৰ পৰা ৪০ কিলোমিটাৰ পিকআপ লয়। একে সময়তে ইয়াৰ শীৰ্ষ গতি হৈছে প্ৰতি ঘণ্টাত ১০০কিঃমি। ইয়াত ৩ ৰাইডিং মোড Eco.City আৰু Havoc আছে। এই বাইকখন ডিজাইন কৰাৰ ক্ষেত্ৰত এৰোডাইনেমিক্সৰ বিশেষ যত্ন লোৱা হৈছে। ইয়াৰ বেটাৰী এনেদৰে লগোৱা হৈছে যাতে ই বাইকখনৰ গতি বজাই ৰখাত সহায় কৰে। ই সম্পূৰ্ণৰূপে ৱাটাৰপ্ৰুফ। ইয়াৰ বাহিৰেও ইয়াত ২৩০ মিমি গ্ৰাউণ্ড ক্লিয়াৰেন্স, চুৰি সুৰক্ষা, ড্ৰাইভাৰ এলাৰ্ট চিষ্টেম সংযোজিত সুবিধা আছে। ইয়াত এলইডি লাইট, টেলিস্কোপিক ফৰ্ক, ব্লেক এলয় হুইল আৰু ডিজিটেল মিটাৰ কনচৌল আছে। দুয়োটা চকাতে ডিস্ক ব্ৰেকো আছে। কোম্পানীটোৱে ৩ বছৰ লৈকে বা ৬০,০০০ কিলোমিটাৰ পৰ্যন্ত ৱাৰেণ্টি আগবঢ়াইছে। ইলেক্ট্ৰিক বাইক

ওবেন ৰোৰৰ বুকিং কাইলৈৰ পৰা আৰম্ভ হ'ব

ইয়াৰ এক্স-শ্ব'ৰুমমূল্য হৈছে ৯৯,৯৯৯ টকা। এই মূল্য ৰাজ্যসমূহৰ ৰাজসাহায্য আৰু এফএএম-2ৰ পাছৰ মূল্য। ইয়াত অন্তৰ্ভুক্ত আছে জিএছটি, আনহাতে বীমা, পথ কৰ আৰু পঞ্জীয়ন মাচুল। কোম্পানীটোৱে হোলী উপলক্ষে ইয়াৰ বুকিং আৰম্ভ কৰিবলৈ গৈ আছে। কোম্পানীৰ ছাইটলৈ গৈ ১৮ মাৰ্চৰ পৰা মাত্ৰ ৯৯৯ টকাত বুক কৰিব পাৰিব ইলেকট্ৰিক বাইকখন। আৰু পঢ়কঃ দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হবলৈ সাজু;২১ মাৰ্চত শপত ল’ব যোগী আদিত্যনাথে BFC Banner
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?