--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কংগ্ৰেছৰ আভ্যন্তৰীণ কলহে এতিয়া ব্যাপক ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে। এফালে, গান্ধী পৰিয়াল আৰু তেওঁলোকৰ অনুগত শীৰ্ষ নেতৃত্ব আৰু আনফালে কংগ্ৰেছত নেতৃত্বৰ পৰিৱৰ্তন বিচৰা জ্যেষ্ঠ নেতাসকল। এই দুই পক্ষৰ মুকলি সংঘাতে এতিয়া দলটোৰ তলৰ পৰ্যায়ৰ নেতা কৰ্মীক অসন্তুষ্ট আৰু হতাশ কৰি তোলা পৰিলক্ষিত হৈছে। দলটো পুনৰ বিভাজিত হোৱাৰো আশংকা দেখিবলৈ পোৱা গৈছে। গোলাম নবী আজাদৰবুধবাৰে, জ্যেষ্ঠ কংগ্ৰেছ নেতা গোলাম নবী আজাদৰ ঘৰত এখন বিশেষ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত দলটোৰ বিসম্বাদী নেতাসকল মিলিত হৈ দলটোৰ ভৱিষ্যতক লৈ উদ্বিগ্নতা প্ৰকাশ কৰাৰ লগতে, কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই যিধৰণে দলটো পৰিচালনা কৰিছে তাক লৈ অসন্তুষ্টি ব্যক্ত কৰিছে। কপিল ছিবাব, ভূপিন্দৰ হুডা, শশী থাৰুৰ, আনন্দ শৰ্মা আদিৰ দৰে জ্যেষ্ঠ নেতা উপস্থিত থকা এই বৈঠকত গান্ধী পৰিয়ালৰ নেতৃত্বৰ প্ৰতি মুকলিকৈ অসন্তুষ্টি ব্যক্ত কৰা পৰিলক্ষিত হয়। অৱশ্যে দলটোত বিভাজন অনাৰ পক্ষপাতী নহয় এইসকল নেতা। পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ শোচনীয় পৰাজয় পাছত কংগ্ৰেছৰ বিসম্বাদী নেতাসকলৰ এই বৈঠকে ব্যাপক চৰ্চা লাভ কৰিছিল আৰু কংগ্ৰেছ পুনৰ বিভক্ত হ’ব পাৰে বুলি আশংকা কৰা হৈছিল। কিন্তু সেই আশংকা নস্যাৎ কৰি দলৰ নেতাসকলে কয় যে, দল বিভাজিত হ’লে পুনৰ ঠন ধৰি উঠিবলৈ সক্ষম নহ’ব দলটো। তাৰ সলনি তেওঁলোকে সামূহিক নেতৃত্বৰ প্ৰসংগ উত্থাপন কৰে। গোলাম নবী আজাদৰনেতৃত্বৰ পুনৰ নিৰ্বাচনৰ দাবীক লৈ যথেষ্ট সৰৱ হৈ থকা জি-২৩ নেতাসকলে বৈঠকৰ পাছত কয় যে ‘কংগ্ৰেছৰ বাবে আগবাঢ়ি যোৱাৰ একমাত্ৰ পথ হৈছে সকলো স্তৰতে সামূহিক আৰু সামগ্ৰিক নেতৃত্ব আৰু সিদ্ধান্ত গ্ৰহণৰ এক আৰ্হি গ্ৰহণ কৰা।’ বিজেপিক প্ৰত্যাহ্বান জনোৱাৰ বাবে নিজে গা টঙাই লোৱাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি নেতাসকলে কয় যে, ২০২৪ৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সমভাৱাপন্ন শক্তিবোৰৰ সৈতে কথা পতা আৰম্ভ কৰিব লাগে আৰু এটা শক্তিশালী বিকল্প সৃষ্টিৰ প্ৰচেষ্টা নেতৃত্বই কৰিব লাগে। তাৎপৰ্যপূৰ্ণভাৱে দলটোৰ জ্যেষ্ঠ নেতা শংকৰ সিং বাঘেলাই ৰাহুল গান্ধীৰ ওপৰত তেওঁলোকৰ বিশ্বাস নাই বুলি চাঞ্চল্যকৰ মন্তব্য কৰে। ‘ৰাহুল গান্ধীৰ ওপৰত আমাৰ বিশ্বাস নাই। আজাদে ছোনিয়া গান্ধীক সাক্ষাৎ কৰি তেওঁক আমাৰ দাবীসমূহ জনাব। নতুন নেতৃত্ব আহিব লাগে। আমি কংগ্ৰেছৰ উন্নতি বিচাৰোঁ। আন নেতাসকলে সোনকালেই আমাৰ সৈতে যোগ দিব।’ তেওঁৰ এই মন্তব্য তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। কংগ্ৰেছৰ এই বিসম্বাদী শিবিৰৰ বল বৃদ্ধি পাই গৈ থকাটো গান্ধী নেতৃত্বৰ প্ৰতি প্ৰত্যাহ্বান হৈ পৰিলেও কংগ্ৰেছৰ বাবে শুভ লক্ষণো বিবেচিত হ’ব পাৰে বুলি মন্তব্য কৰিছে একাংশ ৰাজনৈতিক বিশ্লেষকে। উল্লেখ্য যে, বৃহস্পতিবাৰে ১০ জনপথত দলৰ মুৰব্বী ছোনিয়া গান্ধীক লগ কৰাৰ সম্ভাৱনা আছে। ইফালে, জি-২৩ গোটৰ বৈঠকত বিতং তথ্য প্ৰকাশ কৰি এটা সূত্ৰই কয়, ইয়াৰ নেতাসকলে দলটো বিভাজনৰ পক্ষপাতী কোনোপধ্যে নহয়। নেতৃত্বৰ সংস্কাৰ আৰু গতিশীলতাহে তেওঁলোকৰ কাম্য। এতিয়া গান্ধী পৰিয়ালে এই বৈঠকক কিদৰে গ্ৰহণ কৰে সেয়া তাৎপৰ্যপূ্ৰ্ণ বিবেচিত হ’ব। BFC Banner
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?