--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: লোকসভা নিৰ্বাচনত ৰাহুল গান্ধীয়ে সংবিধান সংকটত পৰিছে বুলি ভুৱা বাতৰি প্ৰচাৰ কৰি ভোট লৈ সংৰক্ষণ ব্যৱস্থাৰ অন্ত পেলোৱাৰ পোষকতা কৰিছে বুলি অভিযোগ উত্থাপন কৰি উত্তেজিত হৈ পৰে মহাৰাষ্ট্ৰৰ শিৱসেনাৰ বিধায়ক সঞ্জয় গাইকৱাড়। ৰাহুল গান্ধীৰ প্ৰতি আক্ৰমণাত্মক হৈ বিধায়ক গৰাকীয়ে ৰাহুল গান্ধীৰ জিভা কাটিলে ১১ লাখ টকাৰ পুৰস্কাৰ দিব বুলি কৰা আপত্তিজনক মন্তব্যৰ বাবে উত্তেজনাৰ সৃষ্টি হৈছে ৰাজনৈতক ক্ষেত্ৰখনত৷

কংগ্ৰেছ দলক কঠোৰ সমালোচনা কৰি শিৱসেনাৰ বিধায়কগৰাকীয়ে কয় ‘তেঁওলোকে পিছপৰা লোক তথা জনজাতীয় লোকৰ সংৰক্ষণৰ ব্যৱস্থাৰ বিলুপ্তি ঘটোৱাৰ কথা কৈছে৷ কংগ্ৰেছ দলে সংৰক্ষণৰ অন্ত পেলোৱাৰ যি হেঁপাহ দেখুৱাইছে তাৰ পৰা কংগ্ৰেছৰ প্ৰকৃত স্বৰূপ ওলাই পৰিছে বুলি কোৱাৰ লগতে কয় ৰাহুল গান্ধীয়ে সংবিধান ধ্বংশ কৰাৰ কথা কৈছে, পিছপৰা লোকৰ মুখৰ ভাত কাঢ়ি নিয়াৰ কথা কৈছে তেওঁক মই প্ৰত্যাহবান জনাই ৰাহুল গান্ধীৰ জিভা কাটিলে ১১ লাখ টকা দিম বুলিও মন্তব্য কৰে৷’ 

ইয়াৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা ৰৱনীত সিং বিট্টুৱে ৰাহুল গান্ধীক কটাক্ষ কৰি দেশৰ এক নম্বৰ সন্ত্ৰাসবাদী বুলি অভিহিত কৰিছে।সম্প্ৰতি বিৰোধী দলৰ নেতা ৰাহুল গান্ধীৰ ওপৰত এনে দৰে উপৰ্যুপৰি আক্ৰমাণাত্মক হৈ পৰা পৰিলক্ষিত হৈছে বিপক্ষৰ নেতা সকল৷ প্ৰশ্ন হয় যে বিৰোধী দলৰ নেতা ৰাহুল গান্ধীক আক্ৰমণৰ লক্ষ্য কৰি লোৱাটোৱে কি সূচায়? ৰাহুল গান্ধীক লৈ শংকিত হৈছে নেকি বিপক্ষ!
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?