--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সোমবাৰে প্ৰাক্তন বিত্তমন্ত্ৰী তথা কংগ্ৰেছৰ জেষ্ঠ নেতা পি.চিদাম্বৰমে এক সংবাদমেল সম্বোধন কৰি কংগ্ৰছৰ আগন্তুক পৰিকল্পনাৰ ওপৰত আলোকপাত কৰাৰ লগতে বিজেপি চৰকাৰৰ কাৰ্যকলাপ তথা নীতিৰ ওপৰত কঠোৰ সমালোচনা কৰে৷ কংগ্ৰেছৰ জেষ্ঠ নেতা গৰাকীয়ে বিজেপি নেতৃত্বাধীন এন.ডি.এক কটাক্ষ কৰি কয় যে সম্প্ৰতি ভাৰতীয় সংবিধানৰ অধীনত ভাৰতত এক দেশ এক নিৰ্বাচন অসম্ভৱ৷ এই নীতি কাৰ্যকৰী কৰিবলৈ প্ৰয়োজন হ’ব পাঁচটাকৈ সংবিধান সংশোধনীৰ৷ 

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কংগ্ৰেছৰ জেষ্ঠ নেতাগৰাকীয়ে কয় যে সম্প্ৰতি ভাৰতীয় সংবিধানৰ অধীনত এক দেশ এক নিৰ্বাচন সম্ভৱ নহয় তাৰ বাবে প্ৰয়োজন হ’ব পাঁচটাকৈ সংবিধান সংশোধনী৷ ইয়াৰ বাবে বৰ্তমানৰ কাৰ্যকালৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাতত সেই সাংবিধানিক সংশোধনীসমূহ আনিবৰ বাবে ৰাজ্যসভা বা লোকসভাত এনডিএৰ একক সংখ্যাগৰিষ্ঠতা নাই৷

স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ মোদীয়ে উল্লেখ কৰিছিল যে ‘সঘনাই নিৰ্বাচন অনুষ্ঠিত কৰি থকাৰ বাবে দেশৰ বিকাশত বাধাৰ সৃষ্টি কৰিছে৷ সেয়ে এক দেশ এক নিৰ্বাচন পোষকতা কৰা হৈছে’৷ মোদী চৰকাৰৰ এই নীতি ৰূপায়ন সাংবিধানিক ভৱে অসম্ভৱ বুলি মন্তব্য কৰে কংগ্ৰেছৰ জেষ্ঠ নেতা পি.চিদাম্বৰমে৷ আৰু ইণ্ডিয়া গোটবন্ধনে এক দেশ এক নিৰ্বাচন সম্পূৰ্ণৰূপে নাকচ কৰিছে৷আৰু প্ৰধানমন্ত্ৰী মোদীয়ে কংগ্ৰেছ দলে সংৰক্ষণ ব্যৱস্থাক অস্বীকাৰ কৰিব বিছাৰে বুলি কৰা আভিযোগ নাকচ কৰি, ‘আমি  ৫০ শতাংশ সংৰক্ষণৰ সীমা আঁতৰ কৰাৰ লগতে  জাতিৰ লোকপিয়লৰ দাবী জনাই আহিছো। সংৰক্ষণ জনসংখ্যা অনুযায়ী হ'ব লাগে বুলি হে দাবী কৰি আহিছো৷’কংগ্ৰেছৰ জেষ্ঠ নেতাগৰাকীয়ে৷ 

উল্লেখযোগ্য যে মোদী চৰকাৰৰ এই নীতিৰ প্ৰতি ৪৭ টা ৰাজনৈতিক দলে সহাৰি জনোৱাৰ পৰিৱৰ্তে ৩২ টা ৰাজনৈতিক দলে সমৰ্থন আগবঢ়াইছিল আৰু ১৫ টা ৰাজনৈতিক দলে এই নীতিৰ বিৰোধীতা কৰিছিল৷বিৰোধীয়ে এই নীতি ৰাজনৈতিক লাভালাভৰ বাবে আনিব বিচাৰা হৈছে বুলি বিৰোধীসকলে সমালোচনা কৰিছে৷ 
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?